ETV Bharat / state

SEBA issues strict guidelines: বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

author img

By

Published : Mar 24, 2023, 1:25 PM IST

প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল প্ৰসংগক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । বাতিল কৰা দুয়োটা পৰীক্ষা অহা ৩০ মাৰ্চত সাধাৰণ বিজ্ঞান আৰু ১ এপ্ৰিলত অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছিল SEBA ই । ইয়াৰ পাছতেই কঠোৰ হৈ পৰিছে SEBA কৰ্তৃপক্ষ (Strict guidelines to school inspector SEBA) ।

Strict guidelines to school inspector SEBA
বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

গুৱাহাটী,২৪ মাৰ্চ: মেট্ৰিকৰ বিজ্ঞান, অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে অধিক কঠোৰ হৈ পৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্তৃপক্ষ চমুকৈ SEBA । বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশ অসম মাধ্যমিক শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথৰ(SEBA issues strict guidelines) । সচিবগৰাকীয়ে নিৰ্দেশনাখনত উল্লেখ কৰা অনুসৰি কেইবাটাও দিশত কঠোৰ হৈছে SEBA ।

নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে এতিয়াৰে পৰা প্ৰশ্নকাকতৰ টোপোলা গ্ৰহণ কৰিব প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই(Strict SEBA over question paper leak) । কেন্দ্ৰৰ তত্বাবধায়কে ষ্ট্ৰং ৰূমত চি চি টি ভি কেমেৰাৰ আগত খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা । তাৰ পাছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা কেন্দ্ৰলৈ আনিব লাগিব প্ৰশ্নকাকতৰ টোপোলা । আনহাতে ছেবাই নিয়োজিত কৰা বিষয়াই উভতি আহোতে লৈ আহিব অব্যৱহৃত নথি-পত্ৰ(HSLC exam paper leak) ।

Strict guidelines to school inspector SEBA
SEBA সচিব নৰনাৰায়ণ নাথৰ কঠোৰ নিৰ্দেশনাৱলী

উল্লেখ্য যে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ১৩ মাৰ্চৰ সাধাৰণ বিজ্ঞান আৰু ১৮ মাৰ্চৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত ৰাজ্যজুৰি দল-সংগঠনৰ অব্যাহত আছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া । শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়নি প্ৰদান কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । কেৱল প্ৰতিবাদতে ক্ষান্ত নাথাকি ৰাজ্যিক শিক্ষা বৰ্ড তথা ছেবাৰ সংস্কাৰৰ বাবে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ শিক্ষাবিদসকলৰ সৈতে বৈঠকতো মিলিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা ৷

আনহাতে দুয়োটা পৰীক্ষা ছেবাই বাতিল কৰাৰ পাছত অহা ৩০ মাৰ্চত সাধাৰণ বিজ্ঞান আৰু ১ এপ্ৰিলত অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছিল । আগন্তুক পৰীক্ষাসমূহ অনুষ্ঠিত কৰাত যাতে কোনো ত্ৰুটি নহয় তাৰ বাবে সষ্টম হৈ পৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ(Assam SEBA paper leak) । সেয়ে এই দুয়োটা বিষয়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদে(SEBA) অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ছেবাৰ সচিব নৰনাৰায়ণ নাথে বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত নিৰ্দেশনাৱলী প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Drive against illicit liquor: আমগুৰিৰ বিভিন্ন স্থানত চুলাই ঘাটীৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.