ETV Bharat / state

Tutor protest in Guwahati: ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা

author img

By

Published : Mar 10, 2023, 5:58 PM IST

মহানগৰীৰ খানাপাৰত শিক্ষকৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ (Teacher protest in Khanapara) ৷ টিউটৰসকলক আন শিক্ষকৰ দৰে সমমৰ্যাদা আৰু সমপাৰিতোষিক প্ৰদানৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

Tutor protest in Guwahati
ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা

ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা

গুৱাহাটী, 10 মাৰ্চ: অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই ন্যায্য প্ৰাপ্তিৰ দাবীত গুৱাহাটী মহানগৰীত পুনৰ শিক্ষকৰ প্ৰতিবাদ ৷ 9 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল খানাপাৰা ৷ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সংস্থাই সাব্যস্ত কৰে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী (Teacher protest in Khanapara) ৷

টিউটৰ নাম উঠাই দি আন শিক্ষকসকলৰ দৰে সমপাৰিতোষিক আৰু সমমৰ্যাদা প্ৰদান কৰাক মূল দাবী হিচাবে লৈ সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ খানাপাৰাৰ পৰা দিছপুৰলৈ উলিওৱা হৈছিল এই বিশাল প্ৰতিবাদী সমদল ৷ কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ খবৰ লাভ কৰিয়েই খানাপাৰাত শুকুৰবাৰে পুৱাৰে পৰা সষ্টম হৈ আছিল আৰক্ষী (Tutor protest in Guwahati) ৷

প্ৰতিবাদকাৰীক দিছপুৰ অভিমুখে যোৱাত বাধা প্ৰদান কৰে আৰক্ষী বাহিনীয়ে ৷ লগতে একাংশ প্ৰতিবাদী শিক্ষকক আটক কৰি আৰক্ষীয়ে বাছেৰে লৈ যায় চচলৰ ধৰ্ণাস্থলীলৈ আৰু একাংশ শিক্ষকক আবদ্ধ কৰি ৰাখে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ ইফালে, আন একাংশ প্ৰতিবাদী শিক্ষকে দিছপুৰ অভিমুখী মূল পথতে বহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ যাৰবাবে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধৰ ৷ আন শিক্ষকৰ দৰে সমমৰ্যাদা প্ৰদান কৰাৰ লগতে গ্ৰেছুইটি প্ৰদান কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদী শিক্ষকসকলে (Dispur Chalo protest in Guwahati) ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদী শিক্ষকসকলে সংবাদ মাধ্যমৰ আগত কয় যে, 2022 বৰ্ষৰ 5 ফেব্ৰুৱাৰীত বিজেপি চৰকাৰে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত 25/30 বছৰ ধৰি কৰ্মৰত 9000 শিক্ষকক মাত্ৰ 10,800 টকা দৰমহাত টিউতৰ হিচাপে নিযুক্তি দিছিল । চৰকাৰে পৰৱৰ্তী সময়ত টিউটৰসকলক শিক্ষকৰ সমমৰ্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাচতো আজি পৰ্যন্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷ চৰকাৰে এই সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ল বুলিও হুংকাৰ দিয়ে শিক্ষসকলে ৷

লগতে পঢ়ক: Budget Session 2023 : কুকুৰৰ মাংস প্ৰসংগক লৈ উত্তাল অসম বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.