ETV Bharat / state

পূজাৰ দক্ষিণা বিচাৰি আদালতৰ কাষ চাপিল পুৰোহিত

author img

By

Published : Nov 18, 2020, 10:32 PM IST

Updated : Nov 18, 2020, 10:39 PM IST

priest
priest

প্ৰতাৰণা বলি হৈছে এগৰাকী পুৰোহিত ৷ তাকো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুবজ্যোতি বৰাৰ ঘৰত । দুৰ্গা পূজা কৰাৰ বাবদ দিয়া চেক বাউন্স হোৱাত আইনৰ আশ্ৰয় লৈছে পুৰোহিত ভূপেন শৰ্মাই ।

গুৱাহাটী, 18 নবেম্বৰ : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ পূজাৰ দক্ষিণা নোপোৱাৰ অজুহাতত আইনৰ কাষ চাপিছে এগৰাকী পুৰোহিত ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুবজ্যোতি বৰা আৰু তেওঁৰ সহধৰ্মিণী, অসমৰ চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰী বিষয়া তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰো প্ৰাক্তন সচিব শাৰদী শইকীয়াৰ ঘৰত প্ৰতাৰিত অনুভৱ কৰি আইনৰ সহায় বিচাৰিছে এগৰাকী পুৰোহিতে ।

বুধবাৰে মহানগৰীৰে ভূপেন শৰ্মা নামৰ এগৰাকী পুৰোহিতে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি যোৱা দুৰ্গা পূজাৰ সময়ত ডঃ ধ্ৰুবজ্যোতি বৰাৰ ঘৰত ব্যক্তিগতভাবে আয়োজিত হৈছিল এই পূজা । ষষ্ঠীৰ পৰা দেবীৰ বিদায়লৈ ডঃ বৰাৰ বাসগৃহত সকলো নীতি-নিয়মেৰ পূজা আগবঢ়াই নিছিল পুৰোহিত ভূপেন শৰ্মা আৰু তেওঁৰ দুই সহযোগী পুৰোহিতে । পূজাৰ শেষত ডঃ বৰাৰ পত্নী শাৰদী শইকীয়াই মাননী হিচাবে একৈশ হাজাৰ পাঁচশ টকাৰ এখন চেক প্ৰদান কৰে । পুৰোহিত তিনিগৰাকীয়ে চেক ল’বলৈ মান্তি হোৱা নাছিল যদিও নগদ টকা নাই বুলি কোৱাত অনিচ্ছা সত্বেও তেওঁলোকে চেক খন ল’বলৈ বাধ্য হয় ।

পূজাৰ দক্ষিণা বিচাৰি আদালতৰ কাষ চাপিল পুৰোহিত

কিন্তু দুই নৱেম্বৰত জমা দিয়া চেকখনৰ একাউন্টত পৰ্যাপ্ত ধন নথকাত বাউন্স হৈছে বুলি বেংক কৰ্তৃপক্ষই পুৰোহিত ভূপেন শৰ্মাক জনায় । এই কথাই পুৰোহিত কেইজনক বিপাঙত পেলাই আৰু অভিযোগ অনুসৰি যোৱা প্ৰায় পোন্ধৰ দিন ধৰি তেওঁলোকে বাৰাম্বাৰ যোগাযোগ কৰিও সাহিত্যিক দম্পতীৰ পৰা কষ্টোপাৰ্জিত মাননী খিনি আদায় পোৱা নাই । এই ধনখিনি পোৱাৰ কোনো আশা নেদেখি বুধবাৰে পুৰোহিত ভূপেন শৰ্মাই আইনৰ সহায় লোৱাৰ সিদ্ধান্ত লৈ অধিবক্তাৰ ওচৰ চাপিছে ।

পুৰোহিত ভূপেন শৰ্মাই ইটিভি ভাৰতক কয় যে, এগৰাকী স্বনামধন্য সাহিত্যিকৰ বাসভৱনত পূজা-পাঠ কৰাৰ নিমন্ত্ৰণ পাই তেওঁ নিজকে ধন্য মানিছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ আৰু সহযোগী কেইজনৰ অভিজ্ঞতা সুখকৰ নহ’ল । তেওঁ জনোৱা মতে তেওঁৰ অধিবক্তাই ইতিমধ্যে আইনী জাননী ডঃ ধ্ৰুবজ্যোতি বৰাৰ সহধৰ্মিণী শাৰদী শইকীয়াৰ নামত প্ৰেৰণ কৰিছে । অৱশ্যে শাৰদী শইকীয়াই সাংবাদিকৰ আগত কয় যে, বৰ্তমান তেওঁ অসমৰ বাহিৰত আছে আৰু চেষ্টা কৰিও টকাখিনি ট্ৰান্সফাৰ কৰিব পৰা নাই ৷ তেওঁ পুৰোহিত গৰাকীক নগদ ধন প্ৰদান কৰিব বুলিও আশ্বাস দি, এই ঘটনাক আৰু আগ নবঢ়াবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও

Last Updated :Nov 18, 2020, 10:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.