ETV Bharat / state

Minister Ranoj Pegu: ৰাজ্যৰ বিদ্যালয়ত হ্ৰাস হৈছে 4 লাখ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা; ৰণোজ পেগুৰ সংবাদমেল

author img

By

Published : Jun 12, 2023, 5:44 PM IST

Updated : Jun 13, 2023, 8:14 AM IST

Press Meet of Minister Ranoj Pegu
বিদ্যালয়ত হ্ৰাস হৈছে 4 লাখ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

ৰাজ্যৰ সকলো বিদ্যালয়তে হ্ৰাস হৈছে 5.95 শতাংশ ছাত্ৰ-ছাত্ৰী ৷ সংখ্যাৰ হিচাপত 4 লাখ 49 হাজাৰ 197 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বিদ্যালয়ত ৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত সংবাদমেল সম্বোধন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

গুৱাহাটী, 12 জুন: ৰাজ্যৰ বিদ্যালয় সমূহত হ্ৰাস হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ ৰাজ্যৰ সকলো বিদ্যালয়তে হ্ৰাস হৈছে 5.95 শতাংশ ছাত্ৰ-ছাত্ৰী ৷ সংখ্যাৰ হিচাপত 4 লাখ 49 হাজাৰ 197 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বিদ্যালয়ত ৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

ছাত্ৰ-ছাত্ৰী সংখ্যা হ্ৰাস পোৱাৰ এই তথ্য ৰাজ্যৰ প্ৰাদেশীকৃত, অপ্ৰাদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ ৷ আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিছে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহত ৷ তথ্য অনুসৰি ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়তে হ্ৰাস হৈছে 16.15 শতাংশ ছাত্ৰ-ছাত্ৰী ৷ সংখ্যাৰ হিচাপত 1 লাখ 31 হাজাৰ 228 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে অপ্ৰাদেশীকৃত বিদ্যালয়ত ৷

শিক্ষা বিভাগৰ তথ্য মতে ৰাজ্যত প্ৰাদেশীকৃত বিদ্যালয়ত হ্ৰাস হৈছে 2.44 শতাংশ ছাত্ৰ-ছাত্ৰী ৷ সংখ্যাৰ হিচাপত 1 লাখ 5 হাজাৰ 414 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বিদ্যালয়ত ৷ ব্যক্তিগত বিদ্যালয়ত হ্ৰাস হৈছে 16.15 শতাংশ ছাত্ৰ-ছাত্ৰী ৷ সংখ্যাৰ হিচাপত 1 লাখ 92 হাজাৰ 556 গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে ব্যক্তিগত বিদ্যালয়ত ৷

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীত শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে কয় যে এইবাৰ ৰাজ্যত বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিছে ৷ কিন্তু এয়া ড্ৰপ আউট নহয় ৷ এয়া তথ্যৰ শুদ্ধিকৰণ ৷ এইয়া বিদ্যালয় এৰি যোৱা ছাত্ৰ-ছাত্ৰী নহয় ৷

তেওঁ কয় যে এইবাৰ শিক্ষা বিভাগে UDISE পৰ্টেলৰ জৰিয়তে সঠিকভাবে বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰাদেশীকৃত, অপ্ৰাদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়, সকলো বিদ্যালয়ৰ পৰা তথ্য সংগ্ৰহ কৰিছে ৷ পূৰ্বতে এনে ব্যৱস্থা নাছিল ৷ যাৰ বাবে বহু বিদ্যালয়ে বিশেষকৈ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মিছাকৈ বেছিকৈ দেখুৱায় ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সন্দৰ্ভত ভুল তথ্য লাভ কৰা হৈছিল ৷ এইবাৰ এইধৰণৰ ভুল তথ্য দিয়া বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰণোজ পেগুয়ে সদৰী কৰে সংবাদমেলত ৷

Last Updated :Jun 13, 2023, 8:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.