Congress joining program: কংগ্ৰেছলৈ অহাৰ পথত বহু প্ৰভাৱশালী ৰাজনৈতিক নেতা: ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:35 PM IST

thumbnail

গুৱাহাটী, ১১ অক্টোবৰ: ‘‘কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে বহুত নেতাৰ সৈতে আলোচনা চলি আছে ।’’ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে কংগ্ৰেছ‌ৰ যোগদান কাৰ্যসূচীত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই‌ দাবী কৰে ৷ তেওঁ কয় যে আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক কৰ্ণধাৰ কমিটিৰ সভা অনুষ্ঠিত ‌হ’ব । সভাত মুখ্যতঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ আৰু কংগ্ৰেছত ৰাজনৈতিক দলৰ নেতাৰ যোগদান আদি বিষয়ত আলোচনা কৰা‌ হ'ব ।

বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এইখন চৰকাৰৰ সাত বছৰৰ শাসনকালত অসমৰ ৰাইজে বহুত যন্ত্ৰণা পাইছে । মানুহক  দিন ডকাইতি কৰি বিজেপিয়ে চৰকাৰ চলাই আছে । দুৰ্নীতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ছানি ধৰিছে । এটা পৰিয়ালে সম্পত্তিৰ পাহাৰ গঢ়িছে । কংগ্ৰেছ  দলে অসমত ইয়াৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছে ।

তেওঁ লগতে কয় যে অসমপ্ৰেমীসকলে ৰাজ্যখন ৰক্ষা কৰাৰ বাবে কংগ্ৰেছত যোগদান কৰিছে । ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে ৫০০ টকা‌ত মানুহক ৰন্ধন গেছ যোগান ধৰি আছে আৰু অসমত মানুহে ১২০০ টকাত ৰন্ধন গেছ ক্ৰয় কৰি আছে বুলি ভাষণত উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

ভূপেন বৰাই কয় যে অসমত কংগ্ৰেছ চৰকাৰ আহিলে ২০০ ইউনিট বিজুলী মানুহক বিনামূলীয়াকৈ দিয়া হ'ব । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব ।‌ তেওঁ লগতে জনায় যে কংগ্ৰেছত যোগদান কৰা‌সকলক যোগ্যতা অনুসৰি কংগ্ৰেছত কামৰ দায়িত্ব দিয়া হ'ব । কংগ্ৰেছক এখন সাগৰৰ সৈতে তুলনা কৰি তেওঁ কয় যে ইয়াত ক’ৰ পৰা আহি পানী পৰিছে সেয়া বিচাৰ কৰা নহয় ৷

লগতে পঢ়ক: APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.