ETV Bharat / state

Protest against Govt: অসম বিধানসভাৰ প্ৰথম দিনাই চচলত কেইবাটাও সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Mar 10, 2023, 10:28 PM IST

Protest against Govt
চচলত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদ

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন 2023 ৷ এই দিনটোতেই গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলী কঁপাই তুলিলে কেইবাটাও প্ৰতিবাদী সংগঠনে ৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে বিভিন্ন দাবী উত্থাপন প্ৰতিবাদকাৰীৰ (Several organizations set on protest in Guwahati) ৷

চচলত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, ১০ মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা কেইবাটাও দল সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলী। নাৰ্য প্ৰাপ্তিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদী কণ্ঠৰে মুখৰিত হ’ল চচলৰ আকাশ-বতাহ । অসমৰ সংখ্যালঘু জনতাৰ ওপৰত বিজেপি চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ উদ্যোগত চচলত দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় (Several organizations set on protest in Guwahati)।

এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা কেইবাশতাধিক প্ৰতিবাদীকাৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মইমতালি নচলিব, মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদ নচলিব, সংখ্যালঘুৰ ওপৰত চলোৱা অমানৱীয় উচ্ছেদ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, আমাক ভূমি পট্টা লাগিবই, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চচলৰ প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে (ABMSU protest against eviction in Assam) ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সন্থাৰ সভাপতি আশ্ৰাফুল ইছলাম শ্বেইখে কয় যে, RSS ক সন্তুষ্ট কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সংখ্যালঘুৰ ওপৰত বাৰম্বাৰ উচ্ছেদ চলাই আহিছে । সেয়ে চৰকাৰে সংখ্যালঘুৰ ওপৰত চলা অমানৱীয় উচ্ছেদ অভিযান অতি সোনকালে বন্ধ কৰাৰ বাবে দাবী জনায় (ABMSU demands close of eviction drive) ৷

লগতে পঢ়ক: Assam politics: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ দহটাকৈ বিৰোধী দল

তেওঁ লগতে কয় যে, আজিৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ পিচতো যদি দিছপুৰ গা নলৰে তেনেহ’লে এই প্ৰতিবাদ আৰু অধিক তীব্ৰ হব । দিল্লীলৈ লৈ যোৱা হ’ব এই প্ৰতিবাদ । লগতে সংখ্যালঘু ৰ ওপৰত চলোৱা এই অমানৱীয় উচ্ছেদ ৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগত অভিযোগ দিয়াৰ লগতে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হ’ব বুলি সকীয়াই দিয়ে সন্থাৰ নেতৃবৃন্দই ।

এইক্ষেত্ৰত দেহত শেষ বিন্দু তেজ থকালৈকে এবিএমছুয়ে প্ৰতিবাদ অব্যাহত ৰাখিব স্পষ্ট কৰি দিয়ে।প্ৰতিবাদৰ অন্তত সংগঠনটো ৰ তৰফৰ পৰা গুৱাহাটী পূৱ আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত সুৰজিত সিং পানেচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে (ABMSU sent memorandum to Assam CM) ৷

ইফালে, দিনে ৰাতিয়ে চৰকাৰৰ হৈ কাম কৰা গাঁও প্ৰধান সকলক চৰকাৰী কৰ্মচাৰী হিচাপে ঘোষণা কৰাৰ দাবী তুলি আজি সদৌ অসম গাঁও প্রধান সংস্থাই চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে অব্যাহতি দিয়া গাঁও প্ৰধানসকলক ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ লগতে মাহিলী পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে । চৰকাৰে এই দাবী সমূহ মানি নল’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকৰ দিয়ে গাঁও প্ৰধানসকলে (Village heads protest in Guwahati)।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম গাঁও প্রধান সংস্থাৰ সভাপতি গোবিন গগৈ আৰু সম্পদক ঘনশ্যাম তালুকদাৰে কয় যে, প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰ সাঁকো তথা তৃণমূল পৰ্যায়ৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছে ৰাজ্যৰ গাঁও প্রধানসকল । অথচ দিন-ৰাতি একাকাৰ কৰি মাত্ৰ ৯০০০ টকাৰ দৰমহাত কাম কৰাৰ পিচতো গাঁও প্ৰধানৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰখনে ।

লগতে পঢ়ক: Tutor protest in Guwahati: ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা

সৱকা সাথ সবকা বিশ্বাসৰ শ্লোগান সততে আওৰোৱা চৰকাৰখনে প্ৰকৃততে গাঁও প্ৰধানসকলক বিশ্বাসঘাতকতা কৰিলে । সেয়ে অতি কম দৰমহাত কাম কৰা গাঁও প্রধানসকলক প্রতিষ্ঠানিক ৰূপ দি অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে মর্যদা প্ৰদান কৰি জীৱন-জীৱিকাৰ পথ সূচল কৰিবলৈ চৰকাৰলৈ অনুৰোধ তেওঁলোকৰ ।

আনহাতে, ২০২১ চনৰ ২৬ আগষ্টত অসম চৰকাৰে ৬৫ বছৰৰ উদ্ধৰ গাঁও প্রধানসকলক চৰকাৰী অধিসূচনা যোগে অব্যাহতি দিয়াৰ পিচত আৰ্থিক দৈন্যতাৰ সন্মুখীন হোৱা সেইসকল সহকর্মীৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি ১০ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ লগতে মাহিলী পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰক দাবী জনায় । গাঁও প্রধানসকলৰ দাবী সমূহ চৰকাৰে শীঘ্ৰে পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক তীব্র গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সদৌ অসম গাঁও প্রধান সংস্থাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.