ETV Bharat / state

Nilmani Phookan Sealed Letter : কবিৰ বন্ধ খামৰ চিঠিত কাৰ কাৰ নাম ?

author img

By

Published : Feb 2, 2023, 9:32 PM IST

Nilmani Phookan Sealed Letter
কবি নীলমণি ফুকনৰ চিঠি

শুকুৰবাৰে অন্ত পৰিব ৰাজ্যবাসীৰ বহুদিনীয়া উৎকণ্ঠাৰ ৷ খোল খাব এটা বন্ধ খাম ৷ য’ত সোমাই আছে অসমীয়া জাতিয়ে ভালপোৱা কবি নীলমণি ফুকনৰ এখন ৰহস্যময় চিঠি (Nilmani Phookan sealed letter) ৷

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : এখন চিঠিক লৈ উৎকণ্ঠিত অসমবাসী ৷ কাইলৈ জাতিয়ে ভালপোৱা এজন কবিৰ বিৰুদ্ধে হোৱা নিকৃষ্ট ষড়যন্ত্ৰৰ সুদীৰ্ঘ পাঁচটা দশকজোৰা ৰহস্য আৰু বন্ধ খামত থকা কবিয়ে লিখা এখন চিঠিৰ ১৯ বছৰীয়া উৎকণ্ঠাৰ অন্ত পৰিব ৷ কাইলৈ মুকলি হ’ব কবি নীলমণি ফুকনে লিখি থৈ যোৱা যোৱা ১৯ বছৰে বন্ধ খামত আৱদ্ধ হৈ থকা চিঠিখন (Nilmani Phookan sealed letter)৷

Nilmani Phookan Sealed Letter
কবি নীলমণি ফুকনৰ চিঠি

শুকুৰবাৰে দিনৰ ১১ বজাত বিশিষ্ট সাংবাদিক নিত্য বৰাৰ হাতত কবি নীলমণি ফুকনে বন্ধ খামত দি যোৱা চিঠিখন খোলা হ’ব গুৱাহাটী প্ৰেছ ক্লাৱত (Guwahati press club)৷ ইয়াৰ লগে লগে ৰাজ্যজোৰা সাহিত্য আৰু বৌদ্ধিক মহলৰ উৎকণ্ঠাৰ অৱসান ঘটিব বুলি আশা কৰা হৈছে ৷ লগতে আশংকা কৰা হৈছে- চিঠিৰ বিষয়বস্তুৱে সৃষ্টি কৰিব পাৰে ধুমুহাৰ ৷

“মই যোৱাৰ পিছতহে খুলিবা, বিশ্বাসটো ৰাখিবা” বুলি ২০০৪ চনত সাংবাদিক নিত্য বৰাক(Journalist Nitya Bora) দি গৈছিল চিঠিখন ৷ বিশ্বাস ৰাখি বেংকৰ লকাৰত চিঠিখন ইমান দিনে সযতনে ৰাখি আহিছিল সাংবাদিকগৰাকীয়ে ৷ কিন্তু কি আছে চিঠিখনত ? ষাঠি-সত্তৰ দশকত কবি নীলমণি ফুকনৰ কবিতাই লাভ কৰিছিল দুৰন্ত সমাদৰ ৷ এই সফলতাত আন একাংশ সমকালীন কবিৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল ।

Nilmani Phookan Sealed Letter
কবি নীলমণি ফুকনৰ চিঠি

হয়তো সেই ঈৰ্ষাৰ বাবেই সেই সময়ৰ এজন জনপ্ৰিয় কবিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আন দুজনমান লোকৰ সহায়ত এক ষড়যন্ত্ৰৰ নাগপাশ মেলিছিল কবি ফুকনৰ বিৰুদ্ধে । এক ভয়াবহ ব্লু-প্ৰিন্ট ৰচনা কৰা হৈছিল কবিক নিঃশেষ কৰাৰ । য'ত Echo নামৰ এখন ইংৰাজী আলোচনীত বিশ্বৰ বিখ্যাত কেইজনমান কবিৰ কবিতাৰ লগতে নীলমণি ফুকনৰ সমাদৃত আৰু বৌদ্ধিক মহলৰ মাজত আলোড়ন তোলা "টোপনিতো মোক" কবিতাটো (Nilmani Phookan poem) ইংৰাজীলৈ ভাঙনি কৰি Leon Felipe Canmino ৰ কবিতাটো Nightmare বুলি ছপোৱা হৈছিল ।

আচলতে তেনে নামৰ কোনো আলোচনীয়েই নাছিল ৷ অস্তিত্বই নাছিল তেনে নামৰ কোনো কবিৰ ৷ অপবাদৰ সেই সময়খিনি অতি কষ্টৰে পাৰ কৰিছিল কবিতাৰে পাঠকৰ হৃদয় জিনা কবিগৰাকীয়ে ৷ পিছত এগৰাকী আৰক্ষী বিষয়াৰ তদন্তত ফাদিল হৈছিল সেই ষড়যন্ত্ৰ ৷ ভগা কলিজাত প্ৰাণ দি পুনৰ কলম তুলি লৈছিল কবি নীলমণি ফুকনে ৷ যাক পৰৱৰ্তী সময়ত অসমবাসীয়ে তুলনা কৰিছিল ঋষিৰ সৈতে ৷ যি অসমবাসীক উপহাৰ দিলে জ্ঞানপীন বঁটা (Jnanpith Award to Nilmani Phookan)৷

এই ষড়যন্ত্ৰৰ আঁৰৰ ৰহস্যই কবিয়ে লিখি গৈছে এই বন্ধ খামৰ পত্ৰত ৷ কবিয়ে সকলো জানিলে ৷ কিন্তু ন্যায় নাপালে কবিয়ে বা ন্যায় বিচাৰি নগ’ল কবি ৷ ধাৰণা কৰা হৈছে কবিয়ে সেই ষড়যন্ত্ৰত জড়িত লোকসকলৰ হয় নাম সন্নিৱিষ্ট কৰি গৈছে, নহয় ইংগিত দি গৈছে ৷ চৰ্চা অনুসৰি মুঠ ৪/৫ জন সাহিত্যিক-সমালোচকৰ কথা সন্নিৱিষ্ট আছে এই পত্ৰত ৷

চৰ্চা মতে তাৰে দুজন সাহিত্যিকৰ ইতিমধ্যে মৃত্যু ঘটা বুলিও কোৱা হৈছে ৷ এইলৈ এতিয়া একাংশ লোকে চিঠিখন খোলাটো বিচৰা নাই অথবা ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ সন্মুখত খোলাটো বিচৰা নাই । কোৱা হৈছে যদি মৃত কাৰোবাৰ নাম লিখি গৈছে তেন্তে চিঠিখনৰ উত্তৰ দিবলৈ সুবিধা নাপাব ৷ কিন্তু গৰিষ্ঠ সংখ্যকেই বিচাৰিছে যে কবিয়ে সুস্থ অৱস্থাত লিখি মৃত্যুৰ পিছত খুলিবলৈ কৈ গৈছে যেতিয়া খুলিবই লাগে, অসমীয়া সাহিত্যৰ ক’লা অধ্যায় ৰাজহুৱা হওক ৷ এতিয়া অপেক্ষা শুকুৰবাৰৰ ১১ বজাত ১৯ বছৰীয়া চিঠিখন খোলাৰ মুহূৰ্তলৈ ৷

চিঠিখন খোলাটো কিমান সমিচীন ? কি কয় আইনবিদে ? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ এই প্ৰসংগ মন্তব্য এনেধৰণৰ- “প্ৰয়াত কবি নীলমনি ফুকনে নিত্য বৰা দাৰ হাতত দি যোৱা বন্ধ খামটো খুলি তেখেতৰ চিঠিখন ৰাজহুৱা কৰা উচিত নে অনুচিত ? এই লৈ বিভিন্নজনে মত ব্যক্ত কৰিছে ৷ এনে ধৰণৰ কথা বিৰল নহয়৷ মৌলানা আবুল কালাম আজাদে তেওঁৰ সুখপাঠ্য আত্মজীৱনী India wins freedomৰ কেইটামান পৃষ্ঠা তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ কৰিবলৈ কৈছিল৷ কাৰণ এই পৃষ্ঠাকেইটাত তেওঁ ভাৰত বিভাজনৰ সময়ত জৱাহৰলাল নেহৰুৰ ভূমিকাক সমালোচনা কৰিছিল আৰু আজাদে জীৱিত অৱস্থাত নেহেৰুক অন্তৰত দুখ দিব বিচৰা নাছিল ৷

কবি নীলমনিৰ চিঠিখনৰ লগত আজাদৰ আত্মজীৱনীৰ সামান্য পাৰ্থক্য আছে ৷ আজাদে নেহৰুক কৰা সমালোচনা বহু পৰিমাণে Subjective আৰু সেইবোৰ কথা ইতিমধ্যেই Public domainত আছিল ৷ ফুকনদেৱৰ চিঠিত কোনোবা এজন মানুহৰ বিৰুদ্ধে এটা অভিযোগ অনা হ’ব ৷ মানুহজন জীৱিত হ’লে তেওঁ আত্মপক্ষ সমৰ্থনৰ সুযোগ পাব ৷ তেনে ক্ষেত্ৰত লেঠা নাই ৷

কিন্তু অভিযোগৰ আঙুলি উঠা মানুহজন মৃত ব্যক্তি হ’লে আত্মপক্ষ সমৰ্থনৰ সুযোগ নাপাব ৷ তেনে ক্ষেত্ৰত অভিযুক্তজনে অভিযোগৰ উত্তৰ দিব নোৱাৰাকৈয়ে স্থায়ী ভাৱে নিন্দিত হ’ব ৷ আইনৰ ছাত্ৰ হিচাপে আমি এটাই কথা জানো যে যি কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠিলে অভিযুক্তই আত্মপক্ষ সমৰ্থনৰ সুযোগ পোৱাটো প্ৰাকৃতিক ন্যায় বা Natural justice ৷ ই মৌলিক বা Inalienable ৷ এজন ব্যক্তিক এনে অধিকাৰৰ পৰা বঞ্চিত কৰি অভিযুক্ত কৰাটো ন্যয়সংগত হ’বনে ? Right to reputation এক মৌলিক অধিকাৰ ৷ ফুকন দেৱৰ যিদৰে নিজৰ প্ৰতিষ্ঠাক সুৰক্ষিত কৰাৰ অধিকাৰ আছে ঠিক সেইদৰে অভিযুক্তজনৰো আছে ৷ বন্ধখাম খোলাৰ ফলত কোনোবা এজন ব্যক্তি এই মুল্যবান অধিকাৰৰ সুৰক্ষা দিব নোৱাৰাকৈয়ে নিন্দিত হৈ ৰ’ব নে কি ?”

প্ৰত্যেক কথাৰে বিভিন্ন দিশ থাকে ৷ মনলৈ অহা বাবে এই দিশটো উনুকিয়ালো বুলি এনেদৰে লিখিলে ৰাজ্যৰ আগশাৰীৰ অধিবক্তাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.