ETV Bharat / city

Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

author img

By

Published : Mar 11, 2022, 1:16 PM IST

Guwahati Gang rape
Guwahati Gang rape

মহানগৰীৰ গাড়ীগাঁৱত জঘন্য ধৰ্ষণকাণ্ড (Gang rape in Guwahati) ৷ পাঁচ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু ৷

গুৱাহাটী, 11 মাৰ্চ : গুৱাহাটী মহানগৰীত জঘন্য ঘটনা ৷ দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী (Minor girl raped in Guwahati) ৷ গাড়ীগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ পাঁচ যুৱকে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক (Guwahati gang rape news) ৷ কেৱল ধৰ্ষণ কৰাই নহয়, সমস্ত ঘটনাৰ ভিডিঅ’ কৰি আপলোড দিছিল চ’ছিয়েল মিডিয়াত ৷

জানিব পৰা মতে, বিকি আলী নামৰ যুৱকজনে ফুচুলাই লৈ গৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক (Gang rape in Assam capital city) ৷ এটা বন্ধ কোঠাত বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷ তাৰ পাচত পুনৰ এখন হোটেললৈ নি পাঁচ বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰে ৷

গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

সম্প্ৰতি ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছে এটা গোচৰ ৷ পাণবজাৰ থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ গোচৰটোত US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হৈছে ৷

অভিযুক্ত যুৱক কেইজন হৈছে বিকি আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী ৷ কিন্তু সম্প্ৰতি পলাতক অৱস্থাত আছে পাঁচোটা অভিযুক্ত ৷ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এই ঘটনাৰ ৷

লগতে পঢ়ক : Kokrajhar Encounter : আৰক্ষীৰ গুলীত আহত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.