ETV Bharat / state

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 11, 2022, 2:21 PM IST

প্ৰতিবাদত উত্তাল কোকৰাঝাৰ(Kokrajhar erupts in protest) । অসমৰ ভূমিপুত্ৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীৰে আদিবাসী জাতীয় মহাসভা সংগ্ৰামী মঞ্চই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

protest demanding tribalization and grant of land lease at Kokrajhar
প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰ, ১১ মাৰ্চ: আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত উত্তাল কোকৰাঝাৰ (Kokrajhar erupts in protest) । অসমৰ ভূমিপুত্ৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীৰে শুকুৰবাৰে আদিবাসী জাতীয় মহাসভা সংগ্ৰামী মঞ্চই জিলাখনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে, আদিবাসী সংগ্ৰামী মঞ্চ আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত আছাকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ উদ্যানখন । প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত ।

Kokrajhar erupts in protest
প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত

হাতে হাতে প্লে-কাৰ্ডলৈ ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা প্ৰতিবাদকাৰীসকলে জনজাতিকৰণ আমাৰ ন্যাৰ্য দাবী,আমাক ভূমিৰ পট্টা প্ৰদান কৰক, আমাক ভূমিৰ অধিকাৰ দিবই লাগিৱ , অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হায় হায় ,ন’ এচ টি ন’ ৰেষ্ট(No ST No Rest) ইত্যাদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.