ETV Bharat / state

Flood in Kaliabor: ৬ বছৰে কলিয়াবৰত বানত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ

author img

By

Published : Aug 13, 2023, 5:39 PM IST

Updated : Aug 14, 2023, 5:07 PM IST

অসাৰ প্ৰতিপন্ন হ’ল হিমন্ত বিশ্বৰ নিৰ্বাচনী ঘোষণা ৷ বিকাশৰ গংগা বোওৱাৰ প্ৰতিশ্ৰুতিৰে গঠিত হোৱা চৰকাৰৰ দিনত বান ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণৰ ধন ৷ ২০১৯ৰ লোকসভাৰ নিৰ্বাচনৰ পাচত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলিয়াবৰত আৰু ২০২২ চনৰ ১৪ ছেপ্তেম্বৰত মুখ‍্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ পাব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল ৷

Flood in Kaliabor
৬ বছৰে কলিয়াবৰত বানত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ

৬ বছৰে কলিয়াবৰত বানত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ

কলিয়াবৰ, ১৩ আগষ্ট: ছবছৰৰ পূৰ্বে আজিৰ দিনটোৰ পুৱতি নিশা হাতীমুৰা বান্ধ ভাঙি জলপ্ৰলয় হৈছিল সমগ্ৰ কলিয়াবৰত । হাতীমুৰা কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি ভাঙি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কলিয়াবৰৰ কলংপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ বুৰাই পেলোৱাৰ ছবছৰ সম্পূৰ্ণ হ'ল । যোৱা বছৰসমূহৰ দৰেই এইবাৰো ক্ষতিপূৰণ নোপোৱাৰা বেদনাৰে পাৰ কৰিলে কলিয়াবৰীয়া ৰাইজে ।

বানৰ সম্পূৰ্ণ এবছৰৰ পাছত ২০১৮ চনত ৮ আগষ্ট তাৰিখে কলিয়াবৰ মহকুমা প্ৰশাসনে বানাক্ৰান্তসকলৰ মাজত বিলাইছিল কেইখনমান ডেম' চেক । কিন্তু বানাক্ৰান্তৰ সাহায্যৰ তালিকাত ব্যাপক বিসংগতি হোৱাত ক্ষতিগ্ৰস্ত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰাৰ ফলত প্ৰশাসনে বাতিল কৰিছিল হিতাধিকাৰীৰ তালিকা । ৰাজপথ অৱৰোধ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাতে ক্ষান্ত নাথাকি তদানীন্তন জলসম্পদ মন্ত্ৰীৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰিছিল ক্ষুব্ধ ৰাইজে । ক্ষতিগ্ৰস্ত ৪৯৪৮ টা পৰিয়ালক মুঠ ৮ কোটি ৮৪ লাখ ৭২ হাজাৰ ১০০ টকাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰিছিল প্ৰশাসনে । বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত প্ৰশাসনে বন্ধ কৰি দিছিল মঞ্জুৰী পত্ৰ কাম ।

ৰাইজৰ প্ৰতিবাদত পাঁচ চৰকাৰী গাঁওবুঢ়া ক্ৰমে, প্ৰদীপ ভূঞা, উৎপল তামূলী, নিতুমণি ভঁৰালী, অনন্ত নাৰায়ণ হাজৰিকা আৰু নিৰ্মল কোঁৱৰক নিলম্বন কৰা হয় । কিন্তু ফলাফল একো নোলাল, গাঁওবুঢ়াৰ চাকৰি পুনৰ বাহাল হ'ল । স্বজন-তোষণৰে ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুতকৰ্তা নিলম্বিত পাঁচ চৰকাৰী গাঁওবুঢ়াৰ চাকৰি পুনৰ বাহাল হ'ল । তদন্তৰ প্ৰতিশ্ৰুতিৰ পাছতো নোলাল ক্ষতিপূৰণ তালিকাত কেলেংকাৰীৰ দোষী । দুৰ্নীতি, স্বজন-তোষণৰ পৰিণতিত বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আজিও নাপালে ক্ষতিপূৰণ ।

আনহাতে, ২০১৯ৰ লোকসভাৰ নিৰ্বাচনৰ ১০ দিন পাছতেই কলিয়াবৰত বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ পাব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন নিৰ্বাচনী সভাত ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যদিও কিন্তু সেয়া ফুটুকাৰ ফেনতহে পৰিণত হ'ল ।

দিন বাগৰিল । পৰৱৰ্তী ২০২১চনৰ ২২ মাৰ্চত হাজাৰ-হাজাৰ লোকৰ অংশগ্ৰহণেৰে কলিয়াবৰত বৃহৎ বাইক ৰেলীৰে বিকাশৰ গংগা বোৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা‌ । কলিয়াবৰৰ এক নিৰ্বাচনী সভাত উপস্থিত হৈ ২০১৭ চনত কলিয়াবৰৰ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশা নিৰসনৰ বাবে পূৰ্বৰ সাত কোটি টকাৰ পৰিৱৰ্তে পঁচিশ কোটি টকা মোকলাই দিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।

যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সেই প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোটেৰে মুখ‍্যমন্ত্ৰী হ'ল । প্ৰথম বৰ্ষৰ বাজেটত বান ক্ষতিগ্ৰস্তৰ কাৰণে ধন আৱণ্টন কৰা হৈছিল যদিও, বিধানসভাৰ নিৰ্বাচনী সভাত ঘোষণা কৰা পচিশ কোটি টকাৰ সাহাৰ্য‍্য সেই শিতানত ধৰা হ'লনে নাই জনা নগ'ল ।

ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী হোৱাৰ পাছত যোৱা বৰ্ষৰ ১৪ ছেপ্তেম্বৰ তাৰিখে কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয় উদ্বোধনী সভাত ভাষণ দি কলিয়াবৰৰ ২০১৭ চনৰ আগষ্টৰ বানত ক্ষতিপূৰণৰ প্ৰদানৰ ঘোষণা কৰে । পূৰ্বৰ দুখনকৈ নিৰ্বাচনী সভাৰ প্ৰতিশ্ৰুতিৰ পাছত আজি ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী হিচাপে কৰা ঘোষণাই কলিয়াবৰীয়া ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

কলিয়াবৰৰ বানাক্ৰান্ত লোকৰ ভূমিৰ নথি-পত্ৰ লৈ সূচিত হোৱা সমস‍্যাৰ বাবে পূৰ্বে নিৰ্ধাৰিত সাত কোটি টকা দিব পৰা হোৱা নাছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিছিল । কিন্তু ১৩ ছেপ্তেম্বৰ, ২০২২ চনত এক নিৰ্দেশনাত নগাঁও জিলাৰ উপায়ুক্তক ভূমিৰ নথি-পত্ৰ নিবিচৰাকৈয়ে ক্ষতিপূৰণ মুকলি কৰিবলৈ দিয়া হৈছিল যদিও আজি ক্ষতিগ্ৰস্তই এটকাও লাভ নকৰিলেই, আনকি নথি-পত্ৰ নিবিচাৰিলে ।

লগতে পঢ়ক: Home Ministers Medal of Excellence: অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়ালৈ গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক

Last Updated :Aug 14, 2023, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.