ETV Bharat / state

Basistha Temple Guwahati : মন্দিৰৰ প্ৰাংগণত চলা যুৱতীৰ সুৰাৰ আড্ডাত সচেতন লোকৰ অভিযান

author img

By

Published : Dec 25, 2022, 10:43 PM IST

Alcohol riots at Basistha Temple
শিষ্ঠ মন্দিৰৰ প্ৰাংগণত চলিছে সুৰাৰ অবাধ আড্ডা

মদৰ আড্ডাস্থলীলৈ পৰিণত হৈছে ঐতিহাসিক বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ (Basistha Temple Guwahati)৷ দেওবাৰে এদল যুৱতীয়ে সুৰাপান কৰি থকা অৱস্থাতে স্থানীয় সচেতন লোকে চলালে অভিযান ৷

শিষ্ঠ মন্দিৰৰ প্ৰাংগণত চলিছে সুৰাৰ অবাধ আড্ডা

গুৱাহাটী, 25 ডিচেম্বৰ : মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ প্ৰাংগণত চলিছে সুৰাৰ অবাধ আড্ডা ৷ ৰঙীন আড্ডাৰে পৰিৱেশ বিনষ্ট কৰিছে আন-আন সুৰাপায়ীৰ লগতে একাংশ যুৱতীয়েও ৷ শিক্ষাগ্ৰহণৰ বাবে মহানগৰীত বাস কৰি থকা একাংশ যুৱতীয়ে দেওবাৰে দিন-দুপৰতে ৰঙীন পৃথিৱীৰ উম লৈ থকা অৱস্থাত স্থানীয় সচেতন লোকে চলালে অভিযান (Girl consuming alcohol at Basistha Temple compound)৷

আড্ডাস্থলীলৈ এতিয়া ৰূপান্তৰিত হৈছে বশিষ্ঠ দেৱালয়ৰ প্ৰাংগণ ৷ নিশাৰ আন্ধাৰত নহয়, এইবাৰ দিনৰ পোহৰতেই সুৰাৰ বটল লৈ আড্ডাত বহিল একাংশ যুৱতী ৷ এফালে বশিষ্ঠ মন্দিৰ প্ৰাংগণত সুৰা বিৰোধী সজাগতা সভা বৃহত্তৰ বশিষ্ঠবাসী ৰাইজৰ, আনফালে হাতত বিলাতী সুৰাৰ বটল লৈ দিনৰ পোহৰতেই গুৰু গোসাঁই নমনাকৈ যুৱতীয়ে পাতিলে সুৰাৰ আড্ডা (Alcohol riots at Basistha Temple)৷

উল্লেখ্য যে, বশিষ্ঠ মন্দিৰৰ চৌপাশে দিনক দিনে মদ-ভাঙৰ আড্ডা বৃদ্ধি পাই অহাৰ পৰিপেক্ষিতত দেওবাৰে বশিষ্ঠৰ স্থানীয় লোকে এক সুৰাবিৰোধী সজাগতা সভা আহ্বান কৰিছিল । সভাত বশিষ্ঠ আধ্যাত্মিক সংঘ, বশিষ্ঠ যুৱ ঐক্যমঞ্চৰ লগতে বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ প্ৰায় তিনি শতাধিক সচেতন লোকে অংশগ্ৰহণ কৰে (Awareness meeting at Basistha Temple)।

বশিষ্ঠৰ দৰে ইতিহাস প্ৰসিদ্ধ অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা মদ-ভাং অথবা অসামাজিক কাৰ্যক লৈ উদ্বিগ্ন হৈ পৰে সভাত উপস্থিত ৰাইজ । সেয়েহে দেওবাৰৰ সভাত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সভাত লোৱা প্ৰস্তাৱ অনুসৰি স্থানীয় সচেতন লোকসকলে বশিষ্ঠ মন্দিৰৰ চৌপাশত অভিযান চলায় ।

অভিযান কালত একাংশ যুৱতীয়ে সুৰাৰ আড্ডাত বহি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে ৷ সুৰাসক্ত যুৱতীকেইগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে মহানগৰীত বিভিন্ন PGত থাকি অধ্যয়ন কৰি আছে । বান্ধৱীৰ জন্মদিন উপলক্ষে পাৰ্টী কৰা বুলি উল্লেখ কৰে যুৱতীকেইগৰাকীয়ে । পৰৱৰ্তী সময়ত স্থানীয় লোকৰ উপস্থিতিত বন্ধ কৰি দিয়া হয় যুৱতীৰ সুৰাৰ আড্ডাটো ।

লগতে এনে কাম সামাজিক স্থানত কেতিয়াও নকৰিবলৈ সকিয়াই দিয়ে স্থানীয় লোকসকলে ৷ উল্লেখ্য যে, যোৱা ১৭ ডিচেম্বৰতো উক্ত স্থানতে সুৰাসক্ত চালকৰ বাবে এটা বনভোজকাৰী দল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল । য’ত ৰাজীৱ বৰুৱা নামৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰোৱাৰ লগতে আন ৫ জন লোক গুৰুতৰভাৱে আহত হৈছিল (Accident at Basistha Temple)।

এতিয়া প্ৰশ্ন হৈছে- আৰক্ষী-প্ৰশাসন এই ক্ষেত্ৰত ইমান নিৰ্বিকাৰ কিয় ? মন্দিৰৰ প্ৰাংগণৰ আছুতীয়া স্থানত এখন আৰক্ষী চকী থকাৰ পাছতো সুৰাৰ এই ৰমৰমীয়া আড্ডা তথা বেহা পাতিবলৈ কেনেকৈ সক্ষম হৈছে একাংশ লোকে !

লগতে পঢ়ক: Anti Drugs Mission in Nagaon: কেৰালালৈ সৰবৰাহৰ সময়তে জব্দ ২০ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.