ETV Bharat / state

Assam politics: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ দহটাকৈ বিৰোধী দল

author img

By

Published : Mar 10, 2023, 9:45 PM IST

কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত দহটা ৰাজনৈতিক দলৰ ৰুদ্ধদ্বাৰ বৈঠক । এ আই ইউ ডি এফক বাদ দি ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বামপন্থী দলসমূহকে ধৰি দহটা ৰাজনৈতিক দলৰ অংশ গ্ৰহণ । ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে অনুষ্ঠিত কৰিব ৰাজ্যিক সন্মিলন । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰোধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সিদ্ধান্ত (Congress have united to counter the BJP) ।

Congress have united to counter the BJP
কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ দহটাকৈ বিৰোধী দল

কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ দহটাকৈ বিৰোধী দল

গুৱাহাটী, ১০ মাৰ্চ: ৰাজ্যত বিৰোধী শক্তি দুৰ্বল হৈ পৰা বুলি ব্যাপক চৰ্চা চলাৰ সময়ত এইবাৰ কংগ্ৰেছৰ উদ্যোগত বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে । আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্রদেশ কংগ্ৰেছে এই উদ্যোগ গ্রহণ কৰিছে । তাৰেই অংশ স্বৰূপে শুকুৰবাৰে বিয়লি গুৱাহাটীৰ খানাপাৰাস্থ হোটেল লিলিত বিৰোধী ৰাজনৈতিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই বৈঠকত এ আই ইউ ডি এফক বাদ দি ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বামপন্থী দলসমূহকে ধৰি দহটা ৰাজনৈতিক দলে অংশ গ্ৰহণ কৰে (Opposition parties meeting in Guwahati)।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকত কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ উপৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, বাওঁ দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সাংসদ অজিত ভূঞাকে ধৰি ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে (Congress tie up with nine opposition parties)।

উল্লেখ যে, বৈঠকত এ আই ইউ ডি এফৰ উপৰিও আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে স্থান নাপালে । প্ৰায় চাৰে তিনি ঘণ্টা ধৰি চলা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত বিৰোধী দলকেইটাৰ নেতৃত্বই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত ভূপেন বৰাই কয়, ‘‘আমি নিখুঁত ৰণনীতি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছো । ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছে ।’’ (AIUDF excluded from opposition meet)

লগতে পঢ়ক: Lok Sabha election 2024: অসমত কোন কোন সাংসদক এইবাৰ টিকট নিদিয়ে বিজেপিয়ে

তেওঁ লগতে কয় যে, আজিৰ সভাত বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হোৱাৰ সন্মিলিত সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সিদ্ধান্তও আজিৰ সভাত লোৱা হয় । আনহাতে আজিৰ সভাই ৰাজ্যত আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক দাবী জনায় (Assam political news)।

ইফালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, ‘‘আমি ১০টা দল ঐক্যমতত উপনীত হৈছো । এ আই ইউ ডি এফ দল সাম্প্ৰদায়িক দল আৰু সেই দলটোৰ লগত আমি কাম নকৰো বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, আপ আৰু তৃণমূল কংগ্ৰেছৰ লগত আলোচনা কৰা হ'ব । বিগত বিধানসভাত নিৰ্বাচনত বেলেগ বেলেগ শিবিৰত আছিলোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে, এইবাৰ একলগ হৈছো ।’’ বিজেপিক উৎখাত কৰিবলৈ আমি সকলো প্ৰথমবাৰৰ বাবে ঐক্যবদ্ধ হৈছো বুলি তেওঁ কয় ।

লগতে পঢ়ক: Sarania kachari ST status: শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

সাংসদ অজিত কুমাৰ ভূঞাই এ আই ইউ ডি এফক বিজেপিৰ এজেন্ট আখ্যা দি কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে এ আই ইউ ডি এফ । ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ভোট বিভাজন ৰোধ কৰিবলৈ পৰৱৰ্তী দিনত যি কৰিব লাগে কৰা হ'ব । এ আই ইউ ডি এফ কেৱল সাম্প্ৰদায়িক দলেই নহয় তেওঁলোক বিজেপিৰ এজেন্ট । বিজেপিক প্ৰতিহত কৰিবলৈ এ আই ইউ ডি এফ দলকো নিঃশেষ কৰিব লাগিব বুলি তেওঁ কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.