ETV Bharat / state

গুৱাহাটীত বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ

author img

By

Published : Jul 6, 2022, 9:12 PM IST

তিনিদিনীয়া ভ্ৰমণসূচী হাতত লৈ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু উপস্থিত হয় গুৱাহাটীত ৷ গুৱাহাটীতে বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ৷

Draupadi Murmu in Assam
গুৱাহাটীত বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ

গুৱাহাটী, ৬ জুলাই: তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Draupadi Murmu in Assam)৷ শাসকীয় এন ডি এৰ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুই বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ তাজ ভিভান্টা হোটেলত সংযুক্ত বিধায়িনী দলৰ সদস্যসকলক সম্বোধন কৰিব- এই কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনায় ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে অসমক কেন্দ্ৰ কৰিয়েই উত্তৰ-পূবৰ ৭ খন ৰাজ্য ভ্ৰমণ কৰিছে (Draupadi Murmu north east visit) । বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় ভ্ৰমণ কৰিছে । বৃহস্পতিবাৰে মিজোৰামলৈ যাবলগীয়া মুৰ্মু সন্ধিয়া পুনৰ গুৱাহাটীলৈ উভতি আহি তাজ ভিভাণ্টাত(Vivanta Guwahati) বিধায়কসকলক সম্বোধন কৰিব ৷ ইয়াৰ পাচতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে উত্তৰ-পূবৰ ভ্ৰমণসূচী সামৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ।

গুৱাহাটীত বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ

উল্লেখ্য যে দৌপদী মুৰ্মু(President candidate Draupadi Murmu) মঙলবাৰে নিশা 10.45 বজাত আহি উপস্থিত হয় গুৱাহাটীৰ বৰঝাৰ বিমান কোঠত । আনহাতে, অহা ১২ জুলাইত অসমলৈ অহাৰ সম্ভাৱনা আছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিন্‌হা । সিন্‌হাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী এতিয়াও চূড়ান্ত হোৱা নাই যদিও তেওঁ কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলৰ লগতে চি পি এম আৰু ৰাইজৰ দলৰ বিধায়কৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে (Jaswant Singh to visit Assam)।

লগতে পঢ়ক: দোষমুক্ত হৈ কি ক’লে ভুৱা এনকাউন্টাৰৰ ভুক্তভোগী কীৰ্তিকমল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.