ETV Bharat / state

GMC Election 2022 : ১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি

author img

By

Published : Apr 10, 2022, 2:17 PM IST

ৰাজ্যিক নিৰ্বাচন আয়োগ(State Election Commission) ৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে (Change Of Polling stations with more than 1500 voters) । এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪ টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ।

changing voting center
১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি

গুৱাহাটী, ১০ এপ্ৰিল: ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) । নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে নিৰ্বাচনী আয়োগে । নিৰ্বাচন সুকলমে অনুষ্ঠিত হয়, তাৰ বাবে জাৰি কৰিছে ভিন্ন নিৰ্দেশনা । ৰাজ্যিক নিৰ্বাচন আয়োগ(State Election Commission)ৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে(Change OF Polling stations with more than 1500 voters) ।

এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪ টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । কামৰূপ(ম) জিলাৰ উপায়ুক্ত কাৰ্যালয় সভাকক্ষত শনিবাৰে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ আহ্বান মৰ্মে সকলো বুথ, চেক্টৰ, জনেল তথা চক্ৰ বিষয়াৰ উপস্থিতিত আয়োজিত এখন সভাত কামৰূপ(ম) জিলা নিৰ্বাচন কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে ।

ৱাৰ্ড নম্বৰ তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা বিষয়টো ভোটাৰসকলৰ ঘৰে ঘৰে গৈ অৱগত কৰি তেওঁলোকৰ স্বাক্ষৰ সম্বলিত তথ্য প্ৰাপ্তি স্বীকাৰ পত্ৰ সংগ্ৰহ কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক উপায়ুক্তই পৰামৰ্শ আগবঢ়ায় । উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে ৫, ৬ আৰু ২২ নং ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে সেই ৱাৰ্ড তিনিটাত নিৰ্বাচন অনুষ্ঠিত নহয় ।

উক্ত ৱাৰ্ড তিনিটাৰ ভোটাৰসকলৰ ৱাৰ্ড আৰু ভোটগ্ৰহণ কেন্দ্ৰ সলনিৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ আহ্বান জনায় । ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা ভোটাৰসকলৰ মাজত নিৰ্বাচনৰ দিনা ভোটদানৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক তেওঁ পৰামৰ্শ দিয়ে ।

আনহাতে, জিলা কৰ্তৃপক্ষই ভোটাৰ ৰাইজৰ সুবিধা হোৱাকৈ ০৩৬১-৩৫৬৬৩৬৯ নম্বৰৰ এটা হেল্প লাইন মুকলি কৰিছে । সভাত সহকাৰী ৰিটাৰ্ণিং বিষয়া ক্ৰমে, বিপুল কুমাৰ দাস, ডাঃ ধ্ৰুৱজ্যোতি হাজৰিকা, গৌৰী শংকৰ দাস আৰু সত্যজ্য়োতি বৰুৱাৰ উপৰিও নিৰ্বাচন বিষয়া শেখৰণ ফুকন উপস্থিত থাকে ।

উল্লেখিত ২৪ টা স্থানৰ সলনি হোৱা ৱাৰ্ড আৰু ভোটাৰৰ সংখ্যা হৈছে এনে ধৰণৰ—৫ নং ৱাৰ্ডৰ ৭৭ গৰাকী ভোটাৰ ৬ নং ৱাৰ্ডলৈ, ৮ নং ৱাৰ্ডৰ ৯৬ গৰাকী ভোটাৰ ৭ নং ৱাৰ্ডলৈ, ৪৮ নং ৱাৰ্ডৰ ২৪৮ গৰাকী ভোটাৰ ৪১ নং ৱাৰ্ডলৈ, ৪৯ নং ৱাৰ্ড (৪ নং বুথ, বাওঁ শাখা) ৰ ২৬৮ গৰাকী ৫১ নং ৱাৰ্ডলৈ, ৪৯ নং ৱাৰ্ডৰ ( ৬ নং বুথ, বাওঁ শাখা) ৰ ৩৮৩ গৰাকী ৫১ নং ৱাৰ্ডলৈ সলনি কৰা হৈছে ।

৫৯ নং ৱাৰ্ডৰ ১০১ গৰাকী ভোটাৰ ৪৯ নং ৱাৰ্ডলৈ, ৫৫ নং ৱাৰ্ডৰ ২৩৬ গৰাকী ভোটাৰ ৫৭ নং ৱাৰ্ডলৈ, ৫৯ নং ৱাৰ্ডৰ ২২২ গৰাকী ভোটাৰ ৫১ নং ৱাৰ্ডলৈ, ৫৯ নং ৱাৰ্ডৰ ১৫৬ গৰাকী ভোটাৰ ৬০ নং ৱাৰ্ডলৈ, ৬০ নং ৱাৰ্ডৰ ২৩ গৰাকী ভোটাৰ ৪৬ নং ৱাৰ্ডলৈ, ৬০ নং ৱাৰ্ডৰ ২৫ গৰাকী ভোটাৰ ৫৯ নং ৱাৰ্ডলৈ, ৪৬ নং ৱাৰ্ডৰ ১৮৫ গৰাকী ভোটাৰ ৬০ নং ৱাৰ্ডলৈ সলনি কৰা হৈছে ।

সমান্তৰালভাৱে ১৭ নং ৱাৰ্ডৰ ৩৪০ গৰাকী ভোটাৰ ৩১ নং ৱাৰ্ডলৈ, ২৭ নং ৱাৰ্ডৰ ১৮৮ গৰাকী ভোটাৰ ২৯ নং ৱাৰ্ডলৈ, ৩৫ নং ৱাৰ্ডৰ ৩০৫ গৰাকী ভোটাৰ ৩৬ নং ৱাৰ্ডলৈ, ৩৫ নং ৱাৰ্ডৰ ২৯৬ গৰাকী ভোটাৰ ৩৪ নং ৱাৰ্ডলৈ, ৪০ নং ৱাৰ্ডৰ ৪৮৯ গৰাকী ভোটাৰ ২৬ নং ৱাৰ্ডলৈ, ৫৪ নং ৱাৰ্ডৰ ৩৭৪ গৰাকী ভোটাৰ ৫৩ নং ৱাৰ্ডলৈ, ১৪ নং ৱাৰ্ডৰ ১৭৯ গৰাকী ভোটাৰ ১৫ নং ৱাৰ্ডলৈ সলনি কৰা হয় ।

২৩ (৩ নং বুথ মধ্য শাখা) নং ৱাৰ্ডৰ ১১০ গৰাকী ভোটাৰ ১১ নং ৱাৰ্ডলৈ, ২৩ নং ৱাৰ্ডৰ (৪নং বুথ, বাওঁ শাখা) ১৫৮ গৰাকী ভোটাৰ ১১ নং ৱাৰ্ডলৈ, ২৫ নং ৱাৰ্ডৰ (৫ নং বুথ বাওঁ শাখা) ১৯৬ গৰাকী ভোটাৰ ৪৩ নং ৱাৰ্ডলৈ, ২৫ নং ৱাৰ্ডৰ (৯ নং বুথ, মধ্য শাখা) ২৫৪ গৰাকী ভোটাৰ ৪৩ নং ৱাৰ্ডলৈ, আৰু ১০ নং ৱাৰ্ডৰ ৩৪৩ গৰাকী ভোটাৰ ২ নং ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে, ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: মে’ ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডৰ সংযোগ কৰাতো বাধ্য়তামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.