ETV Bharat / state

BJP leader arrested: নিশা ভিজিলেন্স বিষয়াৰ ৰূপ লৈ বিপদত পৰিল বিজেপি নেত্ৰী !

author img

By

Published : Apr 17, 2023, 5:42 PM IST

বিতৰ্কিত বিজেপি নেত্ৰী চুমীমণি দাস এইবাৰ আৰক্ষীৰ জালত ৷ আৰক্ষী অধীক্ষকক ভাবুকি দিবলৈ আহি হাউলীৰ এইগৰাকী বিতৰ্কিত বিজেপি নেত্ৰী চুমীমণি দাসসহ গ্ৰেপ্তাৰ হ’ল আন তিনিজন (Sumimoni Das arrested in Guwahati) ৷

Sumimoni Das arrested in guwahati
বিতৰ্কিত বিজেপি নেত্ৰী চুমীমণি দাস

বিতৰ্কিত বিজেপি নেত্ৰী চুমীমণি দাস

গুৱাহাটী ১৭ এপ্ৰিল : গুৱাহাটীৰ হাতীগাঁৱত এগৰাকী আৰক্ষী অধীক্ষকক ভাবুকি দিবলৈ আহি গ্ৰেপ্তাৰ হৈছে নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া এগৰাকী বিজেপি নেত্ৰীৰ সহিতে মুঠ ৫ জন অভিযুক্ত । হাতীগাঁৱৰ ফ্লাৱাৰ লেণ্ড পথত থকা আৰক্ষী অধীক্ষকগৰাকীৰ ঘৰত নিশা সতীৰ্থৰ সৈতে প্ৰৱেশ কৰিছিল নিজকে ভিজিলেন্সৰ বিষয়া বুলি চিনাকি দিয়া এই বিজেপি নেত্ৰীগৰাকীয়ে (BJP leader Sumimoni Das) ।

নিজকে কেতিয়াবা আৰক্ষী অধীক্ষক আৰু আন কেতিয়াবা ভিজিলেন্সৰ বিষয়া বুলি পৰিচয় দিয়া এই বিজেপি নেত্ৰীগৰাকী হ'ল বৰপেটা জিলাৰ হাউলীৰ চুমীমণি দাস । চুমীমণি দাসৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ মালাকাৰ আৰু ৰাহুল পাটগিৰিক । প্ৰথমতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৫ জনক আটক কৰিছিল । ইয়াৰে দুগৰাকী সদস্য জুৰিমণি দাস আৰু উজ্জ্বল বিকাশ কলিতাক আৰক্ষীয়ে মোকলাই দিছে । হাতীগাঁও থানাৰ আৰক্ষীয়ে আজি অভিযুক্ত চুমীমণি দাস, ভাৰ্গৰ মালাকাৰ আৰু ৰাহুল পাটগিৰিক আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে (Sumimoni Das arrested in Guwahati) ।

জানিব পৰা মতে, অভিযুক্ত চুমীমণি দাসৰ পৰিয়ালটোৰ বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে । মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ কেইবাজনো নেতা-মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছে চুমীমণি দাসৰ পৰিয়ালৰ । গেৰুৱা দলটোৰ নেতা-মন্ত্ৰীৰ সৈতে থকা এনে ঘনিষ্ঠতাৰ সুবাদতে চুমীমণি দাসে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এইদৰে নিজকে এছ পি, ভিজিলেন্সৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনক ভয়-ভাবুকি দি আহিছিল (Controversial BJP leader Sumimoni Das) ।

কিন্তু ১৪ এপ্ৰিলৰ নিশা হাতীগাঁৱৰ বাসিন্দা তথা আৰক্ষী অধীক্ষক শৰ্মিষ্ঠা বৰুৱাৰ ঘৰত অভিযান চলাবলৈ প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হ'ল এই বিজেপি নেত্ৰীগৰাকী । এগৰাকী যুৱতীক বিচাৰি আৰক্ষী অধীক্ষক গৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল চুমীমণি দাসে । আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ সদস্যসকলক বিভিন্ন ভয়-ভাবুকি দিছিল তেওঁ । বিজেপি নেত্ৰী বুলি পৰিচয় দিয়াৰ পিচত বিজেপিৰ ক্ষমতাও কামত নাহিল চুমীমণিৰ । আনকি চুমীমণি দাসক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পৰিৱেশন নকৰিবলৈয়ো এটা দালাল চক্ৰই সাংবাদিকসকলক বিভিন্ন প্ৰলোভন দিছিল যদিও সেয়াও কামত নাহিল । অৱশেষত ফাদিল হ'ল চুমীমণি দাসৰ কুকীৰ্তি ।

লগতে পঢ়ক : Women mysterious death: নিৰ্যাতন চলাই কৰিমগঞ্জত বোৱাৰীক হত্যাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.