ETV Bharat / state

Assam Movement Welfare Trust : অসম আন্দোলন কল্যাণ ন্যাসলৈ ৰাজ্য চৰকাৰৰ আৰু ৫ কোটি

author img

By

Published : Dec 3, 2022, 8:07 PM IST

Assam
Assam

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অসম আন্দোলন কল্যাণ ন্যাসৰ বৈঠক (Assam Movement Welfare Trust meeting) । অংশগ্ৰহণ আছু নেতৃত্বৰ । অনলাইন ব্যৱস্থাৰে অসম আন্দোলনৰ শ্বহীদ তথা গুলীত আঘাতপ্রাপ্ত আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত আদি ব্যক্তিৰ তথ্যসমূহ একত্ৰিতভাৱে ৰখাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ।

গুৱাহাটী, ৩ ডিচেম্বৰ : মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শনিবাৰে জনতা ভৱনত অসম আন্দোলন কল্যাণ ন্যাসৰ এক বৈঠক অনুষ্ঠিত হয় (Assam Movement Welfare Trust meeting at Janata Bhawan) । এই বৈঠকত ন্যাসৰ ভৱিষ্যত কর্মসূচীৰ লগতে ন্যাসটো অধিক শক্তিশালী কৰা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

অসম আন্দোলন কল্যাণ ন্যাসলৈ ৰাজ্য চৰকাৰৰ আৰু ৫ কোটি
অসম আন্দোলন কল্যাণ ন্যাসলৈ ৰাজ্য চৰকাৰৰ আৰু ৫ কোটি

বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে অসম আন্দোলন কল্যাণ ন্যাসৰ পুঁজিলৈ আৰু পাঁচ কোটি টকা আগবঢ়াব বুলি সদৰী কৰে (5 crores more sanctioned to AMWT) । উল্লেখ্য যে অসম আন্দোলন (Assam Movement) কল্যাণ ন্যাসৰ পুঁজি পূৰ্বতে পাঁচ কোটি টকাৰে গঠন কৰা হৈছিল ।

ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে আগবঢ়োৱা ধনৰাশি সহিতে মুঠ দহ কোটি টকাৰ পুঁজিৰে অসম আন্দোলনৰ শ্বহীদৰ (Martyrs of Assam Movement) পৰিয়াল তথা আন্দোলনত আতিশয্যৰ সন্মুখীন হোৱা পৰিয়ালসমূহলৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ধন আগবঢ়োৱা হ'ব । আনহাতে, আজিৰ এই বৈঠকত অসম আন্দোলনৰ শ্বহীদ তথা এই আন্দোলনত গুলীত আঘাতপ্রাপ্ত আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত আদি ব্যক্তিৰ তথ্যসমূহ অনলাইন ব্যৱস্থাৰে একত্ৰিতভাৱে ৰখাৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে অসম চুক্তি ৰূপায়ণ বিভাগক নির্দেশ দিয়ে (Assam Accord Implementation Department) ।

বৈঠকত অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (AASU Chief Advisor), সভাপতি দীপাংক নাথ, শ্বহীদ আৰু নির্যাতিত পৰিয়ালসমূহৰ তৰফৰ পৰা চন্দ্ৰকান্ত তালুকদাৰ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চুক্তি ৰূপায়ণ বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেছাৰ উপস্থিত থাকে ।

লগতে পঢ়ক :Badaruddin Ajmal Comments : আজমলক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.