ETV Bharat / state

Bagh Hazarika controversy: হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ

author img

By

Published : Jan 10, 2023, 6:31 PM IST

Bagh Hazarika controversy
হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা

বাঘ হাজৰিকাক লৈ বিতৰ্ক অব্যাহত আছে (Bagh Hazarika controversy) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাঘ হাজৰিকা সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে ৷ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য নহয় বুলি দাবী কৰিলে নেতাগৰাকীয়ে ৷

হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ

গুৱাহাটী, ১০ জানুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা দিয়া সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়া (Bagh Hazarika controversy) । দুদিন পূৰ্বে গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অভিৱৰ্তনত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কৈছিল যে, শৰাইঘাট ৰণত অসমৰ সৈন্যসকল গড়গাঁৱলৈ পলায়ন কৰাৰ সময়ত নৰ হাজৰিকাইহে সৈন্যসকলক উদ্বুদ্ধ কৰি ৰাখিছিল, বাঘ হাজৰিকাই নহয় (Himanta Biswa Sarma on Bagh Hazarika) ।

আনকি যুদ্ধৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নৰ হাজৰিকাক ১০০০ টকাৰে পুৰস্কৃত কৰিছিল । কিন্তু আজি কিমান লোকে নৰ হাজৰিকাক জানে বুলি নিজকে প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছিল যে, শৰাইঘাট ৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা নৰ হাজৰিকাক অসমীয়া জাতিয়ে আজিলৈকে সন্মান জনোৱা নাই । তাৰ পৰিৱৰ্তে এটা কাল্পনিক চৰিত্ৰক সন্মুখত ৰাখি সমগ্ৰ যুদ্ধৰ বীৰসকলক একপ্ৰকাৰ অপমানিত কৰা হৈছে (Bagh Hazarika in Assam History) ।

শৰাইঘাট যুদ্ধত বাঘ হাজৰিকাৰ অৰিহণা বেণুধৰ শৰ্মাৰ বুৰঞ্জীত উল্লেখ নাই আৰু সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীতো জনশ্ৰুতি বুলিহে উল্লেখ থকা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল (Assam History Book)। বাঘ হাজৰিকা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কৰা এনে মন্তব্যক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মুখ্যমন্ত্রীৰ বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে কয় যে, ইতিহাস সম্পৰ্কে ক'বলৈ ইতিহাসবিদ আছে । অসমৰ মুখ্যমন্ত্রীয়ে সেই কথা পাহৰি গৈছে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱা সন্দৰ্ভত তেওঁ মুখ্যমন্ত্রীৰ পৰা উত্তৰ বিচাৰে ।

তেওঁ কয়, ‘‘মুছলমান বসতি প্ৰধান অঞ্চলৰ পথাৰসমূহ সোণগুটিৰে উপচি পৰাৰ সময়ত হিন্দু বসতি প্ৰধান অঞ্চলৰ পথাৰসমূহ কিয় উকা হৈ পৰি আছে তাৰ উত্তৰ মুখ্যমন্ত্রীয়ে দিয়ক’’। বিজেপি চৰকাৰে হিন্দু-মুছলামানৰ ৰাজনীতি কৰি সমগ্ৰ হিন্দু সম্প্ৰদায়টোকে ভিখাৰীত পৰিণত কৰিছে বুলি তেওঁ অভিযোগ কৰে (Communal clash in Assam) ।

কবীন্দ্ৰ চেতিয়া ফুকনে লগতে কয় যে, উজনিৰ তিনিটা সমষ্টি কৰ্তন কৰিবলৈ গৈ (Constituency delimitation in Assam) কিয় খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে তাৰ উত্তৰ মুখ্যমন্ত্রীয়ে দিয়ক । হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী হোৱাৰ যোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ কথা আৰু কাম-কাজে সেই কথা প্ৰমাণ কৰে । ৰাজগাদী যে কেৱল ক্ষত্রিয়ৰ বাবে হয় সেই কথা মুখ্যমন্ত্রীয়ে প্ৰমাণ কৰি দিছে বুলি তেওঁ লগতে সদৰী কৰে ।

লগতে পঢ়ক: Assam CM Attending 28th State Convention of ABVP: বামপন্থীসকলে সদায় ইতিহাস বিকৃত কৰি আহিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.