ETV Bharat / state

ৰে’ল বিভাগৰ সামগ্ৰী চুৰি কৰি ধৰা পৰিল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:42 PM IST

নিজ কৰ্মৰে নিজৰ ভৰিতেই কুঠাৰ মাৰিলে ৰে’ল বিভাগৰ ঠিকাদাৰে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কোটি টকাৰ লোৰ চিৰি আৰু পাটি চুৰিৰ অভিযোগত ৰে’ল আৰক্ষীয়ে ৰে’ল বিভাগৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰক গ্রেপ্তাৰ কৰা হৈছে ৷

railway first class contractor arrested
ৰে’ল বিভাগৰ সামগ্ৰী চুৰি কৰি ধৰা পৰিল ৰে’ল বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ

ৰে’ল বিভাগৰ সামগ্ৰী চুৰি কৰি ধৰা পৰিল ৰে’ল বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ

গুৱাহাটী, ৮ ডিচেম্বৰ: বিতর্কই লগ নেৰা উত্তৰ-পূব সীমান্ত ৰে’লৱে এইবাৰ আন এক বিতৰ্কত সোমাই পৰিছে। উৎকোচ গোচৰ নহয়, এইবাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কোটি টকাৰ লোৰ চিৰি আৰু পাটি চুৰিৰ অভিযোগত ৰে’ল আৰক্ষীয়ে ৰে’ল বিভাগৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰক গ্রেপ্তাৰ কৰিছে। গুৱাহাটীৰ পানীখাইতীৰ ৰে'ল গেটৰ পৰা গ্রেপ্তাৰ কৰা ধৃত ঠিকাদাৰজন হৈছে গিয়াছুদ্দিন আহমেদ (৪৪)।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ পানীখাইতীৰ ৰে’ল গেটৰ বাসিন্দা গিয়াছুদ্দিন আহমেদ ৰে'ল বিভাগৰ প্রথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে ঠিকাৰ কাম কৰি আছিল। শেহতীয়াকৈ ঠিকাদাৰ গিয়াছুদ্দিন আহমেদে মহানগৰীৰ পানীখাইতীৰ আমগাঁৱত ৰে'ল পথ মেৰামতিৰ ঠিকা লাভ কৰিছিল। ৰে’ল পথ মেৰামতিৰ নামত ঠিকাদাৰ গিয়াছুদ্দিন আহমেদে ৰে’ল বিভাগৰ পৰা কেইবা কোটি টকাৰ ৰে'লৰ লোৰ চিৰি আৰু পাটি আনিছিল। ৰে’ল লাইনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাচতো ঠিকাদাৰ গিয়াছুদ্দিন আহমেদে ৰৈ যোৱা লোৰ চিৰি আৰু পাটি ওভতাই দিয়া নাছিল।

ৰে’ল বিভাগে ৰৈ যোৱা লোৰ চিৰি আৰু পাটিসমূহ ঘূৰাই দিবলৈ ঠিকাদাৰজনক জাননী জাৰি কৰিছিল। তৎসত্ত্বেও ঠিকাদাৰ আহমেদে লোৰ চিৰি আৰু পাটিসমূহ ৰে'ল বিভাগক ঘূৰাই দিয়া নাছিল। উপায়হীন হৈ ৰে'ল বিভাগৰ সংশ্লিষ্ট বিভাগে ঠিকাদাৰ গিয়াছুদ্দিন আহমেদৰ বিৰুদ্ধে বামুণীমৈদামৰ বিজিৰ আৰ পি এফ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ৰে’ল সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে এটা গোচৰ ৰুজু কৰি ঠিকাদাৰ গিয়াছুদ্দিন আহমেদক গ্রেপ্তাৰ কৰে।

ইয়াৰ পিচতে ঠিকাদাৰ গিয়াছুদ্দিনক লগত লৈ আৰপিএফে অভিযান চলাই মহানগৰীৰ আমগাঁৱৰ পৰা ৰে’ল বিভাগৰ লোৰ সামগ্ৰীভর্তি AS-০১AB-৫৫৮৬ আৰু NA-০১- AB-৫৫৮৬ নম্বৰৰ দুখন ট্রাক জব্দ কৰে। ট্রাক দুখনৰ চালক-হেণ্ডিমেনসহ তিনিজন লোকক আৰ পি এফে গ্রেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰ পি এফে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ঠিকাদাৰ গিয়াছুদ্দিন আহমেদসহ ৪ অভিযুক্তক শুকুৰবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। তাৰ পিচতেই আদালতে ৪ অভিযুক্তক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, RPF এ ঠিকাদাৰজনৰ পৰা ৰে'ল বিভাগৰ ১০৩ টন চুৰি লোৰ চিৰি আৰু পাটি জব্দ কৰে।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.