ETV Bharat / state

TET teachers protest : হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

author img

By

Published : Mar 24, 2022, 3:59 PM IST

টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰা (Teachers Protest in Guwahati) ৷ চাকৰি নিয়মীয়াকৰণ আৰু ৩০ মাহৰ বকেয়া আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ প্ৰতিবাদ সাব্যস্ত হাজাৰ হাজাৰ টেট শিক্ষকৰ (TET teachers protest at Kahilipara) ।

teachers-protest-at-kahilipara-in-guwahati
হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

গুৱাহাটী,২৪ মাৰ্চ : চাকৰি নিয়মীয়াকৰণ আৰু ৩০ মাহৰ বকেয়া আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে কাহিলিপাৰস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ প্ৰদৰ্শন কৰে টেট শিক্ষকে(Teachers Protest in Guwahati) । হাজাৰ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ পৰে কাহিলিপাৰাৰ ৰ‍াজপথ ।

একপ্ৰকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী(TET teachers protest at Kahilipara) ।গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ-হাজাৰ টেট শিক্ষকে নিজৰ প্ৰাপ্যৰ দাবীত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে ।

হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

উল্লেখ যে, প্ৰতিবাদত অংশ ল’বলৈ গুৱাহাটীলৈ আহি থকা বহু হাজাৰ শিক্ষকক আধাবাটতে আৰক্ষীয়ে আটক কৰে । বৃহস্পতিবাৰে ৪০ হাজাৰ টেট শিক্ষকে সৰ্বশিক্ষ‍‍া মিছন সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । তাৰেই ‍অংশ স্বৰূপে আৰক্ষীৰ বাধা স্বত্বেও হাজাৰ হাজাৰ শিক্ষক সমবেত হয় কাহিলিপাৰাত ।

শিক্ষকৰ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ তথা কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাহিলীপাৰৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী । চৰকাৰৰ সৈতে কৰা আলোচনা ব্যৰ্থ হোৱা বাবেই টেট শিক্ষকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে এই গুৰু-গৰ্জন কাৰ্যসূচী কৰাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে এই শিক্ষকসকলৰ মূল দাবী হৈছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা । লক্ষণীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত এইটোৱে সৰ্ববৃহৎ চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী বুলি অভিহিত কৰা হৈছে । শিক্ষকৰ প্ৰতিবাদত কাহিলিপাৰাৰ পথ প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । লগতে অভাৱনীয় যানজঁটৰো সৃষ্টি হয় ।

লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত শিক্ষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.