ETV Bharat / state

Freedom of speech: ভুল তথ্য দিয়াৰ কাৰণে যদি কাৰাগাৰৰ বন্দী হ’ব লাগে তেন্তে মুখ্যমন্ত্ৰীয়েও কৰি আছে এনে অপৰাধ; উপমন্যু হাজৰিকা

author img

By

Published : Apr 17, 2023, 10:32 PM IST

upamanyu hazarika statement on freedom of speech
গুৰুত্বপূৰ্ণ মন্তব্য উপমন্যু হাজৰিকাৰ

দেশ তথা ৰাজ্যত মানুহৰ বাক স্বাধীনতাৰ প্ৰতি অশনি সংকেত আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । নতুন দিল্লীত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে এই মন্তব্য কৰে (Upamanyu Hazarika statement on freedom of speech) ৷

গুৰুত্বপূৰ্ণ মন্তব্য উপমন্যু হাজৰিকাৰ

গুৱাহাটী, 17 এপ্ৰিল : বৰ্তমান সময়ত সাধাৰণ জনতাৰ বাক স্বাধীনতা খৰ্ব হৈছে বুলি অনুভৱ কৰি এই সন্দৰ্ভত যুক্তিযুক্তভাৱে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ বাক স্বাধীনতাৰ প্ৰতি অশনি সংকেত আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘চৰকাৰক বিৰোধিতা কৰি সমালোচনা কৰাৰ অভিযোগত এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ সুশান্ত নাথক গ্ৰেপ্তাৰ কৰা আৰু সেই অভিযোগ প্ৰকাশ কৰা সাংবাদিক জিতুমণি বৰাক আৰক্ষীয়ে জেৰা কৰাটো বাক স্বাধীনতাৰ কাৰণে এক অশনি সংকেত’’ (Senior Advocate of Supreme Court Upamanyu Hazarika)।

তেওঁ লগতে কয়, "আম আদমী পাৰ্টীৰ মুখপাত্ৰ সুশান্ত নাথে এটা অভিযোগ কৰিলে যে, সৰুসজাইত অনুষ্ঠিত হ’ব লগীয়া বিহুৰ কাৰণে কলাক্ষেত্ৰত টিকট বিক্ৰী কৰিছে, সেইটো অপৰাধ কেনেকৈ হ’ল ? সেই অভিযোগে IPC দফা 153 ক আৰু দফা 505 অনুসৰি সাম্প্ৰদায়িক সংঘাতত কেনেকৈ অৰিহণা যোগালে ? অভিযোগ প্ৰকাশ কৰাৰ কাৰণে এজন সম্পাদকক আৰক্ষীয়ে জালত কিয় পেলালে ? বাতৰি প্ৰকাশ কৰোঁতে সাৱধানতা দেখুৱাই টিকট বিক্ৰী হ’ব পাৰে কিজানি বুলি কোৱাৰ পিচতো এজন সাংবাদিকক চমন জাৰি কৰি জেৰা কৰাৰ যুক্তি কি ? এইয়া বিপক্ষ আৰু সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ প্ৰচেষ্টা নহয় নে" ?

অধিবক্তা লগতে কয়, ‘‘ভুল অভিযোগৰ আইনী উপায় হৈছে মানহানিৰ গোচৰ ৷ যেতিয়া তথ্য ভিত্তিত এটা সাধাৰণ বিষয়লৈ প্ৰশ্ন কৰা হয় যে, সৰুসজাই বিহুত প্ৰৱেশ বিনামূলীয়া নে টিকট ক্ৰয় কৰিব লাগিব, এনে অভিযোগে কেনেকে এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব যাৰ কাৰণে জামিন বিহীন ধাৰা লগাই IPC 153 (ক), 505 প্ৰযোজ্য হ’ব ? যদি মুখ্যমন্ত্ৰী বা চৰকাৰ এনে অভিযোগেৰে ক্ষুব্ধ তেন্তে তেওঁলোকৰ উপায় হৈছে অতি বেছি এটা মানহানিৰ গোচৰ ৰুজু কৰাৰ । এই পৰিস্থিতিত অৱশ্যে এটা মানহানিৰ গোচৰো গ্ৰহণযোগ্য নহয় । এনেকুৱা কঠোৰ অপৰাধৰ ধাৰা কোনো কাৰণেই প্ৰযোজ্য নহয়" (Upamanyu Hazarika statement on freedom of speech) ৷

উপমন্যু হাজৰিকাই লগতে কয়, "সাধাৰণ জনতাক মুখ বন্ধ কৰিবলৈ এনেকুৱা কঠোৰ ধাৰা আৰক্ষীয়ে লগোৱাতো এইয়াই প্ৰথম উদাহৰণ নহয় ৷ কিছু মাহৰ পূৰ্বে গোলাঘাটৰ ১৯ বছৰীয়া যুৱতী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ৬৩ দিন কাৰাগাৰত বন্দী কৰি ৰাখে কেৱল ফেচবুকত এটা কবিতা লিখাৰ বাবেই । বৰ্ষাশ্ৰীৰ বিৰুদ্ধে অভিযোগ এইয়াই আছিল যে, কবিতাটোত তেওঁ সূৰ্য বুলি উল্লেখ কৰিছিল আৰু সূৰ্য হ’ল আলফাৰ এটা প্ৰতীক ৷ যাৰ বাবে তেওঁক আলফা সদস্য বুলি মানি লোৱা হ’ল । যদি ভুল তথ্য দিয়াৰ কাৰণে কাৰাগাৰৰ বন্দী হ’ব লাগে তেন্তে আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অপৰাধতো কৰিয়েই থাকে" ৷

হাজৰিকাই আৰু কয়, "কিছু দিনৰ পূৰ্বে শিলসাঁকো বিলত উচ্ছেদৰ সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শিলসাঁকোৰ প্ৰস্তাৱিত উন্নয়নৰ অভিলাসী আঁচনি এখনৰ আলোকচিত্ৰ দি প্ৰচাৰ কৰিছিল । লগে লগে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ ভুল প্ৰমাণিত হ’ল ৷ মুখ্যমন্ত্ৰীয়ে দিয়া আলোকচিত্ৰ খন আচলতে গুজৰাটস্থিত কণকৰিয়া প্ৰকল্পৰ আৰু তেওঁ নিজৰ ভুল মানিও ল’লে । এনে ভুৱা গোচৰ তৰি বিপক্ষ আৰু চতুৰ্থ স্তম্ভৰ বাক স্বাধীনতাৰ মূল অধিকাৰৰ উলংঘন কৰাৰ উপৰিও এটা স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত তেওঁৰ আক্ৰমণ " ৷

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে, উচ্চতম ন্যায়ালয়ে বাৰম্বাৰ সংবাদ মাধ্যমৰ বাক স্বাধীনতাৰ অধিকাৰ সুৰক্ষাৰ বাবে বহুতো ৰায়দান দিছে । যোৱা 5 এপ্ৰিল 2023 ত এনে এটা ৰায়দানত উচ্চতম ন্যায়ালয়ে কেৰেলাৰ মিডিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে য’ত স্পষ্টভাৱে উল্লেখ কৰিছে যে, স্বতন্ত্ৰ সংবাদ মাধ্যম এখন সুস্থ গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো সংবাদ মাধ্যমেহে ক্ষমতাৰ সত্যতা দেখুৱাই ৰাইজৰ হৈ থিয় দিয়ে । উচ্চতম ন্যায়ালয়ে মতামত প্ৰকাশ কৰিছে যে চৰকাৰৰ নীতিক সমালোচনা কৰাটো সংবাদ মাধ্যমৰ মূল অধিকাৰ আৰু ই কোনো ধৰণে উলংঘন হ’ব নোৱাৰে । এই ঘটনাৰ পৰা স্পষ্ট যে, আৰক্ষী বিষয়া সকলৰ কোনো স্বতন্ত্ৰতা নাই আৰু তেওঁলোক ৰাজনীতিবিদৰ আগত শৰণাপন্ন । আৰক্ষী কেৱল ৰাজনীতিবিদৰ অস্ত্ৰ হিচাপেহে ব্যৱহাৰ হয় ।

লগতে পঢ়ক : BJP leader arrested: নিশা ভিজিলেন্স বিষয়াৰ ৰূপ লৈ বিপদত পৰিল বিজেপি নেত্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.