ETV Bharat / state

Dr Prabir Kumar Bordoloi is no more : এক অজান পৃথিৱীলৈ গ’ল গৈ চিকিৎসক প্ৰবীৰ বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:24 AM IST

সু-চিকিৎসক প্ৰবীৰ বৰদলৈৰ দেহাৱসান । সোমবাৰে দিনৰ ১.২৫ বজাত মৃত্যু হয় দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্চিং হোমৰ স্বতাধিকাৰী ডাক্তৰ বৰদলৈৰ ৷

Dr Prabir Kumar Bordoloi passed away
চিকিৎসক প্ৰবীৰ বৰদলৈৰ দেহাৱসান

গুৱাহাটী, ২৯ আগষ্ট : ডাক্তৰ প্ৰবীৰ বৰদলৈ আৰু নাই । দুনাই ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি সকলোকে কন্দুৱাই গুচি গ’ল ডাক্তৰ বৰদলৈ ৷ দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্চিং হোমৰ স্বত্বাধিকাৰী ডাক্তৰ বৰদলৈয়ে সোমবাৰে দিনৰ ১.২৫ বজাত ইহলীলা সম্বৰণ কৰে । এইগৰাকী সু-চিকিৎসকৰ অকাল মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সকলোকে ৷

১৯৩৪ চনৰ ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উজান বজাৰত জন্মগ্ৰহণ কৰা বিশিষ্ট চিকিৎসকগৰাকী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ নাতি আছিল । তেওঁ এজন প্ৰতিষ্ঠিত চিকিৎসক হোৱাৰ লগতে এজন লেখকো আছিল । চিকিৎসা বিজ্ঞানৰ লগতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, নলিনীবালা দেৱী আদিৰ বিষয়ে কেইবাখনো অসমীয়া আৰু ইংৰাজী ভাষাত গ্ৰন্থ ৰচনা কৰিছিল ।

তেওঁ সৰুসজাই ষ্টেডয়ামত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ এটা প্ৰতিমূৰ্তিও স্থাপন কৰিছিল । তদুপৰি তেওঁ ৰাজ্যৰ বিভিন্ন স্থানত পাঁচটা কৰ্মবীৰ আৰু নালিনীবালা দেৱীৰ মূৰ্তি স্থাপন কৰিছিল । তেওঁ বিভিন্ন অঞ্চলত বিনামূলীয়া চিকিৎসা আগবঢ়াইছিল ।

এইগৰাকী সু-চিকিৎসক প্ৰবীৰ বৰদলৈয়ে ডিব্ৰুগড়ৰৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ হৈঠিল । তাৰ পাচত তেওঁ কটন কলেজত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় । পৰৱৰ্তী পৰ্যায়ত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে ।

১৯৫৮ চনত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৬০ চনত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায় । তাত ৮ বছৰ অধ্যায়নৰ লগতে চিকিৎসা সেৱা আগবঢ়ায় । ১৯৬৮ চনত তেওঁ নিজ ৰাজ্যলৈ ঘূৰি আহে । তাৰ পাচত শিলপুখুৰীত চিকিৎসা সেৱা আৰম্ভ কৰে । ইয়াৰ পাচত তেওঁ দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্চিং হোম স্থাপন কৰে । মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী চিকিৎসক কন্যাসহ মুঠ পাঁচগৰাকী কন্যা সন্তান এই সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক : Dr Pranabjyoti Chetia is no more: কাহানিও ঘূৰি নহাৰ বাটেৰে গ’ল গৈ বিজ্ঞানী ড৹ প্ৰণৱজ্যোতি চেতিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.