ETV Bharat / state

Assam TMC Press Meet : আৰক্ষী বিভাগৰ প্ৰতি ৰাইজৰ ঘৃণা সৃষ্টি হোৱাৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া অসম তৃণমূল কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:10 PM IST

অসমৰ ৰাইজৰ মাজত আৰক্ষীৰ প্ৰতি বিশ্বাস, আস্থা আৰু গ্রহণযোগ্যতা নোহোৱা হৈছে বুলি মন্তব্য অসম তৃণনমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ গুৱাহাটীত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৷

Press Meet of Assam TMC Chief Ripun Bora
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, 11 ছেপ্টেম্বৰ : "অসমৰ ৰাইজৰ মাজত আৰক্ষীৰ প্ৰতি বিশ্বাস, আস্থা আৰু গ্রহণযোগ্যতা নোহোৱা হৈছে ৷ অসম আৰক্ষীৰ এনে দুর্ভাগ্যজনক অৱস্থাৰ বাবে গৃহদপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে জগৰীয়া ৷" এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ গুৱাহাটীত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে, অসমৰ একাংশ আৰক্ষী বিষয়াই অসমৰ পুলিচ বিভাগটো জনমানসত ঘৃণাৰ পাত্ৰ কৰি তুলিছে ৷ আৰক্ষীৰ মহান দায়িত্ব শান্তি-ৰক্ষকৰ পৰিৱৰ্তে নিজেই শান্তি ভংগ কৰিছে ৷

তেওঁ কয় যে, আৰক্ষীৰ মহান দায়িত্ব অপৰাধ নিয়ন্ত্ৰণ, কিন্তু ইয়াৰ পৰিৱৰ্তে নিজেই অপৰাধত জড়িত হৈছে আৰক্ষী ৷ আৰক্ষী বাহিনীটো ৰক্ষকৰ পৰিৱৰ্তে ভক্ষকত পৰিণত হৈছে ৷ আইনৰ ৰক্ষকৰ পৰিৱৰ্তে আৰক্ষীয়ে নিজেই আইন ভংগ কৰিছে ৷ মানুহৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা দায়িত্বৰ পৰিৱৰ্তে আৰক্ষীয়ে নিজেই হত্যা, মানৱ অধিকাৰ ভংগ কাৰ্যত জড়িত হৈছে বুলি তেওঁ অভিযোগ কৰে ৷ ৰিপুন বৰাই কয় যে ২০২০ চনত বিজেপিৰ শাসন কালত অনুষ্ঠিত হোৱা পুলিচৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই অসম কঁপাই গৈছিল ৷ এই ঘটনাৰ বাবে আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা বহু পৰিমাণে কমি গ'ল ৷

তৃণমূল কংগ্ৰেছৰ নেতাজনে পুনৰ কয় যে, কেইমাহমান আগত দৰং জিলাৰ ধূলা থানাৰ এলেকাত এজনী বনকৰা নাবালিকা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে জঘন্য অপৰাধ কাণ্ডক সেই সময়ৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই টকাৰ লোভত আত্মহত্যাৰ ৰূপ দি প্ৰকৃত দোষীক বচাই দিছিল যদিও পাছত সত্য পোহৰলৈ আহিছিল ৷ এই ঘটনাই একাংশ আৰক্ষী বিষয়াৰ নগ্ন স্বৰূপ উদঙাই দিছিল ৷ আকৌ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ লগত লখিমপুৰ জিলাত দীর্ঘদিন ধৰি চলি থকা নকল সোণৰ ব্যৱসায়ত একাংশ পুলিচ বিষয়াই সহযোগ কৰি কমিছন খোৱাৰ বিভিন্ন তথ্যই অসমৰ পুলিচ বিভাগক জনমানসত ৰক্ষকেই ভক্ষক বুলি ভাবিবলৈ বাধ্য কৰাইছে ৷ নকল সোণৰ চোৰাং ব্যৱসায়ত কেইবাগৰাকী আৰক্ষী বিষয়া জড়িত থকাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত এছ আই জোনমণি ৰাভাক হত্যা কৰা বুলিও বিভিন্ন মহলৰ মাজত চৰ্চিত হৈ আছে বুলি মন্তব্য কৰে তেওঁ ৷

নেতাজনে কয় যে, শেহতীয়াভাৱে চুপাৰি চিণ্ডিকেটৰ লগত জড়িত থকা আৰু ৰবিউল ইছলাম নামৰ এজন বৃহৎ ব্যৱসায়ীৰ পৰা মোটা অংকৰ ধনদাবীৰ অপৰাধত বজালীৰ কেইবাগৰাকী আৰক্ষী বিষয়া ক্রমে আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল, ডিএছপি পুষ্কল গগৈকে ধৰি তেওঁলোকৰ ড্ৰাইভাৰ, দেহৰক্ষীসহ প্রায় ৯ জন পুলিচক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাই আৰক্ষী বিভাগৰ প্ৰতি ৰাইজৰ ঘৃণাৰ সৃষ্টি হৈছে ৷

ৰিপুন বৰাই লগতে কয় যে যোৱাবছৰ ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া তথ্য অনুযায়ী ভাৰতৰ ভিতৰত সৰ্বাধিক পুলিচ এনকাউণ্টাৰ অসমত হৈছে ৷ ইতিমধ্যে পুলিচৰ উদ্যোগত চলা ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ শপতনামাত অসম চৰকাৰে দিয়া তথ্য অনুযায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ২ বছৰীয়া কাৰ্যকালত অসমৰ বিভিন্ন ঠাইত ৪০ টা পুলিচৰ ভুৱা এনকাউণ্টাৰ হৈছে ৷ য'ত 24 জনৰ মৃত্যু হৈছে আৰু 48 জন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে ৷

বিজেপি চৰকাৰৰ শাসন কালত অসমৰ একাংশ আৰক্ষী বিষয়া এনেদৰে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু জনবিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ উদাহৰণ অসমত ইয়াৰ পূৰ্বতে কেতিয়াও দেখা নাযায় বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই গৃহ বিভাগক নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে বুলি কয় তেওঁ ৷ কোটি কোটি টকা খৰচ কৰি জিলাই জিলাই মুখ্যমন্ত্ৰীয়ে SP Conference সমূহ কিহৰ কাৰণে পাতিছে বুলি‌ তেওঁ প্ৰশ্ন কৰে ৷ সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ‌ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা উপস্থিত আছিল ৷

লগতে পঢ়ক : MLA Akhil Gogoi Protest : হাতত লেম্প আৰু বিচনী লৈ বিধানসভাত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.