ETV Bharat / state

Rangali Bihu 2022 : পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন

author img

By

Published : Apr 13, 2022, 8:49 AM IST

press-meet-of-marwari-yuva-mancha-in-guwahati
ৰঙালী বিহুৰ আয়োজন

অসমবাসীৰ অতিকে আদৰৰ ৰঙালী বিহুটিলৈ মাথো এদিন বাকী ৷ আগন্তুক ৰঙালী বিহু সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে পূৰ্বোত্তৰ মাৰোৱাৰী যুৱ মঞ্চই(Press meet of Marwari Yuva mancha) ৷ মঞ্চই সংবাদমেলখন সম্বোধন কৰি 16-17 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা(Rangali Bihu preparation of Marwari Yuva mancha) বুলি প্ৰকাশ কৰে ৷

গুৱাহাটী, 13 এপ্ৰিল : প্ৰায় দুটা বছৰৰ ক’ভিড সংক্ৰমণৰ পিছত এইবেলি ৰাজ্যবাসী সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ৷ উজনিৰ পৰা নামনিলৈ শুনা গৈছে ঢোলৰ ধিনিকি ধিন দাও ছেও, পেঁপাৰ তিঁহিটি তিঁহিটি সুৰ ৷ মুঠতে সকলোৱে কঁকালত টঙালি বান্ধি সাজু হৈছে ৰঙালী বিহু উদযাপন কৰিবলৈ ৷ নাচনীসকলে আকৌ বিচাৰিছে মন পছন্দৰ এপাহ কপৌফুল ৷

অসমবাসীৰ অতিকে আদৰৰ ৰঙালী বিহুটিলৈ মাথো এদিন বাকী ৷ আগন্তুক ৰঙালী বিহু সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে পূৰ্বোত্তৰ মাৰোৱাৰী যুৱ মঞ্চই ৷ মঞ্চই সংবাদমেলখন সম্বোধন কৰি 16-17 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা বুলি প্ৰকাশ(Rangali Bihu preparation of Marwari Yuva mancha) কৰে ৷

লুইতপৰীয়া বিহু সন্মিলন শীৰ্ষক কাৰ্যসূচীৰে মঞ্চই আয়োজন কৰা ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ’ব মহানগৰীৰ জু-ৰোডস্থিত বৃন্দাবন গাৰ্ডেনৰ বাকৰিত ৷ সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হ’বলগীয়া ৰঙালী বিহু সন্মিলনখনৰ বিষয়ে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেল(Press meet of Marwari Yuva mancha) ত অৱগত কৰে মঞ্চৰ সভাপতি হিমশিখৰ খান্দেলিয়াই ৷ তদুপৰি এইবেলি ৰাজ্য চৰকাৰে ৰঙালী বিহু পালনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অনুসৰিয়ে মঞ্চই বিহুৰ আয়োজন কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

এই বিহু উদযাপনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, বিহুৰ পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য(Dr Samujjal Kumar Bhattacharyya) ই ৷ ইয়াৰ পিছতে পৰিৱেশন কৰা হ’ব বিহু হুঁচৰি আৰু হুঁচৰিৰ পিছতে সন্মিলনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ এই বিহুত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma) ই ৷ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী জুবলী বৰুৱাই ৷ এই বিহু সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক আয়োজক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি সংবাদমেলত ঘোষণা কৰা হয় ৷

লগতে চাওক: Pre Bihu Celebration : তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.