Drive against illicit liquor: আমগুৰিৰ বিভিন্ন স্থানত চুলাই ঘাটীৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

By

Published : Mar 24, 2023, 11:51 AM IST

thumbnail

আমগুৰি, ২৪ মাৰ্চ: শিৱসাগৰ জিলাৰ আমগুৰিৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ এটা দলে অবৈধভাৱে চলাই যোৱা চুলাই ঘাটীৰ বিৰুদ্ধে চলালে উচ্ছেদ অভিযান ৷ আবকাৰী বিভাগৰ দলটোৱে লগত কোৰ, দা-লাঠী আদি লগত লৈ ঘাটীবোৰৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলাই (Excise Department against illicit liquor ) । জৰাধৰা, ৰ'দঘাইটিং, জেহেনীয়া, দেওৰজা, পুলিবৰ আদি স্থানসমূহত আবকাৰী বিভাগৰ দলটোৱে চলাই এই অভিযান (Drive against illicit liquor) ।

অভিযানকাৰী দলটোৱে অভিযান চলাই বাঁহনিৰ মাজত, বাৰীত মাটিৰ তলৰ গাঁতত পুতি থোৱা অৱস্থাৰ পৰা বহু হাজাৰ চুলাইৰ পাচ জব্দ কৰিবলৈ সক্ষম হয়  । দলটোৱে অভিযান কালত ১৫০০ শৰো অধিক পৰিমাণৰ চুলাই পাচ নষ্ট কৰাৰ লগতে ছটাকৈ চুলাই বনোৱা ঘাটি উচ্ছেদ কৰা বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে, বাঁহনিৰ তলত, চাহ-বাগিচাৰ মাজত অতি মাৰাত্মকভাৱে বৰবিহ সদৃশ চুলাই প্ৰস্তুত কৰি সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি আহিছে । আমগুৰিস্থিত আবকাৰী বিভাগৰ পৰা বিভিন্ন সময়ত চুলাই বিৰোধী অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতে চুলাই ব্যৱসায়ীবোৰেও নিত্য-নতুন কৌশল অৱলম্বন কৰি চুলাই প্ৰস্তুত কৰাৰ লগতে ব্যৱসায় কৰি আহিছে । বৃহস্পতিবাৰৰ অভিযানকালত অভিযানকাৰী দলটোৱে্ বহুকেইটা পৰিয়ালৰ ঘৰৰ ভিতৰৰ পৰাও চুলাই জব্দ কৰি সেইবোৰ অভিযানস্থলীতে নষ্ট কৰি পেলায় (Excise Department’s illicit liquor eviction drive)৷ অৱশ্যে অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ সক্ষম নহ’ল দলটো ।

লগতে পঢ়ক : Asha worker district conference: জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বঙাইগাঁৱত আশা কৰ্মীৰ অভিৱৰ্তন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.