ETV Bharat / bharat

Tips to stay healthy: ৩টা উপায়েৰে দূৰ কৰক ৫০ বছৰৰ পিচত মহিলাৰ হাৰ্ট এটেক-ষ্ট্ৰোকৰ সম্ভাৱনা

author img

By

Published : Apr 12, 2023, 10:18 AM IST

৫০ বছৰৰ ওপৰৰ মহিলাৰ গুৰুতৰ ৰোগ যেনে হৃদৰোগ, ষ্ট্ৰোক, টাইপ ২ ডায়েবেটিছৰ লগতে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায় । এনে পৰিস্থিতিত নিজকে সুস্থ কৰি ৰাখিবলৈ তলত দিয়া টিপছসমূহ অনুসৰণ কৰিব পাৰে ৷

After 50 the risk of heart attack and stroke increases in women keep yourself healthy in these 3 ways
৩টা উপায়েৰে দূৰ কৰক ৫০ বছৰৰ পিছত মহিলাৰ হাৰ্ট এটেক-ষ্ট্ৰোকৰ সম্ভাৱনা

৫০ বছৰৰ পাচতো সুস্থ হৈ থকাটো জীৱনৰ উচ্চ মান বজাই ৰাখিবলৈ আৰু ৰোগৰ সম্ভাৱনা কম কৰিবলৈ গুৰুত্বপূৰ্ণ (Healthy Tips) । ৫০ বছৰ বয়সৰ পিচত শৰীৰত এনে পৰিৱৰ্তন ঘটে যিয়ে আমাক স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি অধিক দুৰ্বল কৰি তোলে ৷ যেনে পেশীৰ ভৰ কমি যোৱা, হাড় দুৰ্বল হোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা । ৫০ বছৰৰ ওপৰৰ মহিলাৰ গুৰুতৰ ৰোগ যেনে হৃদৰোগ, ষ্ট্ৰোক, টাইপ ২ ডায়েবেটিছ আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি । এনে পৰিস্থিতিত নিজকে সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় (6 signs of heart attack a month before)। তলত উল্লেখ কৰা তিনিটা নিয়ম মানি চলক আৰু সদায় সুস্থ হৈ থাকক-

স্বাস্থ্যসন্মত খাদ্য

বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰত কম কেলৰিৰ প্ৰয়োজন হয়, কিন্তু তথাপিও আমাক পুষ্টিকৰ উপাদানৰে সমৃদ্ধ সুষম খাদ্যৰ প্ৰয়োজন (Healthy Tips For Women) । খাদ্যত প্ৰচুৰ পৰিমাণে ফল-মূল, শাক-পাচলি, গোটা শস্য, লীণ প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বি অন্তৰ্ভুক্ত কৰক । প্ৰচেছড ফুড, চেনিযুক্ত পানীয় আৰু চেচুৰেটেড ফেটৰ সেৱন সীমিত কৰক । চিকিৎসক বা ডায়েটিচিয়ানৰ লগত কথা পাতি আপোনাৰ বাবে ডায়েট প্লেন বনাব পাৰে(female heart attack statistics by age)।

নিয়মিত ব্যায়াম

নিয়মিত ব্যায়ামে ৫০ বছৰৰ ওপৰৰ মহিলাসকলক সুস্থ ওজন বজাই ৰখাত সহায় কৰিব পাৰে ৷ লগতে, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে । দৈনিক কমেও আধা ঘণ্টা ব্যায়াম কৰাৰ লক্ষ্য ৰাখক । যিকোনো নতুন ব্যায়ামৰ কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে সদায় চিকিৎসকৰ পৰামৰ্শ লওক ।

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক

বয়স বঢ়াৰ লগে লগে কিছুমান স্বাস্থ্যজনিত অৱস্থাৰ বাবে আপোনাৰ আশংকা বৃদ্ধি পায় । চিকিৎসকৰ সৈতে নিয়মীয়াকৈ পৰীক্ষা কৰাওক আৰু সেই অৱস্থাসমূহ আগতীয়াকৈ চিনাক্ত কৰি নিয়ন্ত্ৰণ কৰক । মেম’গ্ৰাম, কলনস্কপি আৰু হাড়ৰ ঘনত্ব স্কেনৰ দৰে স্ক্ৰীনিং কৰাটো নিশ্চিত কৰক । আপোনাৰ যিকোনো লক্ষণ বা চিন্তাৰ বিষয়ে চিকিৎসকৰ সৈতে কথা পাতক, আৰু প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰিব। পৰ্যাপ্ত পৰিমাণে টোপনি যাওক, ধূমপান আৰু অত্যধিক মদ্যপান পৰিহাৰ কৰক, আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰক যাতে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাত সহায় কৰে ।

লগতে পঢ়ক: Vitamin deficiency: ভাগৰ, ক্লান্তিয়ে আপোনাক আমনি কৰিছে নেকি ? হ'ব পাৰে এইবিধ পুষ্টিকৰ উপাদানৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.