ETV Bharat / state

Prabin Boro joins in Congress: কংগ্ৰেছত যোগ দি বহু কথাই ক’লে প্ৰবীণ বড়োৱে

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:09 PM IST

কংগ্ৰেছত যোগ দিলে প্ৰাক্তন বিপিএফ নেতা প্ৰবীণ বড়োৱে ৷ বিপিএফ ত্যাগৰ পৰা কংগ্ৰেছত যোগ দিয়ালৈকে সুদীৰ্ঘ পৰিক্ৰমাৰ কথা নিজৰ ভাষণত আওঁৰালে নেতাগৰাকীয়ে ৷ ৰাজনৈতিক জীৱনত পোৱা তিতা-মিঠা অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিলে প্ৰবীণ বড়োৱে ৷

Prabin Boro joins in Congress
Prabin Boro express his gratitude

কংগ্ৰেছত যোগ দি বহু কথাই ক’লে প্ৰবীণ বড়োৱে

গুৱাহাটী, ১১ অক্টোবৰ: আছুৰ প্ৰাক্তন‌ সভাপতি, অগপৰ প্ৰাক্তন মুখপাত্ৰ তথা বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে বুধবাৰে কংগ্ৰেছ দলত যোগদান কৰে । যোগদানৰ পিছতে প্ৰবীন বড়োৱে সভাত ভাষণ দি কয় যে ভৱিষ্যতে নিষ্ঠা আৰু সততাৰে কংগ্ৰেছ দলৰ হৈ কাম কৰি যাব । জোলোঙাত লৈ ফুৰা দুডাল ফেঁটী সাপে তেওঁক কংগ্ৰেছলৈ লৈ আহিলে বুলি এক সাংকেতিক মন্তব্য কৰিলে প্ৰবীণ বড়োৱে ৷

তেওঁ কয়, ‘‘যেতিয়া মই বি পি এফ দল ত্যাগ কৰি কৰিছিলোঁ, তেতিয়া এমাহ পিছত মই জীতেন্দ্ৰ সিঙক ফোন‌ কৰিছিলোঁ । তেওঁ মোক সক্ৰিয় ৰাজনীতি কৰি থকাৰ বাবে আহ্বান কৰিছিল । গতিকে আজি সিঙৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

তেওঁ কয়, ‘‘কংগ্ৰেছ দললৈ অহাৰ কাৰণ হ’ল মই ২০০০ চনৰ পৰা‌ ২০২৩ চনলৈ‌ বহুত তিক্ততা পাইছো । অগপত যোগদান‌ কৰিছিলো, তাত জ্যেষ্ঠ নেতাৰ সৈতে মনোমালিন্য হ'ল । বিপিএফলৈ গ’লো তাতো মনোমালিন্য হ’ল । সুদীৰ্ঘ ‌ৰাজনৈতিক জীৱনত যথেষ্ট তিক্ততা পাইছোঁ । এই দলবোৰত যোগদান‌ কৰি বহুত অভিজ্ঞতা হৈছে । নেতাবোৰৰ যি চৰিত্ৰ সেয়া বুজি পাইছোঁ । নিজৰ স্বাৰ্থৰ বাবেহে একাংশ ৰাজনৈতিক নেতাই কাম কৰে ।’’

বড়োৱে লগতে কয়, ‘‘কংগ্ৰেছ দললৈ অহাৰ আগতে বহুত আলোচনা কৰিছোঁ । এটা দল আহিছিল দিল্লীৰ পৰা মোক দলটোত যোগদান‌ কৰোৱাৰ‌ বাবে । দলটোৰ নেতাক অসমৰ পৰা ৫০০ কোটি‌ৰ পেকেজ দিয়াৰ কথা কৈছিলোঁ । পিছত দলটো মোৰ ওচৰলৈ নাহিল ।’’

ইফালে অৰাজনৈতিকভাৱে কাম কৰাৰ মানসেৰে তেওঁ খোজ দিব খুজিছিল বুলি উল্লেখ কৰি কয় যে, আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়ৰ লগতো আলোচনা কৰি তেওঁক কংগ্ৰেছ ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু ৰায়ে তেওঁকহে কংগ্ৰেছলৈ আনিবলৈ এক "চক্ৰান্ত" ৰচনা কৰিলে ৷

প্ৰবীণ বড়োৰ লগতে থকা দ্বীপজ্যোতি চহৰীয়া আৰু হেমন্ত অধিকাৰীক লগাই তেওঁক কংগ্ৰেছত যোগ দিবলৈ প্ৰৰোচিত কৰা বুলি কয় নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মই জনা নাছিলোঁ যে সাংঘাটিক দুটা চকৰী ফেঁটী সাপ মই জোলোঙাত লৈ ফুৰিছোঁ ৷ চুকত থাকি বুকুত কামুৰি আছিল দ্বীপজ্যোতি চহৰীয়াই ৷ আজি কংগ্ৰেছলৈ অহাৰ পথ নিৰ্মাণত শংকৰ প্ৰসাদ ৰায় আৰু দ্বীপজ্যোতি চহৰীয়াৰ যথেষ্ট অৰিহণা আছে ৷’’ কংগ্ৰেছ দলত ব্যক্তি স্বাৰ্থ ত্যাগ কৰি গঠনমূলক কাম কৰাৰ ক্ষেত্ৰত সদায় আগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰবীণ বড়োৱে ।

লগতে পঢ়ক: Congress joining program: কংগ্ৰেছলৈ অহাৰ পথত বহু প্ৰভাৱশালী ৰাজনৈতিক নেতা: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.