ETV Bharat / state

Accident of MLA car: ভাস্কৰ শৰ্মাৰ পৰিয়ালক খাৱৈত পেলাই দিয়াৰ ভাবুকি চালক ৰূপম দত্তৰ

author img

By

Published : Apr 12, 2023, 11:19 AM IST

যোৱা ৬ এপ্ৰিলৰ নিশা ভাস্কৰ শৰ্মাৰ AS 01 EK 2084 নম্বৰৰ বিলাসী বাহনখনে সংঘটিত কৰিছিল এক দুৰ্ঘটনা (Allegation of AADNBA against MLA Bhaskar Sarma)। উক্ত দুৰ্ঘটনাত নিহত নৃপেন শইকীয়াৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী সদৌ অসম দিবা নৈশ বাছ সন্থাৰ ।

All Assam Day Night Bus Association
সদৌ অসম দিবা নৈশ বাছ সন্থা

সদৌ অসম দিবা নৈশ বাছ সন্থা

গুৱাহাটী, ১২ এপ্ৰিল:"বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়াল মোৰ বাছত উঠিলে মই বাছৰ সৈতে খাৱৈত পেলাই দিম । তেতিয়া কিমান বীমা কৰে কৰি থাকিব ।" বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়ালক এইদৰে ভাবুকি প্ৰদান কৰিছে সদৌ অসম দিবা নৈশ বাছ সন্থাই (Press Meet of All Assam Day Night Bus Association)। বাছচালক নৃপেন শইকীয়াৰ মৃত্যুক লৈ বুধবাৰে আন্তঃৰাজ্যিক বাছ টাৰ্মিনাসত (Inter State Bus Terminus) আয়োজিত এক সংবাদমেল সম্বোধন কৰে সদৌ অসম দিবা নৈশ বাছ সন্থাৰ সদস্য ৰূপম দত্তই এইদৰে বিধায়ক ভাস্কৰ শৰ্মাৰ পৰিয়ালক সকীয়াই দিয়ে (Threatening to MLA Bhaskar Sharmas family)।

সদৌ অসম দিবা নৈশ বাছ সন্থাৰ সদস্য ৰূপম দত্তই কয় যে বিধায়ক ভাস্কৰ শৰ্মাৰ বাহন খুন্দাত নিহত হৈছিল নৃপেন শইকীয়াৰ (Accident of MLA car at Golaghat) । যোৱা ৬ এপ্ৰিলৰ নিশা ভাস্কৰ শৰ্মাৰ AS 01 EK 2084 নম্বৰৰ বিলাসী বাহনখনে সংঘটিত কৰিছিল এই দুৰ্ঘটনাটো । উক্ত দুৰ্ঘটনা সংঘটিত কৰা বিলাসী বাহনখনৰ নাছিল বীমা । বেক ডেটত বাহনৰ বীমা কৰি বাহনখন থানাৰ পৰা উলিয়াই নিছিল বিধায়ক ভাস্কৰ শৰ্মাই । প্ৰথমতে আৰক্ষীয়ে পৰিয়ালৰ গোচৰ লোৱা নাছিল । নৃপেন শইকীয়াৰ পৰিয়ালৰ লোকক বিভিন্ন ধৰণৰ ভয় আৰু প্ৰলোভন দেখুওৱাৰ অভিযোগ কৰা বুলিও তেওঁ কয় । ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত পৰৱৰ্তী সময়ত দেৰগাঁও থানাত এটা গোচৰ ৰুজু কৰে ।

তেওঁ পুনৰ কয় যে দেৰগাঁও থানাৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । ইয়াৰ পিচতেই চালকে আত্মগোপন কৰে । যোৱা ৯ এপ্ৰিলত মাৰ্ঘেৰিটা থানাত বাহনসহ আত্মসমৰ্পণ কৰি ১০ এপ্ৰিলত বাহনখন এমভি আই কৰি উলিয়াই নিয়ে বুলি অভিযোগ কৰে সদৌ অসম দিবা নৈশ বাছ সন্থাৰ সদস্য ৰূপম দত্তই । সেয়েহে এতিয়া নৃপেন শইকীয়াৰ পৰিয়ালক ন্যায় প্ৰদানৰ লগতে পৰিয়ালক সংস্থাপন দিবলৈ আহ্বান জনাইছে অসম দিবা নৈশ বাছ সন্থাই ।

লগতে পঢ়ক:Tips to stay healthy: ৩টা উপায়েৰে দূৰ কৰক ৫০ বছৰৰ পিচত মহিলাৰ হাৰ্ট এটেক-ষ্ট্ৰোকৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.