ETV Bharat / state

Tribute to Pranjit Das: প্ৰয়াত অভিনেতা প্ৰাণজিৎ দাসলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jan 23, 2023, 7:31 PM IST

Updated : Jan 23, 2023, 9:12 PM IST

Sarbananda Sonowal pays tribute to Pranjit Das
প্ৰয়াত প্ৰাণজিৎ দাসৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভ্ৰাম্যমাণ জগতখন উকা কৰি গুছি গ'ল যশস্বী অভিনেতা প্ৰাণজিৎ দাস । দেওবাৰে গুৱাহাটীৰ মেট্ৰ' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে । সোমবাৰে প্ৰয়াত অভিনেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal pays tribute to Pranjit Das) ।

প্ৰয়াত প্ৰাণজিৎ দাসৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৩ জানুৱাৰী: ভ্ৰাম্যমাণৰ যশস্বী অভিনেতা প্ৰয়াত প্ৰাণজিৎ দাসৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal visits Pranjit Das residence) । সোমবাৰে দিনৰ ২ বজাত প্ৰয়াত অভিনেতাগৰাকীৰ ভেটাপাৰাস্থিত বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰাণজিৎ দাসৰ আত্মাৰ চিৰশান্তি কামনা কৰি কয় যে, প্ৰয়াত প্ৰাণজিৎ দাস ভ্ৰাম্যমান জগতৰ উজ্জ্বল তাৰকা (Sarbananda Sonowal pays tribute to Pranjit Das) ।

অভিনয় তথা সাংস্কৃতিকজগতখলৈ তেখেতৰ যি অৱদান সেয়া অতুলনীয় । প্ৰাণজিৎ দাস শাৰীৰিকভাৱে নাথাকিলেও তেখেতৰ অৱদান অসমৰ সাংস্কৃতিক জগতখনত যুগে যুগে বৈ থাকিব । ভৱিষ্যতে তেওঁৰ এই অৱদান তথা সৃষ্টিৰাজীক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেখেতৰ শিল্পকলাক ভৱিষ্যত প্ৰজন্মই আয়ত্ব কৰাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) ।

লগতে পঢ়ক: Pranjit Das is no more: ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস

উল্লেখ্য যে বছৰটোৰ প্ৰথমাংশতে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি ঘৰলৈ ওভতাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী । হঠাৎ অসুস্থ হৈ পৰা অভিনেতাগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত (Pranjit Das health condition deteriorates) । পিচত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰ' হাস্পতালৰ আই চি ইউ ত চিকিৎসাধীন হৈ আছিল (Veteran actor Pranjit Das passes away) ।

বিগত ১৬ টা দিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতাগৰাকীয়ে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৬১ বছৰ । দেওবাৰে পুৱা ১০ বাজি ৪ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে । ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায়সংখ্যক নাটকতে মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বৰ্ষীয়ান অভিনেতাগৰাকী । চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া ছবিত প্ৰাণ ঢালি অভিনয় কৰি অসমৰ দৰ্শকৰ মনত খোপনি পুতিছিল অভিনেতাগৰাকীয়ে (Veteran Theatre actor Pranjit Das) ।

লগতে পঢ়ক: Pranjit Das is no more: শোকত ম্ৰিয়মাণ প্ৰাণজিৎ দাসৰ পৰিয়ালবৰ্গ

Last Updated :Jan 23, 2023, 9:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.