ETV Bharat / state

সভাপতি হিচাপে অন্তিমখন কাৰ্যনিৰ্বাহক সভাত অংশ ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Jun 29, 2021, 9:02 PM IST

executive meeting
সভাপতি হিচাপে অন্তিমখন কাৰ্যনিৰ্বাহক সভাত অংশ ৰণজিৎ কুমাৰ দাসে

এতিয়া মন্ত্রী হিচাপে ৰাইজৰ সেৱা কৰিব ৰণজিৎ কুমাৰ দাসে । সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে, সভাপতিৰ দায়িত্বৰ পৰা মুক্ত হোৱাৰ পাছত এতিয়াৰে পৰা তেওঁ চৰকাৰত থাকি ভালদৰে কাম কৰিব প‍াৰিব ।

গুৱাহাটী, ২৯ জুন : ৰাজ্যিক বিজেপিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক (Bjp executive) সভা অনুষ্ঠিত হয় । পুৱাৰ ভাগত পতাকা উত্তোলন কৰে বিদায়ী সভাপতি ৰণজিৎ কুমাৰ দাসে । উল্লেখ্য যে দলৰ ৰাজ্যিক সভাপতি হিচাপে অন্তিমবাৰৰ বাবে পতাকা উত্তোলন কৰে ৰণজিৎ কুমাৰ দাসে ৷

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাছতে অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আদৰণি ভাষণ আগবঢ়ায় বিদায়ী সভাপতি ৰণজিৎ কুমাৰ দাসে । ভাষণত বিদায়ী সভাপতি গৰাকীয়ে কয়-'দলৰ পৰম্পৰা মতেই আমি চলি আহিছো ।

নৱ নিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজিৰ পৰা দায়িত্ব পালন কৰিব আৰু দলৰ ৪২ লাখ কৰ্মকৰ্তা তেওঁৰ লগত থাকিব । চাৰে চাৰি বছৰ মই দলৰ কৰ্মকৰ্তাৰ লগত থাকি কাম কৰিছো । দলৰ নেতৃত্বই আমাৰ মাৰ্গদৰ্শন কৰিছিল আৰু সেইমতেই আগুৱাই যাবলৈ সক্ষম হৈছিলো' ৷

সভাপতি হিচাপে অন্তিমখন কাৰ্যনিৰ্বাহক সভাত অংশ ৰণজিৎ কুমাৰ দাসে

তেওঁ লগতে কয় যে অসম বিধানসভাৰ অধ্যক্ষ পদ এৰাৰ পাছত তেওঁক দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছিল । এতিয়া মন্ত্রী হিচাপে ৰাইজৰ সেৱা কৰিব ৰণজিৎ কুমাৰ দাসে । আনহাতে, সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী ৰণজিৎ কুমাৰ দাসে কয় যে সভাপতিৰ দায়িত্বৰ পৰা মুক্ত হোৱাৰ পাছত এতিয়াৰে পৰা তেওঁ চৰকাৰত থাকি ভালদৰে কাম কৰিব প‍াৰিব ।

উল্লেখ যে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই(J P Nadda) দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি অংশগ্ৰহণ কৰে । উল্লেখ্য যে সভাতে বিদায়ী সভাপতিয়ে নৱ নিযুক্ত ৰাজ্যিক সভাপতি ( Bjp state president) ভৱেশ কলিতাক দায়িত্ব অৰ্পণ কৰে । বৈঠকত ডিব্ৰুগড়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চযোগে প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex chief minister) সৰ্বানন্দ সোণোৱালৰ উপৰিও দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰে ।

আনহাতে প্ৰতিখন জিলাতে জিলাৰ অন্তৰ্গত সকলো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই নিজ নিজ জিলাৰ কাৰ্যালয়ত উপস্থিত থাকি ভিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে । ইফালে কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতিৰ উপৰিও ভালেসংখ্যক মন্ত্রী-বিধায়ক উপস্থিত থাকে । এই কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা হয় ।

লগতে পঢ়ক : ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.