ETV Bharat / state

Sarania kachari ST status: শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

author img

By

Published : Mar 10, 2023, 7:27 PM IST

কি হ’ব নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত ? কিয়নো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে শৰণীয়া কছাৰীসকলক প্ৰদান কৰি অহা জনজাতিৰ মৰ্যাদা কৰ্তন কৰা হৈছে (Sarania kachari ST status) ৷ এনে প্ৰেক্ষাপটত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচন খেলাৰ সুবিধা লাভ কৰিব নে শৰণীয়াই ?

Sarania kachari ST status
শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

গুৱাহাটী, 10 মাৰ্চ: গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচত ৰাজ্য চৰকাৰে শৰণীয়া কছাৰীসকলক প্ৰদান কৰি অহা জনজাতিৰ মৰ্যাদা উঠাই লোৱাত শৰণীয়া কছাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Sarania kachari ST status)। এই ক্ষেত্ৰত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই (MP Naba Hira Kumar Sarania) ।

শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘এইবোৰ সাধাৰণ সমস্যা ৷ চৰকাৰে এই সমস্যা সমাধান কৰিব পাৰিব । সময়ে সময়ে এই বিষয়টো উত্থাপন হৈ আহিছে । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ত এই সমস্যাটোৰ বিষয়ে আলোচনা কৰা‌ হৈছিল ।’’

বিষয়টো আঙুলিয়াই দিয়াৰ বাবে উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, শৰণীয়া কছাৰীসকলৰ জনজাতিৰ মৰ্যাদা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থিতি আৰু চৰকাৰৰ এই নিৰ্দেশে কেইবাটাও দিশত গুৰুত্ব বহন কৰিছে (Naba kumar Sarania on Sarania Kachari ST status)।

বিশেষকৈ ৰাজ্যৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে ইমান দিনে ভোগ কৰি অহা জনজাতিৰ মৰ্যাদা তথা সুবিধা এতিয়াৰে পৰা লাভ কৰিবলৈ সক্ষম নহ’ব । আনকি তেওঁলোকে এই সুবিধা গ্ৰহণ কৰি ভৱিষ্যতে চাকৰি অথবা শৈক্ষিক ক্ষেত্ৰতো লাভালাভ আদায় কৰিব নোৱাৰিব ৷ কিন্তু এই নিৰ্দেশনাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক জীৱনলৈ অন্ধকাৰ নমাই আনিছে ।

কিয়নো শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তনৰ ফলত তেওঁ সমষ্টিটোক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা হেৰুৱাই পেলাইছে । উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত (Kokrajhar Lok Sabha constituency) । অর্থাৎ ইয়াত কোনো জনজাতীয় লোকেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । 2014 চনত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰার্থী হিচাবে নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াই 2019 ৰ লোকসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে ।

দুয়োবাৰে তেওঁ শৰণীয়া কছাৰীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা জনজাতিৰ মৰ্যাদাৰ সুযোগ লৈ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । এইবাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো সুযোগ নাই । কাৰণ চৰকাৰী নিৰ্দেশনাৰ পিচত তেওঁ জনজাতিৰ মৰ্যাদা হেৰুৱাই পেলাইছে (Sarania Kachari ST status withdraw) ।

উল্লেখ্য যে, 2014 চনত তেওঁ প্ৰথমবাৰ জয়লাভ কৰাৰ পাচৰ পৰাই শৰণীয়াৰ জনজাতিৰ স্থিতিক লৈ বিতৰ্কৰ সৃষ্টি হৈ আহিছে । তেতিয়াই তেওঁৰ মনোনয়নৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল । পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ত পৰীক্ষণ সমিতিত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল ।

2019 চনত শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল । এই আবেদনখনক কেন্দ্ৰ কৰি বিষয়টো যিহেতু আদালতত বিচাৰাধীন হৈ আছিল, সেয়েহে ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সমিতিয়ে ইমানদিনে আদালতৰ দোহাই দি বিষয়টো মীমাংসা কৰা নাছিল ।

এতিয়া আদালতে যাৱতীয় বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰেও শৰণীয়া কছাৰীসকলৰ জনজাতিৰ মৰ্যাদা উঠাই লোৱাৰ লগতে ট্ৰাইবেল সংঘৰ জনজাতিৰ প্ৰমাণপত্ৰ দিয়াৰ কৰ্তৃত্ব প্রত্যাহাৰ কৰিছে ৷

কিন্তু এই সন্দৰ্ভত আদালতে এটা কথা স্পষ্ট কৰি দিছে যে অসম চৰকাৰে যদি বিচাৰে সাংবিধানিক নীতি নিয়মৰ অধীনত শৰণীয়া কছাৰী সম্প্ৰদায়ক অনুসুচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ পদক্ষেপ ল’ব পাৰে । ইয়াৰ‌ ভিত্তিত সাংসদ নৱ কুমাৰ শৰণীয়াই মন্তব্য কৰিছে যে চৰকাৰে এই সমস্যা সমাধান কৰিব পাৰিব ।

লগতে পঢ়ক: Lok Sabha election 2024: অসমত কোন কোন সাংসদক এইবাৰ টিকট নিদিয়ে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.