ETV Bharat / state

ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

author img

By

Published : Feb 2, 2022, 1:39 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালিবলৈ গুৱাহাটীত উপস্থিত মাজুলীৰ শিশু আৰু কিশোৰৰ দল(Himanta Biswa Sarma's Birthday Celebration) ৷ মুখ্যমন্ত্ৰীৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত এই শিশুসকলৰ বাবে আয়োজন কৰা হৈছে এক বিশেষ নৈশ ভোজনৰ(Young friends of CM Himanta attend his birthday) ।

cms-young-friends-from-majuli-attend-his-birthday-in-guwahati
ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : হাজাৰজনে শুভেচ্ছা, আশীৰ্বাদ, অভিনন্দনেৰে মঙলবাৰৰ দিনটোত ওপচাই পেলাইছিল মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক । কিয়নো ১ ফেব্ৰুৱাৰীৰ দিনটো আছিল তেওঁৰ ওপজা দিন (Himanta Biswa Sarma's Birthday Celebration)। আচলতে ৩১ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰাই তেওঁক শুভেচ্ছা জনাবলৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত তেওঁৰ শুভাকাংক্ষী, গুণমুগ্ধৰ একপ্ৰকাৰ ভিৰ লাগিছিল ।

ওপজা দিনৰ সেই বিশেষ আনন্দ ল’বলৈ গুৱাহাটীত উপস্থিত হোৱা মাজুলীৰ শিশু আৰু কিশোৰৰ দল এটাৰ সৈতে বুধবাৰে মুখ্যমন্ত্ৰীয়ে কটাব এক অন্তৰংগ বিশেষ মুহুৰ্ত । বুধবাৰে নিশা মুখ্যমন্ত্ৰীৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত এই শিশুসকলৰ বাবে আয়োজন কৰা হৈছে এক বিশেষ নৈশ ভোজনৰ(Young friends of CM Himanta attend his birthday) । শিশুৰ দলটোৰ সৈতে একেলগে বহি নৈশ আহাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

মাজুলীৰ আউনীআটি আৰু দক্ষিণপাট সত্ৰত থকা এই শিশু আৰু কিশোৰৰ দলটোক মুখ্যমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া মাজুলী ভ্ৰমণকালত নিজেই নিমন্ত্ৰণ জনাই আহিছিল তেওঁৰ ওপজা দিনৰ বাবে । সেই অনুসৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিজা উদ্যোগত শিশুসকলক ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হৈছে । নিশাৰ এই নৈশভোজনৰ বাবে এইসকল আমন্ত্ৰিত শিশুৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহত কৰা হৈছে তৰহে তৰহে বিশেষ খাদ্যৰ ব্যৱস্থা ।

লগতে পঢ়ক : দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ জন্মদিনৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.