ETV Bharat / state

Guwahati gang rape : দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ

author img

By

Published : Mar 14, 2022, 10:57 PM IST

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ । ৫ অভিযুক্ত লম্পটৰ ৭ জনকৈ আত্মীয়-বন্ধুক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ মহিলা আৰক্ষী থানাই (Gang rape in Guwahati) ।

relative-friend-of-guwahati-gang-rape-accused-are-arrested
দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ

গুৱাহাটী, 14 মাৰ্চ : গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ । দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰে পানবজাৰ মহিলা আৰক্ষীয়ে (Minor girl raped in Guwahati)। ধর্ষণকাৰীক লুকুৱাই ৰখা লগতে পলায়নত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Relative of Guwahati gang rape accused are arrested) ।

গ্ৰেপ্তাৰ কৰা ভিতৰত আছে দুগৰাকী মহিলা । ইফালে আইজুল হক (২৪), অভিজিৎ মজুমদাৰ(২৩), চাদাম হুছেইন(৩০), ফিৰোজ আলি(৪৮), আৰিফ আলি(৩৫), মিৰ্জা বেগম(৪৮), নেহা বেগম(২২)। আইজুল হক (২৪), অভিজিৎ মজুমদাৰক(২৩) তিনিদিনৰ আৰক্ষীৰ জিন্মাত ৰখা হৈছে ।

উল্লেখ্য যে, ৮ মার্চৰ পৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত লাভ আৰক্ষীয়ে অভিযুক্তৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

উল্লেখযোগ্য যে, দশমশ্রেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক মোবাইলত আবদ্ধ ভিডি'অ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল । গেষ্ট হাউচৰে ১০৫ নম্বৰ কোঠাত চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক (Minor girl gang raped filmed by several men) ।

ইফালে, ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ ইতিমধ্যে, এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হৈছে (FIR lodged at Women police station in Panbazar) ৷

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.