ETV Bharat / state

বিজেপিৰ জনসম্পৰ্ক অভিযান সন্দৰ্ভত বিৰোধীৰ অভিযোগক নসাৎ ৰঞ্জিত দাসৰ

author img

By

Published : Jun 25, 2020, 6:27 PM IST

ক'ৰণা বিভীষিকাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিজেপিয়ে ৰাজ্যজুৰি ঘৰে ঘৰে গৈ জনসম্পৰ্ক অভিযান চলোৱা কাৰ্যক তীৰ্যক ভাষাৰে সমালোচনা কৰিছিল বিৰোধী দল কংগ্ৰেছে ৷ বিৰোধীৰ এই সকলো অভিযোগক একেষাৰতে নস্যাৎ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৷

Ranjit Das denies all the allegations against BJP by Congress
বিজেপিৰ জনসম্পৰ্ক অভিযান সন্দৰ্ভত বিৰোধীৰ অভিযোগক নসাৎ ৰঞ্জিত দাসৰ

গুৱাহাটী, 25 জুন: ক'ৰণা বিভীষিকাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বিজেপিয়ে ৰাজ্যজুৰি ঘৰে ঘৰে গৈ জনসম্পৰ্ক অভিযান চলোৱা কাৰ্যক তীৰ্যক ভাষাৰে সমালোচনা কৰিছিল বিৰোধী দল কংগ্ৰেছে ৷ বিজেপিৰ এনে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কাৰ্যই ক'ৰণা বিয়পাত সহায়হে কৰিব বুলিও অভিযোগ তুলিছে কংগ্ৰেছে । এনে সময়তে বৃহস্পতিবাৰে এখন সংবাদমেলত বিৰোধীৰ এই সকলো অভিযোগক একেষাৰতে নস্যাৎ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৷ কংগ্ৰেছৰ অভিযোগক নসাৎ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, " আমাক বিৰোধীয়ে ধন্যবাদহে দিব লাগে ৷ কিয়নো ঘৰে ঘৰে গৈ আমাৰ নেতা-কৰ্মীসকলে জনতাক ক'ৰণাৰ বিৰুদ্ধে সজাগ কৰিছে । বিজেপিৰ এই অভিযান ক'ৰণাৰ বিৰুদ্ধেহে"৷

বিজেপিৰ জনসম্পৰ্ক অভিযান সন্দৰ্ভত বিৰোধীৰ অভিযোগক নসাৎ ৰঞ্জিত দাসৰ

ইয়াৰ ওপৰিও সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, অলপতে অনুষ্ঠিত হৈ যোৱা বিজেপিৰ ভাৰ্ছুৱেল ৰেলীখনত প্ৰায় ৫০ লাখ লোকে ভাগ লৈছিল ৷ আৰু সেই ৰেলীৰ সামৰণিত সকলো লোককে ক'ৰণাৰ বিৰুদ্ধে যুঁজ দিবলৈ শপতবাক্য পাঠ কৰোৱা হৈছিল । ইয়াত বিৰোধীয়ে বেয়া পাবলগীয়া একো নাই । লগতে তেওঁ মন্তব্য কৰে যে, বিৰোধীয়ে যদি ইচ্ছা কৰে তেন্তে তেওঁলোকেও ক'ৰণাৰ বিৰুদ্ধে এনেধৰণৰ অভিযান চলাব পাৰে । আনহাতে, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবলৈ সঘনাই মণিপুৰ-দিল্লী ভ্ৰমণ কৰি থকা স্বত্বেও তেওঁক কিয় কোৱাৰেন্টাইন কৰা হোৱা নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰঞ্জিৎ দাসে কয় যে, ইতিমধ্যে ডঃ শৰ্মাৰ স্বাস্থ্য পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে ৷

লগতে পঢ়কঃ দেশজুৰি ৭৫ লাখ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্নঃ ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.