ETV Bharat / state

শীঘ্ৰেই অসমৰ চৰ অঞ্চলত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গঠন হ'ব 'পপুলেছন আৰ্মী'

author img

By

Published : Jul 19, 2021, 5:44 PM IST

২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ ৩.১২ কোটি জনসংখ্যাৰ ৩৪.২ শতাংশই হ'ল মুছলমান সম্প্ৰদায়ৰ । পৰিসংখ্যা অনুসৰি, ১৯০১ চনৰ ২০২১ চনলৈ মুছলিমসকলৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ‌ ১২.৪ শতাংশ ৰ পৰা‌ ৪০.০৩ শতাংশ ।‌‌ অনুমান কৰা‌ হৈছে যে ২০২১ চনৰ লোকপিয়লত অসমৰ জনসংখ্যা হ'বগৈ ৩,৫৬,০৭০৩৯ ।

population control in minority area
জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত চৰকাৰে সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত চলাব সজাগতামূলক অভিযান

গুৱাহাটী, ১৯ জুলাই : অসমৰ চৰ-চাপৰিবাসী মুছলমান লোকৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কাৰ্যতঃ ৰাজ্য চৰকাৰৰ উদ্যোগত গঠন হ'ব 'পপুলেছন আৰ্মী'। সোমবাৰে বিধানসভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলীৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই‌ কথা প্ৰকাশ কৰে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে লোৱা তৎপৰতাৰ অংশ হিচাপে চৰ-চাপৰিবাসীৰ মাজত এক বিশেষ সজাগতামূলক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে ।

বিধানসভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলীৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই‌ কথা প্ৰকাশ কৰে যে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে ল'ব কেতবোৰ বাৱহাৰিক পদক্ষেপ । চৰ অঞ্চলত বসবাস কৰা মুছলমান মহিলাসকলৰ মাজত পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিধানসভাত সোমবাৰে স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, ইতিমধ্যে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত এই কথা ঘোষণা কৰাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত পৰৱৰ্তী সময়ত বাজেটত ঘোষণা কৰা নহ'ল ।

সেই অনুসৰি, চৰ অঞ্চলৰ দহ হাজাৰ মুছলমান মহিলাৰ মাজত জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক সজাগতা সৃষ্টিৰ বাবে শীঘ্ৰে একাংশ বিশেষ আশা(Accredited Social Health Activists) কৰ্মীক নিযুক্তি দিব ৰাজ্য চৰকাৰে । জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সঠিক তথ্য প্ৰচাৰ কৰাৰ লগতে চৰ অঞ্চলৰ মহিলাসকলৰ মাজত গৰ্ভনিৰোধক সামগ্ৰী বিতৰণ কৰিব আশাকৰ্মীসকলে । ইয়াৰোপৰি চৰ অঞ্চলত বসবাস কৰা এহেজাৰ যুৱকক জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা সৃষ্টিৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব ।

ড৹ শৰ্মাই সদনক জনাই যে, ৰাজ্যৰ চৰ-চাপৰিবাসী মুছলমান সমাজত ভালেসংখ্যক সন্তান জন্ম দিয়াৰ উদাহৰণ বিদ্যমান । ইয়াৰ বাবে কোনো পাৰিসাংখ্যিক সমীক্ষাৰ দৰকাৰ নাই । সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'জনসংখ্যা বৃদ্ধিৰ কথা ক'বলৈ এতিয়া আৰু কোনো সমীক্ষাৰ দৰকাৰ নাই । বৰপেটা মেডিকেল কলেজ হাস্পতালত গৈ অলপ ৰৈ থাকিলেই এই কথা গম পোৱা যায়' ।

শ্বেৰমান আলীয়ে চৰকাৰৰ জনসংখ্যা নীতিৰ বিষয় উত্থাপন কৰাৰ সময়ত চৰ অঞ্চলত শিক্ষানুষ্ঠান স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । লগতে ৰাজ্যখনৰ কেতবোৰ জিলাত কম বয়সতে ছোৱালীৰ বিবাহ সম্পন্ন কৰাৰ পৰম্পৰা সন্দৰ্ভতো চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাইছিল বিধায়কগৰাকীয়ে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ছোৱালীবোৰৰ বিবাহযোগ্য বয়স বৰ্তমানৰ ১৮ বছৰৰ পৰা ২০ বছৰলৈ বৃদ্ধি কৰাৰ বিষয়েও চিন্তা-চৰ্চা কৰি আছে ।

তাৎপৰ্যপূৰ্ণভাৱে বিধানসভাত মুখ্যমন্ত্ৰীয়ে সোমবাৰে কয় যে, অসমৰ মুছলমান লোকসকল সম্প্ৰতি সাংস্কৃতিকভাৱে দুভাগত বিভক্ত । উজনিৰ আৰু নামনিৰ । আনকি উজনি আৰু নামনিৰ মুছলমান বিধায়কসকলৰ মাজতো মত পাৰ্থক্য আছে । আনহাতে, মুখ্যমন্ত্ৰীয়ে সদনত সোমবাৰে কয় যে, হিন্দুৰ জনসংখ্যা অসমত সম্প্ৰতি হ্ৰাস পাইছে ।

অৰ্থনৈতিকভাৱে মুছলমান লোকতকৈ হিন্দুসকলৰ অৱস্থা উন্নত হৈছে । মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে বিধানসভাত কয় যে, জনসংখ্যা ৰোধৰ বিষয়টোক লৈ কোনেও ৰাজনীতি কৰিব নালাগে । উল্লেখ্য যে, অসমত শেহতীয়া দশক কেইটাত যি জন বিস্ফোৰণ হৈছে, তাৰ বাবে প্ৰত্যক্ষভাৱে আঙুলিয়াই অহা হৈছে চৰ-চাপৰিবাসী ধৰ্মীয় সংখ্যালঘু সমাজক । ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ ৩.১২ কোটি জনসংখ্যাৰ ৩৪.২ শতাংশই হ'ল মুছলমান সম্প্ৰদায়ৰ ।

পৰিসংখ্যা অনুসৰি, ১৯০১ চনৰ ২০২১ চনলৈ মুছলিমসকলৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ‌ ১২.৪ শতাংশ ৰ পৰা‌ ৪০.০৩ শতাংশ ।‌‌ অনুমান কৰা‌ হৈছে যে ২০২১ চনৰ লোকপিয়লত অসমৰ জনসংখ্যা হ'বগৈ ৩,৫৬,০৭০৩৯ । এই পৰিসংখ্যা "Unique Identification India Data, 30 May" ৰ । ২০০১-২০১১ চনৰ দশকটোত অসমত মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৯ শতাংশ আৰু হিন্দুৰ বৃদ্ধিৰ হাৰ আছিল ১০ শতাংশ ।‌

সোমবাৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমক যদি দেশৰ প্ৰথম পাঁচখন দেশৰ এখন হিচাপে প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে চৰ-চাপৰি অঞ্চলৰ মুছলমানসকলৰ মাজত থকা অধিক সংখ্যক সন্তান জন্ম দিয়াৰ প্ৰস্তাৱ হ্ৰাস কৰিব লাগিব । ইয়াৰ বাবে লাগিব ব্যাপক সচেতনতা অভিযান । সেই উদ্দেশ্যে তেওঁ চৰ-চাপৰিত কাম কৰাৰ‌ বাবে এহাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দি উলিওৱা হ'ব বুলি ঘোষণা কৰে ।

তেওঁৰ মতে বিশেষ কাৰিকৰী কাৰণত বাৰ্ষিক বাজেটত এই কথা‌ উল্লেখ কৰা হোৱা নাছিল যদিও শীঘ্ৰেই জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ কৰা হ'ব । এই অভিযানৰ অধীনত জন্ম নিৰোধক বিতৰণৰো দিহা‌ কৰা‌ হ'ব । মন কৰিবলগীয়া যে, ৰাজ্যত মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰাৰ‌ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভণিৰে পৰা চেষ্টা কৰি আহিছে ।

এইক্ষেত্ৰত বিশেষভাৱে হেঁচা দি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই । জনস্বাস্থ্য সমাধান ফাউণ্ডেশ্যন নামৰ সংঘৰ ভগ্নী সংগঠনে এইক্ষেত্ৰত বিশেষভাৱে সচেতনতা আৰু চৰকাৰৰ ওপৰত হেঁচা দি আহিছে । এনে কথা লাহে লাহে অধিক সবল ৰূপত সিদ্ধান্ত হিচাপে বিধানসভাৰ মজিয়াত প্ৰতিফলিত হৈছে ।‌

লগতে পঢ়ক: পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.