গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পুতি থৈ পলায়ন পিতৃসহ পৰিয়ালৰ লোক

author img

By

Published : Sep 21, 2022, 10:53 PM IST

Updated : Sep 23, 2022, 4:43 PM IST

গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পুতি থৈ পলায়ন পিতৃসহ পৰিয়ালৰ লোক

অনাৰ কিলিঙৰ বলি হ’ল ডিফুৰ বকলীয়াঘাটৰ ১৬ বছৰীয়া কিশোৰী ৷ গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পিতৃ, খুড়াক আৰু বৰদেউতাকে মিলি পুতি থ’লে মৃতদেহ (Honour killing in Diphu) ৷

ডিফু, ২১ ছেপ্টেম্বৰ: অবৈধ গৰ্ভপাতৰ বাবেই অনাৰ কিলিঙৰ বলি হ’ল বকলীয়াঘাট চূণপোৰা গাঁৱৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী ৷ যোৱা ১৬ ছেপ্টেম্বৰত বকলীয়াঘাট চূণপোৰা বিহাৰী গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ড (Honour killing in Diphu)৷

পিতৃ, খুড়াক আৰু বৰদেউতাকে মিলি বাৰীৰ পাছফালে কুঁহিয়াৰ বাৰীত পুতি ৰাখিছিল ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ ৷ তাৰ পাছত পিতৃ অংগদ সিং বিহাৰলৈ পলাই গৈছিল ৷ প্ৰথমতে পিতৃ অংগদ সিঙে নিজ জীয়ৰীক হত্যা কৰি মাটিত পুতি থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল যদিও ঘটনাই সম্প্ৰতি নতুন ৰূপ ধাৰণ কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি মৃত্যুৰ সময়ত কিশোৰীগৰাকী পাঁচমাহৰ অন্তঃসত্বা আছিল ৷ ১৩ ছেপ্টেম্বৰত কিশোৰীগৰাকীক গৰ্ভপাত কৰোৱাবলৈ পৰিয়ালৰ লোকে বকলীয়াঘাটৰ চিকাৰী গেটৰ হোমিঅ' ফাৰ্মাছিষ্ট চিয়াৰাম যাদৱৰাইৰ ওচৰলৈ গৈছিল ৷ যাদৱে কিশোৰীগৰাকী এটা বেজী দিয়াৰ পাছতেই তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰে ৷ পাছদিনা কিশোৰীগৰাকীৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকসকল বিবুধিত পৰে(Death after abortion in Diphu)৷

লোক নিন্দা আৰু কলংকৰ পৰা হাত সাৰিবৰ বাবে কিশোৰীগৰাকীৰ পিতৃৰ লগতে বৰদেউতাক, খুড়াকে কৌশল ৰচনা কৰে ৷ কিশোৰীগৰাকীক সকলোৰে অজ্ঞাতে বাৰীৰ পাছফালে গাঁত খান্দি পুতি পৰিয়ালটো বিহাৰলৈ পলাই যায় ৷ লগতে বিহাৰলৈ জীয়ৰীক বিয়া দিয়া বুলি প্ৰচাৰ চলোৱাৰ পৰিকল্পনা কৰে ৷ পিছে কিশোৰীগৰাকীৰ পিতৃয়ে কৰা পৰিকল্পনা সফল নহ’ল ৷ যথাসময়ত আৰক্ষীয়ে হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয় ৷

ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত কিশোৰীগৰাকীৰ বৰদেউতাক-বৰমাক, খুড়াক-খুড়ীয়েকক আৰক্ষীয়ে কৰায়ত্ব কৰি জে’ললৈ প্ৰেৰণ কৰিছে ৷ কিশোৰীগৰাকীৰ পিতৃকো আৰক্ষীয়ে আটক কৰি ইতিমধ্যে মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য, বৃহত্তৰ বকলীয়াঘাটৰ ভিতৰুৱা গাঁওসমূহত সম্প্ৰতি কাঠফুলাৰ দৰে অসংখ্য অবৈধ ফাৰ্মাছী গঢ়ি উঠিছে(Illegal pharmacy at Bakaliaghat) ৷ প্ৰশাসনে উক্ত বিষয়ত শীঘ্ৰে বিহিত ব্যৱস্থা নল’লে অনাগত দিনত পুনৰ এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহত্যা

Last Updated :Sep 23, 2022, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.