Pranjit Das is no more: ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস

author img

By

Published : Jan 22, 2023, 2:59 PM IST

Veteran actor Pranjit Das passes away

যশস্বী অভিনেতা তথা পৰিচালক প্ৰাণজিৎ দাসৰ দেহাৱসান(Pranjit Das Passed Away) । ৬১ বছৰ বয়সত জীৱন নাটৰ মেলানি মাগিলে জনপ্ৰিয় অভিনেতাগৰাকীয়ে । দেওবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই

গুৱাহাটী,২২ জানুৱাৰী: ৰাজ্যৰ বিশেষকৈ সাংস্কৃতিক ক্ষেত্রখনৰ বাব দুঃখবৰ । ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস আৰু নাই । দেওবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ মেট্ৰ' হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে(Pranjit Das Passed Away) । ৬১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা তথা পৰিচালকগৰাকীয়ে । অভিনেতা প্ৰাণজিত্‍ দাস ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অতি জনপ্ৰিয় আৰু বলিষ্ঠ অভিনেতাৰূপে সুপৰিচিত ।

উল্লেখ যে কিছুদিন পূৰ্বে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি ঘৰলৈ ওভতাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী । ঢলি পৰা অভিনেতাগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় । প্ৰথমে অভিনেতাগৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়(Pranjit Das health condition deteriorates) । পিছত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰ' হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল(Veteran actor Pranjit Das passes away) ।

অৱশেষত আজি নিয়তিৰ ওচৰত হাৰি মানিলে যশস্বী অভিনেতা তথা পৰিচালকগৰাকীয়ে । ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতাগৰাকী । ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত অভিনেতাগৰাকীয়ে বিগত ১৬ দিনে মৃত্যুৰে যুঁজি অৱশেষত ইহসংসাৰ ত্যাগ কৰে । অভিনেতাগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনত শোক ছাঁ পৰিছে । বিগত চাৰিটা দশক নিখুত অভিনয়েৰে নাট্যপ্ৰেমী ৰাইজৰ হৃদয় জিনি অহা ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত্‍ দাসে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত ।

উল্লেখ্য যে প্ৰাণজিত্‍ দাসে ৰাজ্যৰ প্ৰায় সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় আৰু নাট পৰিচালনা কৰাৰ লগতে কেইবাখনো অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জিনিছিল । ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায়সংখ্যক নাটকতে মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বৰ্ষীয়ান অভিনেতাগৰাকী । চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া ছবিত নিজৰ দক্ষ অভিনয়ৰ জৰিয়তে অসমৰ দৰ্শকৰ মনত খোপনি পুতিছিল অভিনেতাগৰাকীয়ে(Veteran Theatre actor Pranjit Das) ।

নিভাজ অভিনয়, প্ৰতিটো চৰিত্ৰকে প্ৰাণ দিবলৈ সক্ষম হোৱা ভ্ৰাম্যমানৰ মুধাফুটা অভিনেতাগৰাকীৰ আঙুলিত ধৰি বহু অভিনেতাই অভিনয় জগতত প্ৰৱেশ কৰিছিল । সেয়ে সকলোৰে প্ৰিয় তথা শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল প্ৰাণজিৎ দাস । এইগৰাকী বলিষ্ঠ অভিনেতাৰ আকস্মিক মৃত্যুত সাংস্কৃতিক জগতৰ বহু লোকে শোক প্ৰকাশ কৰাৰ লগতে অভিনয় ক্ষেত্ৰখনৰ বাবে এয়া এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে ।

যশস্বী অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো । দীৰ্ঘসময় ধৰি অনন্য অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা প্ৰাণজিত্‍ দাসৰ কৰ্মৰাজী স্মৰণীয় হৈ ৰ'ব বুলি ফেচবুকযোগে শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: Assam tourism: পৰম্পৰাগত সাজ-পাৰ পিন্ধি নিজকে অসমীয়া ৰূপত চোৱাৰ চেষ্টা দুই বিদেশী পৰ্যটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.