ETV Bharat / city

ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z

author img

By

Published : Sep 2, 2021, 7:11 PM IST

ujanbazar murder
ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z

অৱশেষত আৰক্ষী জেৰাত ডিম্পল হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । আশিক গুপ্তাৰ বন্ধু বাৰোৱাৰীৰ চিণ্টু দাসৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ডিম্পলৰ ম’বাইল ফোনটো । অভিযুক্তই এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল মোবাইলটো । মোবাইলৰ পৰা চিম কাৰ্ড পৃথক কৰিছিল অভিযুক্তই । কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰে ভ’ডাফোন নেটৱৰ্কৰ চিমকাৰ্ডখনো ।

গুৱাহাটী, 2 ছেপ্টেম্বৰ : গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । হত্যাকাণ্ডৰ ঘটনাটো সন্দৰ্ভত লতাশিল আৰক্ষীয়ে আশিক গুপ্তা, জিতু শৰ্মা আৰু কৰণ দাসক সোধা-পোছাৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছিল । আৰক্ষীৰ জেৰাত হত্যাকাৰী আশিক গুপ্তাই কেনেদৰে নিজৰ সম্পৰ্কীয় ভগ্নীক হত্যা কৰিছিল তাৰ সবিশেষ বৰ্ণনা কৰে ।

উল্লেখ যে, বুধবাৰে গুৱাহাটী মহানগৰীৰ উজানবজাৰৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ১৪ বছৰীয়া কিশোৰী ডিম্পল কুমাৱতৰ মৃতদেহ । অতি নৃশংসভাৱে কিশোৰীগৰাকীক হত্যা কৰা হৈছিল আৰু বৃহস্পতিবাৰে অৱশেষত ফাদিল হ’ল এই হত্যাকাণ্ডৰ ৰহস্য । আৰক্ষীয়ে জনোৱা অনুসৰি ডিম্পল কুমাৱতৰ সম্পৰ্কীয় ভাতৃ অভিষেক ওৰফে আশিক গুপ্তাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে ।

লগতে পঢ়ক : দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত এভুমুকি

ঘৰুৱা কন্দলৰ বাবে দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সৃষ্টি হয় আৰু প্ৰথমে এজনে সিজনক চৰিয়াই । ইয়াৰ পাছতে আশিক গুপ্তাই পটাগুটিৰে প্ৰহাৰ কৰে ডিম্পল কুমাৱতক । লগে লগে বাগৰি পৰি সংজ্ঞাহীন হৈ পৰা ডিম্পল কুমাৱতক আশিক গুপ্তাই প্ৰেচাৰ কুকাৰেৰে প্ৰহাৰ কৰাৰ উপৰি চুৰীৰে উপৰ্যুপৰি আঘাত কৰিছিল ।

নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত কিশোৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় । ঘটনাটো সংঘটিত কৰি ডিম্পল কুমাৱতৰ মোবাইল ফোনটো লৈ আঁতৰি গৈছিল আশিক গুপ্তা । ইয়াৰ পিছতেই দিনৰ প্ৰায় ১১.৩০ বজাত ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ডিম্পল কুমাৱতক । মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল । আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ পাছতে অভিযুক্ত আশিক গুপ্তাক লৈ আৰক্ষীয়ে অভিযান চলাইছিল ।

লগতে পঢ়ক : কৰ্তব্য নিষ্ঠাৰ অনন্য নিদৰ্শন নগাঁৱৰ দুই চিকিৎসক

আশিক গুপ্তাৰ বন্ধু বাৰোৱাৰীৰ চিণ্টু দাসৰ ঘৰৰ পৰা আৰক্ষী উদ্ধাৰ কৰে ডিম্পলৰ ম’বাইল ফোনটো । অভিযুক্তই এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল মোবাইলটো । মোবাইলৰ পৰা চিম কাৰ্ড পৃথক কৰিছিল অভিযুক্তই । কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰে ভডাফোন নেটৱৰ্কৰ চিমকাৰ্ডখনো । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৩০৩/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে ।

ইফালে মৰণোত্তৰ পৰীক্ষাৰ পাছত বৃহস্পতিবাৰে বিয়লি ডিম্পল কুমাৱতৰ মৃতদেহ উজানবজাৰৰ বাসগৃহলৈ অনা হয় । বিয়লি নৱগ্ৰহ শ্মশানত কিশোৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় । উল্লেখ যে, ডিম্পল কুমাৱতৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবীত পুৱাৰ ভাগত স্থানীয় ৰাইজে উজান বজাৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমদল কৰি গৈ লতাশিল থানা প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক : ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.