ETV Bharat / state

Asam Sahitya Sabha Election: সাহিত্য সভাৰ সভাপতিৰ দৌৰত ছয়গৰাকী

author img

By

Published : Oct 28, 2022, 8:31 PM IST

প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰা চহিৰ ভূঞাই আজি প্ৰত্যাহাৰ কৰে মনোনয়ন-পত্ৰ (Nomination for Sahitya Sabha election)। অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে মুঠ ১৭ জন সদস্য নিৰ্বাচনত অৱতীৰ্ণ হ’ব । সভাপতি পদৰ ভোটযুদ্ধত য়েছে দৰজে ঠংচি, সূর্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, ড৹ জগদীশ পাটগিৰি, ৰোমান শৰ্মা আৰু প্ৰহ্লাদ চন্দ্ৰ তাছা ।

Asam Sahitya Sabha Election
অসম সাহিত্য সভাৰ সভাপতিৰ দৌৰত ছয়গৰাকী বিশিষ্ট ব্যক্তি

গুৱাহাটী, ২৮ অক্টোবৰ : অসম সাহিত্য সভাৰ সভাপতিৰ দৌৰত আছে ছয়গৰাকীকৈ বিশিষ্ট ব্যক্তি (Asam Sahitya Sabha President Poll)। ইতিমধ্যে মনোনয়ন-পত্র দাখিলৰ প্ৰায় সমাপ্ত হোৱাৰ পাছত আজি মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰা চহিৰ ভূঞাই আজি নিজৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰে ।

প্ৰধান সম্পাদক পদৰ বাবে ছয়গৰাকী ব্যক্তিয়ে মনোনয়ন দাখিল কৰিছিল (Sahitya Sabha secretary nomination)। আজি এজনে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত পাঁচজনৰ মাজত হ'ব প্ৰধান সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা । এই কথা স্পষ্ট যে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে মৰ্যাদাপূর্ণ পদ কোনেও কাকো বিনাযুদ্ধে এৰি দিবলৈ প্ৰস্তুত নহয় । যাৰ বাবে ছয়গৰাকীকৈ বিশিষ্ট ব্যক্তি সভাপতি পদৰ বাবে ভোটযুদ্ধত অৱতীৰ্ণ হৈছে ।

সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰা বিশিষ্ট ব্যক্তি ছয়গৰাকী হৈছে - য়েছে দৰজে ঠংচি(Yeshe Dorjee Thongchi), সূর্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, ড৹ জগদীশ পাটগিৰি, ৰোমান শৰ্মা আৰু প্ৰহ্লাদ চন্দ্ৰ তাছা ।

আনহাতে অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বসন্ত কুমাৰ শৰ্মা, গোবিন্দ তালুকদাৰ, গিৰিশ সন্দিকৈ, ধীৰেন শৰ্মা, গণেশ চন্দ্ৰ নাথ আৰু পবিত্ৰ বৰবৰাই । সেইদৰে প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ছজনকৈ সদস্য । ইয়াৰে চহিৰ ভূঞাই মনোনয়ন প্ৰত্যাহাৰ কৰাত থাকিল পাঁচজন । তেওঁলোক হৈছে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বৰ্তমানৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰা, যোৰহাটৰ ৰমানন্দন বৰা, হোজাইৰ অনুপ বৰঠাকুৰ আৰু ধুবুৰীৰ ড৹ উপেন্দ্ৰজিৎ শৰ্মা ।

উল্লেখ্য এইবাৰ অসম সাহিত্য সভাৰ যোৰহাটস্থিত প্ৰধান কার্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰাৰ বিপৰীতে গুৱাহাটীস্থিত কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত মনোনয়ন-পত্ৰ জমা দিয়ে । উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে মুঠ ১৭ জন সদস্য নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।

২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ আৰু সংগ্ৰহ কৰাৰ দিন ধার্য কৰা হৈছে । ১৩ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব ভোটদানপৰ্ব । সেইদিনাই ভোটৰ বাকচ সংস্থাপিত কৰা হ’ব গুৱাহাটীৰ প্ৰধান ডাকঘৰ মেঘদূত ভৱনত । ডাকযোগে অহা ভোটপত্ৰসমূহ ৪ ডিচেম্বৰৰ ভিতৰত নিৰ্দিষ্ট ভোট বাকচত জমা হ’ব লাগিব ।

৫ ডিচেম্বৰৰ পুৱা ১০ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত বন্ধ কৰা হ’ব ভোটৰ বাকচ । তাৰ পাছতেই পাণবজাৰ আৰক্ষী থানাৰ জিম্মাত থাকিব অসম সাহিত্য সভাৰ ভোটৰ বাকচ । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত ভোটগণনাৰ দিন চূড়ান্ত কৰিব ।

লগতে পঢ়ক : TMC Protest: মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.