ETV Bharat / state

Press Meet of AAP: মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে; আপ

author img

By

Published : Aug 13, 2023, 7:15 PM IST

Press Conference of AAP Assam
আপ ৰাজ্যিক সমিতিৰ সংবাদমেল

এন আৰ আই কোটাত মেডিকেলৰ নামভৰ্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া আপৰ। চৰকাৰক মেধাৰ বিপৰীতে ডলাৰ লাগে ৷ ৬০০ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত মেধাৱী প্ৰাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ধনৰ বলত ১৬৮ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়েও সংৰক্ষণ ব্যৱস্থাৰে নাম ভৰ্তি কৰিব পাৰিছে ৷ এন আৰ আই কোটা বাতিলৰ দাবী আপৰ ৷

ন আৰ আই কোটাত মেডিকেলৰ নামভৰ্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া আপৰ

গুৱাহাটী, ১৩ আগষ্ট : মেডিকেল শিক্ষাৰ ক্ষেত্রত অসম চৰকাৰে কালান্তক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই অভিযোগ আম আদমী পাৰ্টী চমুকৈ আপৰ ৷ দেওবাৰে আপৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত দলটোৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই এন আৰ আই কোটাত মেডিকেলৰ নাম ভৰ্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

উল্লেখ্য যে ৰাজ্যিক কেবিনেটত এন আৰ আইৰ বাবে মেডিকেল কলেজত আসনৰ ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷ এই সংৰক্ষণ ব্যৱস্থাক লৈ শেহতীয়াকৈ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে এন আৰ আই কোটাৰ জৰিয়তে ৰাজ্যৰ চিকিৎসা খণ্ডৰ এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ পৰিবৰ্তে ডলাৰৰ ওপৰত অধিক গুৰুত্ব দিছে হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰে ৷

তেওঁ কয় যে নীট পৰীক্ষাত ৯০ শতাংশ নম্বৰ লাভ কৰি দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে মেধাৰ বলত মেডিকেল শিক্ষাত নাম ভৰ্তি কৰাৰ বিপৰীতে চৰকাৰে গ্ৰহণ কৰা সংৰক্ষণৰ কালান্তক সিদ্ধান্তৰ বাবে ধনৰ বলত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে একাংশ কম মেধা সম্পন্ন ছাত্র-ছাত্রীয়ে ৷

মেডিকেল শিক্ষাখণ্ডৰ বাবে এয়া অতি ভয়ানক কথা বুলি সদৰী কৰি তেওঁ কয় যে ৰাজ্যৰ জনসাধাৰনে ভাল আৰু উন্নত চিকিৎসা ব্যৱস্থা বিচৰাৰ সময়ত চৰকাৰে এই ব্যৱস্থাৰ জৰিয়তে মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে ৷

৬০০ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত মেধাৱী প্ৰাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে অভিভাৱকৰ ধনৰ বলত ১৬৮ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়েও এতিয়া এন আৰ আই কোটাত গুৱাহাটী মেডিকেল কলেজত নাম ভৰ্তি কৰিব পাৰিছে ৷

তাৎপর্যপূর্ণ বিষয় যে ১৪২, ১৫৩, ১৬৮, ১৭১ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়েও অসমৰ মেডিকেল কলেজ সমূহত এন আৰ আই কোটাৰ দ্বাৰা নামভৰ্তি কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যৰ চৰকাৰী সম্পত্তিসমূহ এফালৰ পৰা বিক্ৰী কৰা দেউলীয়া বিজেপি চৰকাৰখনৰ এতিয়া মেডিকেলৰ আসন কেইখনৰ ওপৰত চকু পৰিল বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে এই ব্যৱস্থাৰ সুযোগ লৈ ৰাজ্যত অনাগত দিনত এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত ছিণ্ডিকেট গঢ় লৈ উঠিব ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে তেওঁ দাবী জনায় ৷

লগতে পঢ়ক : Flood in Kaliabor: ৬ বছৰে কলিয়াবৰত বানত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.