ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি

author img

By

Published : Sep 2, 2021, 8:29 PM IST

press conference of pabitra margherita in guwahati

সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা । কংগ্ৰেছ দলে পৰা হ'লে 'ছোনীয়া গান্ধী তাজমহল', 'ৰাজীৱ গান্ধী কুটুবমিনাৰ' আদি নামকৰণ কৰিলেহেঁতেন। গৌৰৱ গগৈয়ে মূলতঃ মিঞা অধ্যুষিত ধিং আৰু ৰূপহীহাট সমষ্টিৰ ৮০শতাংশ ভোট পাইহে বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল । গতিকে গৌৰৱ গগৈৰ দৰে নেতাৰ মিঞা প্ৰীতি আৰু পৰিয়াল বন্দনা অতি স্বাভাৱিক বুলি কলে পবিত্ৰ মাৰ্ঘেৰিটাই ।

গুৱাহাটী, 2 ছেপ্টেম্বৰ : ইংৰাজৰ পিছত কংগ্ৰেছৰ অপশাসনত শোষিত-নিষ্পেষিত হৈ আছিল বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ অংগ আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকল । এই অভিযোগ ৰাজ্যিক বিজেপিৰ । বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, বিজেপি চৰকাৰে আদিবাসী তথা চাহ জনগোষ্ঠিৰ লোকসকলৰ আর্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি প্ৰতিটো ক্ষেত্ৰৰে সৰ্বাংগীন উন্নতিৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অলপতে আয়োজন কৰা “হামদে মনেৰ কথা” শীর্ষক সন্মিলনীৰ সিদ্ধান্তসমূহক বিজেপিয়ে আদৰণি জনাইছে । লগতে ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেটে গ্ৰহণ কৰা বহুকেইটা যুগান্তকাৰী সিদ্ধান্তৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃত পূৰ্ব নাম বাহাল ৰাখিবলৈ লোৱা সিদ্ধান্তকো বিজেপিয়ে আদৰণি জনাইছে বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটাই ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃত পূৰ্ব নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি

লগতে পঢ়ক: ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z

তেওঁ লগতে কয়, ৰাজ্য বা দেশৰ বিভিন্ন চৰকাৰী আঁচনি, প্ৰতিষ্ঠান, বাট-পথ আদি বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তি সকলৰ নামেৰে নামকৰণ কৰিলে সাধাৰণতে জনগণে আদৰি লয় । কিন্তু সমগ্ৰ ৰাষ্ট্ৰীয় বাট-পথ, প্ৰতিষ্ঠান একেটা পৰিয়ালৰ নামত উৎসগা কৰাটো কোনেও মানি ল'ব নোৱাৰে ।

'কংগ্ৰেছ দল হোৱা হ'লে 'ছোনীয়া গান্ধী তাজমহল', 'ৰাজীৱ গান্ধী কুটুবমিনাৰ' আদি নামকৰণ কৰিলেহেঁতেন । এনে নামকৰণ দেশবাসীয়ে যিদৰে নিবিচাৰে ঠিক সেইদৰে শতাব্দী প্ৰাচীন কাজিৰঙা, মানহ বা ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ নামো ভূতপূৰ্ব প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ নামত হোৱাটো অসমবাসীয়ে কেতিয়াও নিবিচাৰে ।'

পূৰ্বৰ কংগ্ৰেছে বলপূৰ্বকভাৱে কৰা এই দুষ্কাৰ্যৰ বিৰোধীতা কেৱল আদিবাসী বা চাহ জনগোষ্ঠীয় সমাজেই নহয়, বৃহত্তৰ অসমীয়া সমাজেও কৰি আহিছিল । আনকি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অলপতে হৈ যোৱা “হামদে মনেৰ কথা” শীর্ষক সন্মিলনীতো আদিবাসী তথা চাহ জনগোষ্ঠীয় বুদ্ধিজীৱি, শিক্ষাবিদ, ৰাজনৈতিক-অৰাজনৈতিক নেতা, ছাত্ৰ সমাজ, শিল্পী-সাহিত্যিক, শ্ৰমিক নেতাসকলে একেমুখে ৰাজ্য চৰকাৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকৃত ঐতিহাসিক নাম বাহাল ৰাখিবলৈ সবল আহ্বান জনাইছিল বুলি কয় মাৰ্ঘেৰিটাই ।

লগতে পঢ়ক: নিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

'এই সিদ্ধান্তক সমগ্ৰ অসমবাসীয়ে আদৰণি জনোৱাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈ তথা মুষ্টিমেয় কেইগৰাকীমান গান্ধী পৰিয়াল তোষামোদকাৰী কংগ্ৰেছীয়ে বিৰোধীতা কৰাটো আশ্চর্যজনক তথা লজ্জাজনক। বংশানুক্ৰম উত্তৰাধিকাৰীসূত্ৰে ৰাজনৈতিক নেতা হোৱা গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ পৰা অৱশ্যে ইয়াতকৈ বেছি আশাও কৰিব নোৱাৰি ।' সংবাদমেলত এইদৰে কয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷

গৌৰৱ গগৈক কটাক্ষ কৰি মাৰ্ঘৰিটাই কয়, ঐতিহ্যমণ্ডিত কলিয়াবৰ লোকসভা সমষ্টিৰ দেৰগাঁও, খুমটাই, গোলাঘাট, বোকাখাত, সৰুপথাৰ আদি সমষ্টিৰ লগতে বাকী সমষ্টিৰ খিলঞ্জীয়াৰ প্ৰভুত্ব থকা প্ৰতিখন গাঁও বা চহৰত গৌৰৱ গগৈয়ে সীমিত সংখ্যক ভোট পাইছিল ৷ মূলতঃ মিঞা অধ্যুষিত ধিং আৰু ৰূপহীহাট সমষ্টিৰ ৮০শতাংশ ভোট পাইহে বিগত লোকসভা নির্বাচনত জয়লাভ কৰিছিল । গতিকে গৌৰৱ গগৈৰ দৰে নেতাৰ মিঞা প্ৰীতি আৰু পৰিয়াল বন্দনা অতি স্বাভাৱিক বুলি কয় মাৰ্ঘেৰিটাই ৷

লগতে পঢ়ক: কাৰ ভুলত দুটাকৈ দুস্প্ৰাপ্য শিহুৰ মৃত্যু হ’ল কলহী নৈত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.