ETV Bharat / state

Nilmani Phookan letter: খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

author img

By

Published : Feb 3, 2023, 6:32 PM IST

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই শুকুৰবাৰে মুকলি কৰা হ’ল কাব্যঋষি নীলমণি ফুকনৰ বন্ধ খামৰ বিশেষ চিঠিখন ৷ 49 বছৰৰ পূৰ্বে কবিৰ বিৰুদ্ধে কুম্ভীলক বৃত্তিত জড়িতৰ অভিযোগ উঠিছিল ৷ এই সকলো মিছা বুলি পাচত প্ৰমাণিত হয় যদিও মনত সাংঘাটিক দুখ পাইছিল কাব্যঋষিয়ে ৷ সেয়ে এখন পত্ৰযোগে তেওঁ কেতবোৰ কথা জনাই গৈছিল জ্যেষ্ঠ সাংবাদিক নিত্য বৰাক (Sealed letter of poet Nilmani Phookan) ৷ কিন্তু তেওঁৰ অবৰ্তমানত চিঠিখন খুলিবলৈ অনুৰোধ জনোৱাত আজি চিঠিখন মুকলি কৰা হয় ৰাজহুৱাভাৱে ৷

Nilmani Phookan letter
খোল খালে কবি নিলমণি ফুকনৰ বহু চৰ্চিত বন্ধ খামৰ চিঠি

খোল খালে কবি নিলমণি ফুকনৰ বহু চৰ্চিত বন্ধ খামৰ চিঠি

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: খোল খালে জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ বহু চৰ্চিত বন্ধ খামৰ চিঠি (Nilmani Phookan letter) । তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলৰ ইংগিত দি 19 বছৰ পূৰ্বে কাব্যঋষি নীলমণি ফুকনে সাহিত্যিক সাংবাদিক নিত্য বৰাৰ হাতত দিছিল এখন চিঠি । সেই সময়তেই কাব্যঋষিয়ে নিত্য বৰাক অনুৰোধ জনাইছিল যাতে, কবিৰ মৃত্যুৰ পিচতহে এই চিঠিখনৰ খামটো তেওঁ খোলে ৷ যোৱা 19 জানুৱাৰীত কাব্যঋষিৰ দেহাৱসান ঘটনাৰ পাচতে এই চিঠিখনৰ কথা চৰ্চা হয় যদিও তেওঁৰ পৰিয়ালৰ লোকে এখন চিঠি যোগে আদ্যশ্ৰাদ্ধ সম্পন্ন হোৱাৰ পাচতহে চিঠিখন মুকলি কৰিবলৈ আহ্বান জনায় ৷ সেই অনুসৰি আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজহুৱাভাৱে চিঠিখন মুকলি কৰা হয় (Kavyarishi Nilmani Phookan) ৷

শুকুৰবাৰে কাব্যঋষি নীলমণি ফুকনৰ বহু প্রতীক্ষিত চিঠিখন, কবিৰ বিশ্বাসৰ প্রতি সন্মান জনাই মুকলি কৰে নিত্য বৰাই ৷ ‘‘অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে’’ শীৰ্ষক শিৰোনামৰ বন্ধ খামৰ চিঠিখন গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা হয় । কবিয়ে তেওঁৰ মৃত্যুৰ পিচত চিঠিখন খুলিবলৈ অনুৰোধ কৰি গৈছিল । আজি ৰাজহুৱা হোৱা চিঠিখনত তেওঁ উল্লেখ কৰিছে 49 বছৰ পূৰ্বে অৰ্থাৎ 1974 চনতে তেওঁৰ বিৰুদ্ধে ৰচিত হোৱা কুম্ভীলক বৃত্তিৰ ষড়যন্ত্ৰৰ কথা । যি ষড়যন্ত্ৰৰে কবিক সৃজনিশীল দিনতে ধ্বংস কৰি দিয়াৰ চেষ্টা চলোৱা হৈছিল । সেই ষড়যন্ত্ৰ ধৰা পেলোৱাৰ ফলতহে কবি নীলমণি ফুকনে পুনৰ কবিতা ৰচনাৰ বাবে হাতত তুলি লৈছিল আৰু ফলশ্ৰুতিত অসমলৈ আহিছিল তৃতীয়টি জ্ঞানপীঠ বঁটাৰ সন্মান । কবিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা কোনো ব্যক্তিৰ নাম চিঠিখনত পোনপটীয়াকৈ তেওঁ উল্লেখ নকৰিলে (Secret letter of Nilmani Phookan) ।

কাব্যঋষিয়ে কি লিখিছিল চিঠিখনত :

তেওঁ চিঠিখনত লিখিছিল "মোৰ বিৰুদ্ধে জনৈক মৃদুপৱন বৰুৱাই তোলা অভিযোগটো গুৰুতৰ, লেখক হিচাবে মোৰ নীতি-নিষ্ঠা, বিবেক আৰু সততাৰ কথাটো তাত জড়িত হৈ আছে ৷ এয়া বহু সহ্য কৰিব নলগীয়া কথা, সহ্য কৰি আহিছো । সহিলে সম্পদ । কিন্তু আমাৰ প্ৰতিনিধিৰ অদ্ভূত কাণ্ডটো সহ্য কৰি মনে মনে থাকিব নোৱাৰিলোঁ । সহ্য কৰি থকাটো মোৰ কাৰণে ভয়ানক যন্ত্ৰনাদায়ক হ’লহেতেন কবিতাও শেষ হ’লহেতেন’’ ।

Nilmani Phookan letter
খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

কবিয়ে লিখিছে ‘‘ভৱেন বৰুৱাকে ধৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সতেন্দ্ৰ নাথ শৰ্মা, মুনীন বৰকটকীকে বহু সাহিত্যিক সাংবাদিকে সেই বিপৰ্যয়ৰ সময়ত উদগণি আৰু উৎসাহ দিছিল । আনহাতে ১৯৯৭ চনত হোমেন বৰগোহাঁই সম্পাদিত ‘‘অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া কবিতাৰ কুৰিটা বছৰ’’ শীৰ্ষক এটা প্ৰৱন্ধত প্ৰদীপ আচাৰ্যই লিখিলে স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰিছে কবিৰ ‘‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’’ কবিতাটোত । সেই বিষয়ে বৰগোহাঁইক সুধিম বুলি ভাবি থাকোতে এদিন এবিলাকৰ সেই সময়ৰ চেক্ৰেটেৰী টাবু টাইডক লগ পাই কথাটো কোৱাত তেওঁ দৰ্খাস্ত এখন দিবলৈ কৈছিল কাৰ্যানিৰ্বাহকত দিম বুলি কৈছিল’’ ।

‘‘তাৰ কিছুদিন পিছত প্ৰদীপ আচাৰ্যক লগ পাই তেওঁ সুধিলো কিয় লিখিলে তেওঁ একো নকৈ টাইডৰ চিঠিখন পোৱা বুলি কৈ গুছি গ’ল । কাৰ্যনিৰ্বাহকত কি উত্তৰ দিলে জানিবলৈ বিচাৰিলোঁ । সমিতিত সেই দিনা উপস্থিত থকা কোনো এজন সদস্যই সেই কথাটো তিলমানো গুৰুত্ব নিদিলে । চিঠিখনৰ বিষয়ে আলোচনায়ে নহ’ল । নৱকান্ত বৰুৱাই ক’লে তেওঁ কৰ’বাত পাইছোঁ বুলি’’ । কবি নীলমনি ফুকনে চিঠিখনত উল্লেখ কৰিছে ‘‘পবিত্ৰ ডেকাই কব পাৰিব কোনে দিছিল ECHO খন। আজি ৩০ বছৰ পিছত তেওঁলোক কোন জানি বা কি লাভ । তেওলোকে নিজেই নিজক সোধক কি তাড়নাত উন্মাদনাত মতলীয়া হৈ এনেদুষ্কাৰ্য কৰিছিল কি লাভ হ’ল, তাৰ পৰা অসমীয়া সাহিত্যৰ কবিৰ কবিতাৰ আৰু সেই কুচক্ৰী দুৰ্জন সকলৰ কি লাভ হ’ল’’ ৷ এইদৰে চিঠিখনত উল্লেখ কৰিছে কবিয়ে (Nilmani Phooka letter controversy)।

Nilmani Phookan letter
খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

উল্লেখ্য যে, 1974 চনত কবি নীলমণি ফুকনৰ ‘‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’’ শীৰ্ষক এটা কবিতা প্ৰকাশ পাইছিল । এই কবিতাটো প্ৰকাশ হোৱাৰ কিছুদিনৰ পাচত ‘‘আমাৰ প্ৰতিনিধি’’ নামৰ অধুনালুপ্ত আলোচনীখনৰ 1974 চনৰ ৰঙালী বিহুৰ সংখ্যাত মৃদুপৱন বৰুৱা নামৰ এজনে লিখিলে, ‘‘নীলমণি ফুকনে ৰচনা কৰা এই কবিতাটো এটা বিদেশী কবিতাৰ নকল ৷ কবিয়ে লিয়ন ফিলিপ কেমিন’ (1834) নামৰ এজন স্পেইনৰ কবিৰ ‘নাইটমেয়াৰ’ নামৰ এটা কবিতাৰ পৰা নকল কৰি ‘‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’’ শীৰ্ষক কবিতাটো ৰচনা কৰিছে ৷ লগে লগে ৰাজ্যজুৰি হুলস্থূলৰ সৃষ্টি হ’ল ৷ তেতিয়া ৰাজ্যৰ অতি জনপ্ৰিয় সেই আলোচনীখন সম্পাদনা কৰিছিল ভূপেন হাজৰিকাই ৷ অৱশ্যে হাতে-কামে আলোচনীখনৰ সম্পাদনাৰ কাম সম্পন্ন কৰিছিল মূলতঃ সাংস্কৃতিক সাংবাদিক পৱিত্ৰ কুমাৰ ডেকা ৷

তেওঁ আমাৰ প্ৰতিনিধিৰ এটা বিশেষ শিতানৰ সম্পাদনাৰ দায়িত্ব দিছিল সাংবাদিক নিত্য বৰাক ৷ কবি নীলমণি ফুকন কুম্ভীলক বৃত্তিত জড়িত হৈ পৰা বুলি মৃদুপৱন বৰুৱা নামৰ যিজন লোকে চিঠিখন লিখিছিল সেই অংশৰ সম্পাদনাৰ দায়িত্বত আছিল নিত্য বৰা ৷ সেই চিঠিখনত কোৱা হৈছিল ‘ইকো’ নামৰ কেৰালাৰ কোচিন চহৰৰ কই ৰোডৰ পৰা প্ৰকাশ পোৱা এখন আলোচনীত নাইটমেয়াৰ নামৰ উক্ত কবিতা প্ৰকাশ পাইছিল আৰু সেই কবিতাটোকে নীলমণি ফুকনে নকল কৰা বুলি অভিযোগ কৰি আমাৰ প্ৰতিনিধিত প্ৰকাশ কৰা হৈছিল ৷ আলোচনীখন বিজয়ৱাড়াৰ ৰাঘবন নামৰ এটা ছপাশালত ছপা কৰা বুলি উল্লেখ আছিল (Nilmani Phookan poem controversy) ৷

Nilmani Phookan letter
খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

এই বিষয়টো প্ৰকাশ হোৱাৰ লগে লগে ৰাজ্যজুৰি অস্বাভাৱিক হুলস্থূলৰ সৃষ্টি হ’ল ৷ কবি নীলমণি ফুকন ভাগি পৰিল ৷ তেওঁৰ গুণগ্ৰাহী পাঠকো অসন্তুষ্ট আৰু ততোধিক স্তম্ভিত হৈ পৰিল ৷ পিচে এই ঘটনাত হতোদ্যম নহৈ কবি নীলমণি ফুকন তেতিয়াৰ গুৱাহাটীৰ আৰক্ষী অধীক্ষক কে পি এছ গিলৰ কাষ চাপিল আৰু তেওঁক এই বিষয়টোৰ অনুসন্ধান কৰিবলৈ অনুৰোধ জনালে ৷ ছুপাৰ কপ হিচাপে খ্যাত গিলক কবিয়ে এটা কথা নিশ্চিত কৰিলে যে, তেওঁ কবিতাটো নকল কৰা নাই সেয়া সত্য ৷ সেই সত্যৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ অনুসন্ধান কৰক ৷ কে পি এছ গিলে তেতিয়াৰ দিনৰ যোগাযোগৰ যথেষ্ট সীমাবদ্ধতাৰ মাজত থাকিও অনুসন্ধান কৰিলে আৰু তেওঁৰ তৎপৰতাত ধৰা পৰিল ইকো নামৰ কোনো আলোচনী ভাৰতৰ পৰা প্ৰকাশিত নহয় ৷

ঠিক তেনেদৰে কেৰালাৰ কই ৰোড নামৰ কোনো স্থানৰ পৰা তেনে আলোচনী কেতিয়াও ওলোৱা নাই আৰু বিজয়ৱাড়াত ৰাঘবন নামৰ কোনো ছপাশালো নাই ৷ অনুসন্ধানত এইটোও ওলাল যে, গুৱাহাটীৰে কোনোবা এখন বাতৰি কাকতৰ ছপাশালৰ পৰা ৰঙচুৱা কাগজ আনি এই আলোচনীখনৰ কেইটামান কপি ছপা কৰা হৈছে ৷ ছপা কৰা আলোচনীখন যে পুৰণি সেয়া বুজাবলৈ ষড়যন্ত্ৰকাৰীয়ে আলোচনীখন কিছুদিন ধোৱাচাঙৰ ওপৰতো তুলি ৰাখিলে ৷ তদুপৰি অনুসন্ধানত ধৰা পৰিল লিয়ন ফিলিপ নামৰ কোনো স্পেনিছ কবি নাই আৰু নাইটমেয়াৰ নামৰ কোনো কবিতাও কোনোকালে কোনেও লিখা নাই ৷ তেতিয়া অনুসন্ধানৰ ফলাফলৰ বিষয়ে বিজ্ঞাপন আকাৰে গুৱাহাটীৰ পৰা প্ৰকাশিত এখন প্ৰাচীন সংবাদ পত্ৰত কবি নীলমণি ফুকনে নিজে ধন ভাঙি বিজ্ঞাপন দি সমস্ত বিষয়টো অৱগত কৰিলে ৷

তদুপৰি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত 1974 চনত এখন নাগৰিক সভা অনুষ্ঠিত হ’ল ৷ য’ত গণ্য-মান্য সাহিত্যিক উপস্থিত থাকি এই ভয়ংকৰ জালিয়াতিক গৰিহণা দিলে আৰু কবি নীলমণি ফুকন যে কুম্ভীলক বৃত্তিত জড়িত নহয় সেই বিষয়ে সকলোৱে সাহসৰে নিজৰ মত প্ৰকাশ কৰিলে ৷ এই ঘটনাৰ পাচত কবি মানসিকভাৱে ইমানেই ভাগি পৰিছিল যেস তেওঁ কবিতা লিখাৰ কথাই বাদ দিবলৈ বিচাৰিছিল ৷ পৰৱৰ্তী সময়ত 2004 চনৰ 25 জুনত সাংবাদিক নিত্য বৰাই এই সন্দৰ্ভত সবিশেষ জনাই এটা প্ৰবন্ধ প্ৰকাশ কৰিলে আৰু কি পৰিস্থিতিত তেওঁ সেই ৰচনাখন বা চিঠিখন আমাৰ প্ৰতিনিধিত প্ৰকাশ কৰিবলগীয়া হৈছিল সেই সন্দৰ্ভত সবিশেষ লিখিলে ৷

Nilmani Phookan letter
খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

তেওঁ জনোৱা অনুসৰি যি সময়ত তেওঁৰ হাতত ইকো নামৰ আলোচনীখন পৰিছিল আৰু একেলগে নীলমণি ফুকনৰ কবিতাটোও দিয়া হৈছিল, তেতিয়া তেওঁ দুয়োটা কবিতা পঢ়ি ইংৰাজীৰ পৰা নীলমণি ফুকনে তেওঁৰ কবিতাটো অনুবাদ কৰা বুলি পতিয়ন গৈছিল ৷ অন্ততঃ পতিয়ন যাব পৰাকৈ সেই দুয়োটা তথ্য যথেষ্ট আছিল ৷ অৱশ্যে তাৰ বহু বছৰ পূৰ্বে সেই ষড়যন্ত্ৰৰ বিষয়ে অসমৰ সাহিত্য জগতৰ প্ৰায় সকলোৱেই অৱগত হৈছিল ৷ ২০০৪ চনত নিত্য বৰাই যেতিয়া সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰিলে, তেতিয়া কবি নীলমণি ফুকনে তাৰ দুমাহমানৰ পাচত নিত্য বৰাৰ হাতত বন্ধ খামৰ ভিতৰত এখন চিঠি দিলে ৷ লগতে কবি নীলমণি ফুকনে জনাইছিল, সেই চিঠিখন যাতে কবিৰ অবৰ্তমানতহে খোলা হয় । কবিয়ে পৰোক্ষভাৱে নাম উল্লেখ কৰি যোৱা সকলৰ বহুতেই যিহেতু বৰ্তমান ইহ সংসাৰত নাই, গতিকে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে সম্ভ্ৰম বজাই ৰাখিবলৈ শেষত সকলোকে আহ্বান জনাই জ্যেষ্ঠ সাংবাদিক নিত্য বৰাই ৷

লগতে পঢ়ক: Nilmani Phookan Sealed Letter : কবিৰ বন্ধ খামৰ চিঠিত কাৰ কাৰ নাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.