ETV Bharat / state

Road Safety Awareness in Guwahati: আইন ভংগকাৰীৰ বিৰুদ্ধে শীঘ্ৰেই আৰম্ভ হ’ব কুৰুক্ষেত্ৰ

author img

By

Published : Dec 19, 2022, 10:24 PM IST

যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আহি আছে ‘কুৰুক্ষেত্ৰ’ ৷ ন্যায়-অন্যায়ৰ যুঁজ হ’ব ‘কুৰুক্ষেত্ৰ’ৰ জৰিয়তে (Kurukshetra mission in Assam)৷ অভিযান চলাব উচ্চপদস্থ বিষয়াৰ দলে ৷

Awareness programme in Guwahati
গৌতম দাসৰ নেতৃত্বত জনসচেতনতামূলক কাৰ্যসূচী

গুৱাহাটী, ১৯ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ বাবে হাতত লৈছে বিভিন্ন প্ৰদক্ষেপ ৷ ৰাজপথত প্ৰতিগৰাকী যাত্ৰীকে সুৰক্ষিত যাতায়ত ব্যৱস্থা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগক দিছে বিশেষ নিৰ্দেশনা ৷

মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ নেতৃত্বত এলানি জনসচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷ মহানগৰীৰ এবিচিৰ জিএছ ৰোডত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচীৰ (Road Safety Awareness programme in Guwahati)৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা এনফৰ্চমেন্ট পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, শেহতীয়াকৈ নিযুক্ত পাঁচগৰাকী পৰিবহণ বিষয়াৰ উপৰিও বৃহৎসংখ্যক এনফৰ্চমেন্ট বিষয়া, যান-বাহন পৰিদৰ্শক আৰু আৰক্ষীৰ লোক ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে আগন্তুক দিনসমূহত ৰাজ্যৰ ৰাজপথত সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলা হ’ব ৷

Road Safety Awareness in Guwahati
গুৱাহাটীত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

যাৰ বাবে পথ-সুৰক্ষা তথা যান-বাহন চালনাৰ নীতি-নিয়মসমূহৰ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন কৰাৰ উপৰি যান-বাহন আইন ভংগকাৰীক কঠোৰ সকীয়নি প্ৰদান কৰি ব্যাপক জনসচেতনতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ ইফালে ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ হ’লে যান-বাহনৰ যাৱতীয় নথি-পত্ৰসমূহ নৱীকৰণ কৰি ৰখাৰ লগতে সময়মতে যান-বাহনৰ কৰ পৰিশোধ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এয়া সকলোৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি মন্তব্য কৰে গৌতম দাসে ৷

সেয়ে আজিৰ জনসচেতনতামূলক কাৰ্যসূচীত পথ-সুৰক্ষাৰ বিভিন্ন দিশ দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীত ব্যক্তিগত, ব্যৱসায়িক আৰু বিভিন্ন উদ্যোগখণ্ডই ১৮০ কোটিতকৈয়ো অধিক টকাৰ যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰিবলৈ থকাৰ তথ্য সদৰী কৰে ৷ এই সকলো শ্ৰেণীৰ যানবাহনৰ গৰাকীক অহা ৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি বাহনসমূহ বৈধ কৰি ৰাখিবলৈ সকিয়াই দিয়ে সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে (Assistant Commissioner of Transport and DTO Assam)৷

Road Safety Awareness in Guwahati
গুৱাহাটীত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

অন্যথা যান-বাহন আইন ভংগকাৰী মালিক-কৰ্তৃপক্ষৰ বিৰুদ্ধে শীঘ্ৰেই ‘কুৰুক্ষেত্ৰ’ নামকণেৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে (Kurukshetra mission in Assam)৷ যান-বাহন ক্ৰয় কৰিও সময়মতে কৰ-কাটল পৰিশোধ আৰু নথিপত্ৰ নৱীকৰণ নকৰাকৈ ৰাজপথত বাহন চলাচল কৰি থকা বাহন আৰু প্ৰতিমুহূৰ্ততে ৰাজপথৰ যাত্ৰী, যানবাহনৰ গৰাকীক ন্যায় প্ৰদানৰ বাবে প্ৰস্তুত হৈ থকা পৰিবহণ বিভাগৰ মাজত কুৰুক্ষেত্ৰই ন্যায়-অন্যায়ৰ যুঁজ কৰিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে মন্তব্য কৰে ৷

আনহাতে নৱনিযুক্ত পৰিবহণ বিষয়া লীয়েন হাজৰিকা, অপূৰ্ব তালুকদাৰ, হীৰকজ্যোতি ডেকা, পূৰৱী কলিতা আৰু ৰূপমিলি টেৰাংপিৰ উপস্থিতিত অনুষ্ঠিত জনসচেতনতা অনুষ্ঠানটোত আগন্তুক বৰদিন, ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ উদযাপনৰ সন্দৰ্ভতো বিশদ আলোচনা কৰে ৷

আনন্দ উপভোগৰ নামত কোনোৱে যাতে অত্যাধিক ৰাগীয়াল দ্ৰব্য সেৱন কৰি যান-বাহন নচলায়, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱা, যান-বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সন্দৰ্ভত লবলগীয়া সাৱধানতাৰ উপৰি এই শীতকালত চৌদিশ কুঁৱলীয়ে আবৃত হৈ থকা অৱস্থাত গাড়ী চালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিয়ম সন্দৰ্ভত আলোচনা কৰি এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰে ৷

ইফালে জনসচেতনতামূলক অনুষ্ঠানটোত ‘নেডফিমচ’ৰ উদ্যোগত পথ সুৰক্ষা বিষয়ক এখন বাটৰ নাটো পৰিৱেশন কৰা হয় ।

লগতে পঢ়ক: CNG Filling Station: শীঘ্ৰে মহানগৰীত মুকলি হ’ব CNG পাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.