ETV Bharat / state

খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ : উপ সমিতিসমূহে দাখিল কৰিলে প্ৰতিবেদন

author img

By

Published : Apr 21, 2022, 10:28 PM IST

কেইবাটাও বিষয় সামৰি গঠন কৰা খিলঞ্জীয়া মুছলমানৰ উপ সমিতিসমূহে বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে প্ৰতিবেদন ( Sub committees summitted report) । জনসংখ্যা নিয়ন্ত্ৰণ, শৈক্ষিক বিকাশ, স্বাস্থ্য, মহিলা সবলীকৰণ, দক্ষতা বৃদ্ধি আদি বিষয়ত প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন ।

Socio-economic development of indigenous Muslims: Sub-committees submited report
খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ : উপ সমিতিসমূহে দাখিল কৰিলে প্ৰতিবেদন

গুৱাহাটী, ২১ এপ্ৰিল : অসম চৰকাৰে খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণৰ (Socio economic development of indigenous muslims) বাবে গঠন কৰা উপ সমিতিসমূহে আজি দাখিল কৰিলে তেওঁলোকৰ প্ৰতিবেদন । কেইবাটাও বিষয় সামৰি গঠন কৰা উপ সমিতিসমূহে আজি জনতা ভৱনত মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে প্ৰতিবেদন। জনসংখ্যা নিয়ন্ত্ৰণ, শৈক্ষিক বিকাশ, স্বাস্থ্য, মহিলা সবলীকৰণ, দক্ষতা বৃদ্ধি আদি বিষয়ত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

এই প্ৰতিবেদনৰ আধাৰত খিলঞ্জীয়া মুছলমানৰ উত্তৰণৰ হকে হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীনভাৱে চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব (Government to ensure developement of indigenous muslims) । অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি উপ-সমিতিসমূহৰ অধ্যক্ষ, সদস্য আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ।

Socio-economic development of indigenous Muslims: Sub-committees submited report
খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ : উপ সমিতিসমূহে দাখিল কৰিলে প্ৰতিবেদন

উল্লেখ্য যে বিগত বৰ্ষৰ ৪ জুলাইত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই 'আলাপ আলােচনা : ধর্মীয় সংখ্যালঘুসকলৰ সৱলীকৰণ' শীর্ষক এক বিশেষ অনুষ্ঠানৰ যোগেদি অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্রতিনিধিত্ব কৰা ডেৰশতাধিক বিশিষ্ট ব্যক্তিৰ সৈতে এক সৌহাদ্যপূর্ণ আলােচনাত মিলিত হৈছিল ।

সেই বৈঠকত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্ৰভাৱিত কৰা বহুকেইটা আর্থ-সামাজিক দিশৰ ওপৰত আলােচনা কৰা হৈছিল। বৈঠকত খিলঞ্জীয়া মুছলমান সমাজক প্রতিনিধিত্ব কৰা বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, চিকিৎসক, অধিবক্তা, সমাজকর্মী তথা সমাজৰ বিভিন্ন স্তৰত ব্যক্তিয়ে নিজ জনগােষ্ঠীৰ উত্তৰণৰ বাবে হাতত ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত চৰকাৰলৈ যাৱতীয় দিহা পৰামৰ্শ আগবঢ়াইছিল ।

সেই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত অধ্যয়নৰ বাবে প্রতিনিধি সকলক লৈ সাতখন উপ সমিতি গঠন কৰাৰ কথা কৈছিল। পৰৱৰ্তী সময়ত সম্প্রদায়টোৰ এগৰাকী ব্যক্তিক অধ্যক্ষ আৰু এগৰাকী চৰকাৰী বিষয়াক সদস্য সচিব হিচাপে লৈ উপ সমিতিসমূহ গঠন কৰা হৈছিল । অৱশেষত আজি সেই উপ সমিতিসমূহে তেওঁলোকৰ প্ৰতিবেদন মুখ্যমন্ত্রীৰ হাতত অৰ্পণ কৰে ।

লগতে পঢ়ক : তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.