গোলাঘাটত সোপাধৰাৰ আতংক; এজনক আটক

author img

By

Published : Sep 22, 2022, 8:52 AM IST

গোলাঘাটত সোপাধৰাৰ আতংক, এজনক আটক

গোলাঘাট জিলাত সোপাধৰাৰ সন্দেহত স্থানীয় ৰাইজে আটক কৰে এজনক । আটকাধীন লোকজন উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বাসিন্দা লক্ষণ বুলি জানিব পৰা গৈছে ৷

গোলাঘাট, 22 ছেপ্টেম্বৰ: ৰাজ্যত ইটোৰ পিছত সিটো সোপাধৰাৰ খবৰে বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়তে বুধবাৰে বিয়লি গোলাঘাটৰ বৰজানত সোপাধৰাই আতংকৰ সৃষ্টি কৰিছে (Panic situation in Golaghat,) ৷ সোপাধৰাৰ সন্দেহত স্থানীয় ৰাইজে আটক কৰে এজনক (one arrested in golaghat)।

বিগত তিনিদিন ধৰি বৰজান অঞ্চলত এজন অচিনাক্ত লোক ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল ৷ পৰৱৰ্তী সময়ত লোকজনৰ গতিবিধি দেখি বুধবাৰে বিয়লি স্থানীয় ৰাইজে লোকজনক আটক কৰে ৷

সোপাধৰাৰ সন্দেহত আটক কৰা লোকজন উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বাসিন্দা লক্ষণ বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে লক্ষণক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ ইফালে লোকজনে সদৰী কৰা অনুসৰি তেওঁ ফুৰিবলৈ হে আহিছিল অঞ্চলটোলৈ ৷ নিজকে কিছু মানসিক বিকাৰগ্ৰস্ত বুলি ক'ব বিচাৰে লোকজনে ।

কিন্তু লোকজন উত্তৰ প্ৰদেশৰ পৰা গোলাঘাটৰ বৰজানলৈ আহি কিয় ৰাজপথত ঘুৰি ফুৰিছিল সেইয়াই বৰ্তমান সৃষ্টি কৰিছে ৰহস্যৰ ৷ গোলাঘাট আৰক্ষীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়তে সম্প্ৰতি ৰাখিছে ।

লগতে পঢ়ক: নগাঁৱৰ ছিলঙনীত উদ্ধাৰ এটি দেৱশিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.