ETV Bharat / bharat

তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

author img

By

Published : Apr 21, 2022, 7:56 PM IST

Updated : Apr 21, 2022, 9:26 PM IST

জিগনেশৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে (court rejects Jignesh Mevani's bail petition ) ৷ তিনি দিনৰ আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী (three days police custody for Jignesh mevani) ৷

jignesh-mevani-in-three-days-police-custody
তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

নিউজ ডেস্ক, 21 এপ্ৰিল : গুজৰাটৰ বিধায়ক তিনি দিনৰ আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী ৷ জিগনেশৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে (three days police custody for Jignesh mevani) ৷ জিগনেশ মেৱানীক চৈধ্য দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে, কিন্তু আদালতে তিনিদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে জিগনেশ মেৱানীক ৷

jignesh-mevani-in-three-days-police-custody
তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

উল্লেখযোগ্য যে, অসম আৰক্ষীয়ে এক বিতৰ্কিত টুইটক কেন্দ্ৰ কৰি গুজৰাট বিধানসভাৰ সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে বিধায়কগৰাকীক কঠোৰ নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে । কোকৰাঝাৰলৈ লৈ অহাৰ পিছত আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় বিধায়ক জিগনেশ মেৱানীক । আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিধায়কগৰাকীক হাজিৰ কৰোৱাত বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰিবলৈ তেওঁৰ অধিবক্তাই আদালতত আৱেদন দাখিল কৰে যদিও আদালতে জামিন আৱেদন খাৰিজ কৰে (bail petition of Jignesh Mevani rejected) ।

jignesh-mevani-in-three-days-police-custody
তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

পিছত আৰক্ষীয়ে বিধায়কগৰাকীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিন্মাত বিচাৰে যদিও আদালতে তিনিদিনৰ বাবেহে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে বিধায়ক জিগনেশ মেৱানীক ৷ উল্লেখ্য যে, আজি আদালতে বন্ধ থকা হেতুকে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰায় বিধায়কগৰাকীক ।

তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

ইপিনে বিধায়কগৰাকীৰ অধিবক্তাই প্ৰকাশ কৰা মতে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশ নিকুঞ্জ বড়োৰ আদালতে বিধায়কগৰাকীৰ জামিন নামাঞ্জুৰ কৰাৰ পিছত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদনৰ বাবে আপিল কৰিব। আইনী যুঁজ চলাবলৈ নতুন দিল্লীৰ পৰা এটা অধিবক্তাৰ দল আহিব বুলিও প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

লগতে পঢ়ক : ৰ‍াজনৈতিক চক্ৰান্তৰ বলি হ'ল নেকি গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানী ?

Last Updated :Apr 21, 2022, 9:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.