ETV Bharat / state

Tense situation at Noonmati : ন-পাৰ্কিং লিখা বেনাৰৰ বাবে গণ্ডগোল মহানগৰীৰ নুনমাটিত

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:42 PM IST

ন-পাৰ্কিং লিখা বেনাৰ ফালি ৰাইজৰ ৰোষত এগৰাকী মহিলা ৷ মহানগৰীৰ নুনমাটি আনন্দ নগৰৰ এই ঘটনা ৷ মহিলা গৰাকীৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল ৰাইজৰ ৷

Tense situation at Noonmati
ন পাৰ্কিং লিখা বেনাৰ বাবে গণ্ডগোল মহানগৰীৰ নুনমাটি আনন্দ নগৰত

ন পাৰ্কিং লিখা বেনাৰ বাবে গণ্ডগোল মহানগৰীৰ নুনমাটি আনন্দ নগৰত

গুৱাহাটী, 13 নৱেম্বৰ : এখন বেনাৰক লৈ মহানগৰীৰ নুনমাটি আনন্দ নগৰ অঞ্চলত উত্তেজনা ৷ এগৰাকী মহিলাই বেনাৰ ফলাক লৈ সৃষ্টি হয় এই উত্তেজনা ৷ ঘটনাৰ বিৱৰণি অনুসৰি, নুনমাটিৰ আনন্দ নগৰ 2 নং পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ সেয়ে পথ দুৰ্ঘটনা ৰোধৰ বাবে ন-পাৰ্কিং লিখা বেনাৰ উক্ত পথত আঁৰি দিছিল ৰাইজে ৷ কিন্তু সোমবাৰে ৰাইজে আঁৰি দিয়া বেনাৰ ফলাৰ লগতে বেনাৰসমূহ পথৰ দাঁতিলৈ দলিয়াই পেলাই উক্ত অঞ্চলৰে নিবাসী এগৰাকী মহিলাই ৷ যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ৰাইজৰ অভিযোগ অনুসৰি, নুনমাটিৰ আনন্দ নগৰ অঞ্চলৰে বাসিন্দা মেৰীলিন হাজৰিকা নামৰ মহিলাগৰাকীয়ে ৰাইজে আঁৰি দিয়া কেইবাখনো বেনাৰ ফালিলে ৷ এইক্ষেত্ৰত ৰাইজে কয়, ‘‘ এই পথচোৱাৰ কাষতে বাহনসমূহ পাৰ্কিং কৰি ৰাখে ৷ সেয়ে ইউ টাৰ্ণ লোৱাৰ সময়েত দুৰ্ঘটনা সংঘটিত হয় ৷ সঘনাই সংঘটিত পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি আঁৰি দিছিলো ন-পাৰ্কিং লিখা কেইবাখনো বেনাৰ ৷ কিন্তু আজি পুৱাৰ ভাগত উক্ত বেনাৰসমূহ ফালি দিয়াৰ লগতে বেনাৰসমূহ পথৰ দাঁতিলৈ দলিয়াই পেলাই নিজকে হোজাইৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ বুলি পৰিচয় দিয়া মেৰীলিন হাজৰিকা নামৰ মহিলা গৰাকীয়ে ৷’’

তেওঁলোকে কয়, ‘‘মহিলা গৰাকীৰৰ কাৰ্যত বাধা দিয়াৰ বাবে স্থানীয় উন্নয়ন সমিতিৰ সভাপতি তথা জ্যেষ্ঠ নাগৰিক হীৰেন্দ্ৰ নাথ ৰাণা পাটগিৰী নামৰ ব্যক্তিজনকো দুৰব্যৱহাৰ কৰে । তাৰ পিচত মহিলাগৰাকীয়ে উক্ত স্থানতে বলপূৰ্বক ভাৱে নিজৰ AS 01 BY 8684 নম্বৰৰ চাৰিচকীয়া বাহনখন পাৰ্কিং কৰে ।’’

ইফালে এই সমগ্ৰ ঘটনাৰ উচিত ন্যায় বিচাৰি নুনমাটি আনন্দ নগৰ 2 নং পথ উন্নয়ন সমিতিয়ে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক:Drunk woman creates ruckus: সুৰামত্ত যুৱতীয়ে ফালিলে আৰক্ষীৰ শ্বাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.