ETV Bharat / state

গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান

author img

By

Published : Feb 2, 2022, 6:19 PM IST

গুৱাহাটী জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণৰ শুভাৰম্ভনি অনুষ্ঠানলৈ অনা খাদ্যত অথন্তৰ ৷ মঙলবাৰে গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণৰ শুভাৰম্ভনি অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰে অনুষ্ঠানটোত উপস্থিত অতিথিসকলে(Stinking Food Supply at CMs event at Zoo Road) ৷

stinking-food-supply-at-cms-event-at-zoo-road
গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : গুৱাহাটী জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণৰ শুভাৰম্ভনি অনুষ্ঠানলৈ অনা খাদ্যত অথন্তৰ ৷ মঙলবাৰে গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণৰ শুভাৰম্ভনি অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰে অনুষ্ঠানটোত উপস্থিত অতিথিসকলে(Stinking Food Supply at CMs event at Zoo Road) ৷ কাৰ্যসূচীত উপস্থিত থকা অতিথিসকলক অংগত সিং নামৰ এগৰাকী ব্যক্তিয়ে যোগান ধৰিছিল খাদ্য, কিন্তু এই খাদ্য গ্ৰহণ কৰাৰ পাছতেই অস্বস্তিত পৰে অতিথিসকল(Unhealthy food supply at Zoo Road) । ইয়াৰ পাছতেই যোগান ধৰা খাদ্য সামগ্ৰীত দুর্গন্ধ ওলোৱাত ক্ষোভিত হৈ পৰে অনুষ্ঠানৰ অতিথি ।

গুৱাহাটীৰ জু-ৰোডত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দুৰ্গন্ধময় খাদ্য যোগান

ইফালে খাদ্য সামগ্ৰীসমূহ নিশা মুখ্যমন্ত্ৰীৰ জন্মদিনৰ অনুষ্ঠানত ৰৈ যোৱা বুলিও অভিযোগ তুলিলে অনুষ্ঠানটোত উপস্থিত থকা একাংশ লোকে । আনহাতে সাংবাদিকে প্ৰশ্ন কৰাত অংগত সিঙে পুৰণি আৰু অ- স্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে । গৰমৰ বাবে খাদ্য সমূহ বেয়া হোৱা বুলি কয় ধৃত অংগত সিঙে ৷ কিন্তু ঠেটুৱে ধৰা জাৰত কেনেকৈ খাদ্য সামগ্ৰী সমূহ নষ্ট বা দুর্গন্ধময় হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজে ৷ ইফালে অনুষ্ঠানৰ অতিথিসকল ক্ষোভিত হৈ পৰাত উক্ত স্থানৰ পৰা পলায়ন কৰে খাদ্য যোগাকাৰী গৰাকী ।

লগতে পঢ়ক : ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.