ETV Bharat / city

মে’ ৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডৰ সংযোগ কৰাতো বাধ্য়তামূলক

author img

By

Published : Apr 10, 2022, 10:03 AM IST

CM Review meeting with food civil supply
মে'ৰ ভিতৰত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰিব লাগিব

দিশপুৰস্থিত জনতা ভৱনত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক(CM Review meeting with food civil supply) অনুষ্ঠিত । 1 মে'ৰ পৰা প্ৰতি মাহে NFSA আৰু PMGKY ৰ অধীনত হিতাধিকাৰীসকলক বিনামূলীয়া ৰেচন সামগ্ৰী যোগান ধৰি অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলক কমিচন আৰু পৰিবহণ মাচুল প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷

গুৱাহাটী, 10 এপ্ৰিল : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই শনিবাৰে জনতা ভৱনত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হয় এক বৈঠক(CM Review meeting with food civil supply) ত ৷ মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইন আৰু প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে । তেওঁ লগতে এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

CM Review meeting with food civil supply
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি 1 মে'ৰ পৰা ৰাজ্য চৰকাৰে প্ৰতি মাহে NFSA আৰু PMGKY ৰ অধীনত হিতাধিকাৰীসকলক বিনামূলীয়া ৰেচন সামগ্ৰী যোগান ধৰি অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলক কমিচন আৰু পৰিবহণ মাচুল প্ৰদান কৰিব । দুয়োখন আঁচনিৰ অধীনত বিনামূলীয়া ৰেচন সামগ্ৰী লাভ কৰাতো অব্যাহত ৰাখিবলৈ সকলো হিতাধিকাৰীয়ে মে' মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংলগ্নকৰণ সম্পূৰ্ণ কৰিব লাগিব(Link ration card with Aadhaar card is mandatory before May) ।

আনহাতে, সকলো সুলভ মূল্যৰ ব্যৱসায়ীসকলে ই-পি অ' এছ যন্ত্ৰ ব্যৱহাৰ কৰাৰ সন্দৰ্ভতো মুখ্য়মন্ত্ৰীয়ে অনুমতি প্ৰদান কৰে । অন্যথা তেওঁলোকৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব । বৈঠকত সাংসদ পল্লৱ লোচন দাসৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : যোৰহাটৰ তিনিদিনীয়া স্ব-নিয়োজন মেলাৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.