ETV Bharat / state

মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্ৰাক্তন মুখ্যমন্ত্রীৰ আঢ়ৈ লাখ টকাৰ বৰঙণি

author img

By

Published : Jun 10, 2021, 7:39 PM IST

sonowal donate
মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্ৰাক্তন মুখ্যমন্ত্রীৰ আঢ়ৈ লাখ টকাৰ বৰঙণি

ক'ভিড যুঁজৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আঢ়ৈ লাখ টকাৰ চেক অৰ্পন ৷

গুৱাহাটী,১০ জুন : মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ(CMRF) আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ক'ভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টীকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে এই বৰঙণি । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ক'ভিডৰে যুঁজিবলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু ব্যক্তি বিশেষে মুখ্যমন্ত্রীৰ সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়াই আহিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.