ETV Bharat / state

HSLC exam paper leaked: আকৌ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল; কাছাৰৰ এটা কেন্দ্ৰত পুনৰ হ’ব পৰীক্ষা

author img

By

Published : Mar 6, 2023, 6:49 PM IST

পুনৰ ফাদিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্নকাকত (HLSC qestion paper leake) ৷ পৰীক্ষা আৰম্ভ হোৱাৰ 15 মিনিটৰ পাচতেই ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত ৷ কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ প্ৰকাশ কৰি কেন্দ্ৰটোত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Etv Bharat
Etv Bharat

আকৌ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল; কাছাৰৰ এটা কেন্দ্ৰত পুনৰ হ’ব পৰীক্ষা

গুৱাহাটী, 6 মাৰ্চ: বিতৰ্কই যেন লগেই নেৰা হ’ল ছেবাক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে ছেবা ৷ সোমবাৰে অনুষ্ঠিত হোৱা গণিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাচতেই কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, সোমবাৰে গণিত বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ 15 মিনিটৰ পাচতেই ম’বাইলে ম’বাইলে বিয়পি পৰে প্ৰশ্নকাকত (Assam HSLC maths paper leaked) ৷ কাছাৰৰ লক্ষীমপুৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা এই প্ৰশ্নকাকত ফাদিল হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সেয়েহে সেই পৰীক্ষা কেন্দ্ৰটোত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইফালে, প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ছেবাৰ সচিব নৰনাৰায়ণ নাথক তলব কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা অস্বীকাৰ কৰিছে ছেবা কৰ্তৃপক্ষই ৷ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি মন্তব্য পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ (SEBA statement on question paper leaked) ৷

আনহাতে, নকলৰ পয়োভৰ ঘটা কাছাৰৰ গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি ছেবাৰ । 3 দিনৰ ভিতৰত গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ছেবাক দিব লাগিব উত্তৰ । প্ৰশ্নকাকত ফাদিল হোৱা কেন্দ্ৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা বুলিও সদৰী কৰিছে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই (SEBA exam controller Nayanjyoti Sharma) ৷

ইফালে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যাপক হাৰত বৃদ্ধি পাইছে নকলৰ পয়োভৰ ৷ ছাত্ৰ-ছাত্ৰীৰ পকেটৰ পৰা ওলোৱা নকলে ভৰি পৰিছে বস্তা ৷ এই সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে কয় যে, বিগত 5 বছৰত দেৱাল পাৰ হৈ নকল দিবলৈ যোৱা প্ৰথা নোহোৱা হৈছিল যদিও পুনৰ এইবাৰ আৰম্ভ হৈছে (Assam HSLC Exam) ৷

উল্লেখ্য যে, 3 মাৰ্চত অনুষ্ঠিত হোৱা গণিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও উত্থাপন হৈছিল অভিযোগ ৷ পৰীক্ষা চলি থকাৰ মাজতে ম’বাইলে ম’বাইলে বিয়পি পৰিছিল প্ৰশ্নকাকত ৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত হোৱাৰ এঘণ্টাৰ পাচত শিক্ষাৰ্থীয়ে প্ৰশ্নকাকত লৈ বাহিৰলৈ আহিব পাৰে আৰু তাৰ পাচত প্ৰশ্নকাকত ভাইৰেল হোৱাটো কোনো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি একপ্ৰকাৰে আত্মপক্ষ সমৰ্থন কৰিছিল ৷ কিন্তু পুনৰ সোমবাৰে কেনেকৈ ফাদিল হ’ল প্ৰশ্নকাকত ? পৰীক্ষাৰ মাজতে সংঘটিত হোৱা এনেসমূহ ঘটনাই এতিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰস্তুতিত জন্মাইছে ব্যাঘাত ৷

লগতে পঢ়ক: HSLC question paper leaked: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ বিভ্ৰান্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.